ভূত (কিংবদন্তি)
ভূত (সংস্কৃত: भूत,, ৰোমানীকৃত: bhūta) হৈছে ভাৰতীয় উপমহাদেশৰ জনপ্ৰিয় সংস্কৃতি, সাহিত্য আৰু কিছুমান প্ৰাচীন গ্ৰন্থত বৰ্ণিত এক অতিপ্ৰাকৃতিক জীৱ।[1] ভূতবোৰ কেনেকৈ অস্তিত্বলৈ আহে তাৰ ব্যাখ্যা অঞ্চল আৰু সম্প্ৰদায় অনুসৰি ভিন্ন হয়। সাধাৰণতে ইহঁতক স্বৰ্গপ্ৰাপ্তিত বাধা আৰোপ কৰা কিছুমান কাৰকৰ বাবে ইহঁত বিচলিত আৰু অস্থিৰ বুলি ধৰা হয়। এই কাৰণবোৰ ভয়ানক মৃত্যু, জীৱনৰ অমিমাংসিত বা অসম্পূৰ্ণ আশা অথবা সঠিক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন নকৰা ইত্যাদি হ’ব পাৰে।[1]
প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি উপমহাদেশখনৰ জনসাধাৰণৰ মনত ভূতৰ ওপৰত বিশ্বাস গভীৰভাৱে শিপাই আছে। সাধাৰণতে ভূত-প্ৰেতৰ বাসস্থান বুলি চিহ্নিত কৰা স্থানসমূহ হৈছে শ্মশান, জৰাজীৰ্ণ অট্টালিকা, ৰজাৰ অট্টালিকা, ডাক-বঙলা, দুৰ্গ, জ্বলি থকা ঘাট ইত্যাদি। বাংলা সংস্কৃতিতো ভূতে উল্লেখযোগ্য স্থান দখল কৰিছে। ভূত আৰু বিভিন্ন অলৌকিক সত্তাই বাংলাদেশ আৰু ভাৰতীয় পশ্চিম বংগ ৰাজ্যৰ মুছলমান আৰু হিন্দু উভয় সম্প্ৰদায়ৰ সামাজিক-সাংস্কৃতিক বিশ্বাসৰ এক অবিচ্ছেদ্য অংগ। সাধুকথাত প্ৰায়ে ভূতৰ ধাৰণা ব্যৱহাৰ কৰা হয় আৰু অস্বাভাৱিক কাৰ্যকলাপৰ উল্লেখ আধুনিক ভাৰতীয় সাহিত্য, চলচ্চিত্ৰ, ৰেডিঅ’ আৰু দূৰদৰ্শন অনুষ্ঠানত যথেষ্ট পৰিমাণে পোৱা যায়। পাকিস্তানত জিন শব্দটো আৰবী জিন আৰু ভূত দুয়োটাকে বুজাবলৈ ব্যৱহাৰ কৰা হয়। আৰবী আৰু পাৰ্চী পৌৰাণিক কাহিনীৰ দ্বাৰা প্ৰভাৱিত পাকিস্তানী সমাজত ভূতৰ পৰিচয় অধিক বৈচিত্ৰময় আৰু তৰল।
ব্যুৎপত্তি আৰু প্ৰবচন
সম্পাদনা কৰকভূত মূলতঃ এটা সংস্কৃত শব্দ। ইয়াৰ অৰ্থ হৈছে ‘অতীত’ আৰু ‘সত্তা’।[2] এই শব্দটোৰ সৈতে “ভাৰত-ইউৰোপীয় ভাষা”ৰ সৈতে ব্যাপক সম্পৰ্ক আছে, যেনে “*ভেউ/*ভু-” আদি। এই ভাষা পৰিয়ালৰ অন্তৰ্গত প্ৰায়বোৰ ভাষাতে একে ধৰণৰ সম্পৰ্কীয় শব্দ দেখা পোৱা যায়, যেনে, আইৰিছ (bha), ইংৰাজী (be), লাটভিয়ান (but), আৰু পাৰ্চী (budan) ইত্যাদি।[3][4]
উত্তৰ উপমহাদেশৰ হিন্দুস্তানী, পাঞ্জাবী, কাশ্মীৰী, বাংলা, সিন্ধী আদি ভাষাত ভূতৰ ধাৰণাটো প্ৰবচনত ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। “গাত ভূতে লম্ভা" (ভূত ছৱাৰ হৌনা) মানে কোনো এটা বস্তুটো পাবৰ বাবে আগ্ৰহ প্ৰকাশ কৰা বা কোনো লক্ষ্য প্ৰাপ্তিৰ বাবে অদম্যভাৱে কাম কৰা। ইয়াৰ বিপৰীতে “ভূত আঁতৰি যোৱা” (ভূত উতৰ্ণা) মানে কোনো আৱেগ ভাঙি পেলোৱা বা পূৰ্বতে বিশ্বাস কৰা ধাৰণাৰ প্ৰতি থকা ভুল উপলব্ধি কৰা।[5][6] “ভূত দেখা দি দেখা” (ভূত লগ্না) মানে বিচ্ছিন্ন আৰু কুৎসিত যেন দেখা বা হাস্যকৰ সাজ-পোছাক পৰিধান কৰা। যি ঘৰ বা অট্টালিকা অশুচি, বহু পুৰণি, ৰক্ষণাবেক্ষণ নকৰা বা নিৰ্জন, সেই ঘৰ বা অট্টালিকাক কেতিয়াবা তুচ্ছ-তাচ্ছিল্যমূলকভাৱে ভূত বাংলা বুলিও কোৱা হয়।[7]
ভূত শব্দ দক্ষিণ-পূব এছিয়াৰ বহু দূৰ-দূৰলৈ দেখা পোৱা যায়: ই সংস্কৃতৰ জৰিয়তে জাভানী ভাষাত বুটা (buta) নামেৰে প্ৰৰিচিত সাধাৰণতে জয়াল ঠাইত বাস কৰা এটা কু-অভিপ্ৰায়ী আত্মা/আসুৰিক দৈত্যক বুজায়, ই বুটা চাকিলৰ (Buta Cakil) দৰে ৱায়াং কাহিনীত বৰ্ণিত দুষ্ট দৈত্যৰ ধাৰাকো বুজায়। মালয় জগতত ই মালয় এনালছত উল্লেখ কৰা জিন সদৃশ জীৱৰ ৰূপলৈ বিৱৰ্তন ঘটিছে;[8] পেৰাক নদীৰ সমভূমিত বাস কৰা একেধৰণৰ একে বৈশিষ্টযুক্ত কিন্তু বৃহৎ আকাৰৰ এটা জীৱ সম্পৰ্কীয় কিংবদন্তি পোৱা যায়। ইয়াৰ নামেৰেই মালয় উপদ্বীপৰ উত্তৰত অৱস্থিত এখন চহৰক বোটা নামেৰে নামকৰণ কৰা হৈছে।[9]
ভূতৰ বৈশিষ্ট্য
সম্পাদনা কৰকভূতে ইচ্ছামতে বিভিন্ন প্ৰাণীৰ ৰূপ ল’ব, কিন্তু বেছিভাগে সময়তে ইয়াক মানুহৰ ৰূপত দেখা যায়।[10] কিন্তু ইহঁতৰ ভৰি দুখন প্ৰায়ে পিছলৈ মুখ কৰি থাকে।[11] যিহেতু ভাৰতীয় উপমহাদেশৰ বহু পৰম্পৰাত পৃথিৱীখনক পবিত্ৰ অথবা অৰ্ধপবিত্ৰ বুলি গণ্য কৰা হয়, সেয়েহে ভূতবোৰে মাটিৰ সংস্পৰ্শৰ পৰা হাত সাৰিবলৈ বহু কষ্ট কৰি ওপঙি থাকিবলৈ যত্ন কৰে।[11] তদুপৰি ভূতৰ কোনো ছাঁ নাই, আৰু নাকৰ শব্দৰে কথা কয়।[12] ইহঁতে প্ৰায়ে কোনো নিৰ্দিষ্ট গছৰ ডালত আত্মগোপন কৰি থাকে আৰু বগা কাপোৰ পিন্ধি থাকে।[13] কেতিয়াবা ভূতেবোৰে কিছুমান নিৰ্দিষ্ট ঘৰত (তথাকথিত ভূত বাংলা বা ভূত বাংলো) অৱস্থান কৰে। সেই ঘৰটোৰ সৈতে সাধাৰণতে ভূতবোৰৰ অতীতৰ স্মৃতি, যেনে মৃত্যুৰ স্মৃতি বা অন্য কোনো গভীৰ তাৎপৰ্য্য আদি জড়িত থাকে।[14]
বিভিন্ন অঞ্চলৰ ভূতৰ কাহিনীত বিভিন্ন উপাদানৰ সংমিশ্ৰণ ঘটে। উদাহৰণস্বৰূপে, যদি কোনো লোক ভূতৰ সংস্পৰ্ষলৈ আহে তেন্তে তেওঁ পলায়ন কৰিব নোৱাৰে বা প্ৰতিকাৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। তাৰ বিপৰীতে তেওঁ অজানিতে ভূতৰ সংগ মানি লয় (যেনে, হাবিৰ মাজেৰে খোজ কাঢ়ি যোৱাৰ সময়ত মানুহৰ ৰূপত ভূত লগ পোৱা, বা যাত্ৰা পথত কোনো সুন্দৰী যুৱতী লগ পাই নিজৰ গাড়ীত তুলি লোৱা)। তেওঁলোকে ক্ৰমান্বয়ে সচেতন হৈ পৰে কাৰণ তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকৰ সংগীয়ে সম্পূৰ্ণ বগা সাজ-পোছাক পিন্ধিছে আৰু মাতটো অদ্ভুত তথা নাকেৰে মাতিছে, ভৰি দুখন পিছলৈ মূৰ কৰা, বা চন্দ্ৰৰ পোহৰত তেওঁ/তাইৰ ছাঁ মাটিত পৰা নাই, বা মাটিত স্পৰ্শ নকৰাকৈ খোজ কাঢ়িছে ইত্যাদি। এইখিনি উপলব্ধি লোকজনৰ মনলৈ অহা সময়তে সংগীজন অদৃশ্য হৈ যায়। ভূতবোৰে গাখীৰ বিচাৰি গাখীৰতে মিলি যায় বুলি কোৱা হয়। ভূতে দূষিত কৰা গাখীৰ খোৱাৰ ফলত মানুহৰ গাত ভূত লম্ভে বুলি গণ্য কৰা হয়।[12]
গৰ্ভাৱস্থা বা প্ৰসৱৰ সময়ত মৃত্যু হোৱা মহিলাৰ ভূতক চুড়ে'ল (নেপাল আৰু পূব ভাৰতত ডাকিনি) বুলি জনা যায়। চুড়ে'লবোৰ দেখাত মহিলাৰ দৰে, কিন্তু ভৰি দুখন পিছলৈ ঘূৰাই বা আন কিছুমান বিপৰীত বৈশিষ্ট্যযুক্ত। ইহঁতে যিকোনো সময়তে নিজৰ ৰূপ সলনি কৰিব পাৰে। চুড়ে'লবোৰে প্ৰায়ে পথ অতিক্ৰম কৰা ঠাই আৰু পথাৰ বা অনুৰূপ ঠাইত ডেকা ল’ৰাক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰে। যদি কোনো পুৰুষ চুড়ে'লৰ প্ৰতি আকৃষ্ট হয় তেন্তে তাই তেওঁৰ মৃত্যুৰ কাৰণ হয় বুলি বিশ্বাস কৰা হয়। কিন্তু চুড়ে'লৰ লগত থকা মানুহৰ কাহিনীও আছে, আনকি চুড়ে'লৰ লগত বিবাহ কৰা কাহিনীও পোৱা যায়।
ভূতৰ প্ৰতিকাৰ
সম্পাদনা কৰকবহু অঞ্চলত ভূতে পানী আৰু লোহা বা তীখাৰে নিৰ্মিত বস্তুলৈ ভয় কৰে বুলি কোৱা হয়, গতিকে এইবোৰৰ যিকোনো এটা হাতৰ ওচৰত ৰাখিলে ইহঁতৰ পৰা সুৰক্ষা পোৱা যায় বুলি বিশ্বাস কৰা হয়।[15] জ্বলা হালধিৰ গোন্ধ[12] আৰু ভূতকেশী নামৰ এবিধ বনৌষধিৰ আঁহবোৰেও ভূতক আঁতৰত ৰাখে বুলি কোৱা হয়।[16] পবিত্ৰ বস্তু আৰু দেৱতাৰ নামৰ উচ্চাৰণ কৰিলেও ভূত আতঁৰি যায় বুলি কোৱা হয়। নিজৰ ওপৰত মাটি ছটিয়াই দিলেও ভূতৰ পৰা ৰক্ষা পোৱা যায় বুলি কিছুমান অঞ্চলত বিশ্বাস কৰা হয়।[17] হিন্দু ধৰ্ম আৰু আন বহু ধৰ্মৰ ধৰ্মীয় বিশ্বাসমতে আত্মাক কেতিয়াও ধ্বংস কৰিব নোৱাৰি। যিহেতু ভূতবোৰো কোনো মৃত ব্যক্তিৰ হেৰাই যোৱা, ক্ৰোধিত বা অতৃপ্ত আত্মা, সেয়ে হিন্দু ভূত-প্ৰেত খেদা ব্যক্তিসকলে তেওঁলোকক ধ্বংস নকৰে (বা কৰিব নোৱাৰে) বৰঞ্চ অথৰ্ববেদত বৰ্ণিত আত্মা-শান্তি নামৰ এক অনুষ্ঠান পালন কৰে। এই অনুষ্ঠানৰ দ্বাৰা ভূত লম্ভা ব্যক্তিজনৰ যোগেদি সেই ভূতৰ পুনৰ জনমৰ বাবে নাইবা আধৰুৱা আশা পূৰণৰ প্ৰতিশ্ৰুতি দি কেৱল এটা পৰিৱৰ্তিত শ্ৰাদ্ধ (মৃত্যুৰ বাৰ্ষিকী) সম্পন্ন কৰা হয়। এই কাৰ্য্যই ভূতে বিচৰাখিনি প্ৰাপ্ত কৰে, ফলত ব্যক্তিজনৰ দেহৰ পৰা ওলাই যায়।[18]
সুৰক্ষাকাৰী আত্মা
সম্পাদনা কৰকপূজনীয় বীৰ, উগ্ৰ আৰু দুষ্ট সত্তা, হিন্দু দেৱতা আৰু জীৱ-জন্তুৰ আত্মাবোৰক ভুলকৈ “ভূত” বা “দানৱ” বুলি কোৱা হয়, প্ৰকৃততে এই আত্মাবোৰ সুৰক্ষাকাৰী আৰু উপকাৰী সত্তা। তথাপিও ইহঁতে কেতিয়াবা হিংস্ৰ ৰূপত ক্ষতি সাধন কৰিব পাৰে। যিহেতু ইহঁত অত্যন্ত শক্তিশালী, সেয়েহে ইহঁতক ভূত আৰাধনা নামৰ পূজা বা প্ৰসাদৰ দ্বাৰা শান্ত কৰিব পাৰি।[19]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 Britannica; Dale Hoiberg; Indu Ramchandani (2000), Students' Britannica India, Volumes 1-5, Popular Prakashan, 2000, ISBN 978-0-85229-760-5, https://books.google.com/books?id=Kpd9lLY_0-IC, "... Bhut also spelt bhoot, in Hindu mythology, a restless ghost. Bhoots are believed to be malignant if they have died a violent of premature death or have been denied funerary rites ..."
- ↑ Henk W. Wagenaar; S. S. Parikh; D. F. Plukker; R. Veldhuijzen van Zanten (1993), Allied Chambers transliterated Hindi-Hindi-English dictionary, Allied Publishers, 1993, ISBN 978-81-86062-10-4, https://books.google.com/books?id=H1LzD8-iipgC, "... bhūt भूत (m.) a ghost; an evil spirit; ... the past tense (also bhūtkāl भूतकाल); (adj.) past, bygone ..."
- ↑ Leon Stassen (2003), Intransitive Predication: Oxford Studies in Typology and Linguistic Theory, Oxford University Press, 2004, ISBN 978-0-19-925893-2, https://books.google.com/books?id=DLh8QODmcEsC, "... one of the most wide-spread roots in Indo-European - namely, *bheu/*bhu-. This root, which can be found in practically all branches of the family ... Welsh bod, Irish bha, Scottish Gaelic ba; English be ... Latvian but ... Russian byt' ... Modern Persian budan; Vedic bhu- ..."
- ↑ William H. Snyder (2001), Time, Being, and Soul in the Oldest Sanskrit Sources, Global Academic Publishing, 2001, ISBN 978-1-58684-072-3, https://books.google.com/books?id=hoI4dvN_f0kC, "... derived in Sanskrit from the two verb roots (Indo-European *es- and *bheu-) ... bhūtam n. "being, creature" ..."
- ↑ Seminar, Issues 525-529, R. Thapar, 2003, 2003, https://books.google.com/books?id=5kvhAAAAMAAJ, "... Filmi bhoot savaar tha na [I was obsessed with films] ..."
- ↑ Nonica Datta (1999), Forming an identity: a social history of the Jats, Oxford University Press, 1999, ISBN 978-0-19-564719-8, https://books.google.com/books?id=sBBuAAAAMAAJ, "... Is bholepan ke bhoot ko syr se utar de ... Get rid of your naivete ..."
- ↑ Lt Gen Yashwant Mande (2001), Terror In Kashmir & Other Stories, Prabhat Prakashan, 2009, https://books.google.com/books?id=dMEgAQAAIAAJ, "... The house had developed a shabby look. No visitors came. It had become a bhoot bangla ..."
- ↑ Ahmat Adam (2016). Antara Sejarah dan Mitos: Sejarah Melayu & Hang Tuah dalam Historiografi Malaysia. Strategic Information and Research Development Centre. পৃষ্ঠা. 104. ISBN 978-967-2165-93-4. https://books.google.com/books?id=y7f4DwAAQBAJ&q=%22bhuta%22+bota+malay&pg=PA104.
- ↑ Maxwill, Sir William George (1925). In Malay Forests. প্ৰকাশক Edinburgh: William Blackwood and Sons. ISBN 978-1-177-61260-9. Archived from the original on 2023-09-19. https://web.archive.org/web/20230919220754/https://upnih.pnm.gov.my/myrepo-public/welcome/content/browse-content/read/5254। আহৰণ কৰা হৈছে: 2024-03-03.
- ↑ R.E. Enthoven; Arthur Mason Tippetts Jackson (1989), Folklore Notes - 2 Vols, Asian Educational Services, 1989, ISBN 978-81-206-0485-8, https://books.google.com/books?id=r9OvKNJYfSMC, "... it is believed that ghosts or evil spirits have the form of a human being, but their feet are turned backwards ... They can change their forms at any time ..."
- ↑ 11.0 11.1 "Anthropos". Anthropos (Zaunrith'sche Buch-, Kunst- und Steindruckerei) খণ্ড 57. 1962. https://books.google.com/books?id=FR4TAAAAIAAJ. "... its feet are twisted and turned backwards. The bhut always floats one foot above the ground ...".
- ↑ 12.0 12.1 12.2 William Crooke (1896), The popular religion and folk-lore of northern India, Volume 1, A. Constable & Co., 1896, p. 237, https://books.google.com/books?id=sRe6DpWKEScC, "... they are very fond of milk ... Bhuts can never sit on the ground ... ... three infallible tests by which you may recognize a Bhut. In the first place he casts no shadow ... can stand anything in his neighbourhood but the scent of burning turmeric ... always speaks with a nasal twang ..."
- ↑ Office of the Registrar General (1967), Census of India, 1961, Volume 8, Part 6, Issue 9, Manager of Publications, Government of India, 1962, https://books.google.com/books?id=8rrUAAAAMAAJ, "... Bhoot: This malevolent male spirit appears in spotless white clothes. Its abode is trees and field-embankments. It appears and disappears in moments ..."
- ↑ Amaresh Misra (1998), Lucknow, fire of grace: the story of its revolution, renaissance and the aftermath, HarperCollins Publishers India, 1998, ISBN 978-81-7223-288-7, https://books.google.com/books?id=CG0wAQAAIAAJ, "... bhoot bangla - haunted mansion ..."
- ↑ Gurnam Singh Sidhu Brard (2007), East of Indus: my memories of old Punjab, Hemkunt Press, 2007, p. 269, ISBN 978-81-7010-360-8, https://books.google.com/books?id=UUdYFH9skIkC&q=iron&pg=PA269, "... desirable to keep water handy, since the bhoot avoided water. Another object useful for warding off the bhoot was anything made of iron. It need not be a sword or knife; even a steel bracelet was supposed to be protective ..."
- ↑ Singh, Harish "Importance of local names of some useful plants in ethnobotanical study", Indian Journal of Traditional Knowledge vol 7 (2), April 2008, pps. 365-370 [ plant listed in table under synonym Selinum candollii DC ]
- ↑ Ellen Winner (2003-11-01), World Shaman: Encountering Ancient Himalayan Spirits in Our Time, iUniverse, 2003, ISBN 978-0-595-28836-6, https://books.google.com/books?id=fZxWuQkIjH0C, "... I saw a huge shadow was moving there and here. Slowly that shadow changed in human's shape and walking towards me. I thought some kind bhut was trying to attack me. I hurriedly speak the mantra, picked up a little dust from the ground ..."
- ↑ Devdutt Pattanaik (2006), Myth=Mithya, Penguin Books India, 2006, p. 77,78, ISBN 978-0-14-309970-3, "...ghosts are not godless-creatures. They are not exorcised......"
- ↑ "Museums of India - National Handicrafts and Handilooms Museum, New Delhi" (আই.এচ.বি.এন. 0-944142-23-0) by Jyontindra Jain and Aarti Aggarwala.