মাটিত কিছুমান নাথাকিবলগীয়া ৰসায়ন বা পদাৰ্থৰ উপস্থিতিয়ে নাইবা কিছুমান পদাৰ্থ থাকিবলগীয়া পৰিমাণতকৈ অধিক থাকিলে, যদি তাত থকা জীৱসমূহলৈ বিপদ মাতি আনে; তেতিয়াই মাটিখিনিক প্ৰদূষিত হোৱা বুলি কোৱা হয়। মাটিৰ এই অৱস্থাটোকে ভূমি প্ৰদূষণ বোলে।[1] যদিওবা অধিক সংখ্যক প্ৰদূষকেই মানৱজনিত কাৰক তথাপিও প্ৰাকৃতিকভাৱেও মাটি প্ৰদূষিত হয়। যদি মাটিত প্ৰাকৃতিকভাৱেও খনিজ পদাৰ্থ অধিক পৰিমাণে থাকে তেতিয়াও ই বিষাক্ত হৈ পৰে। মাটি বা ভূমি প্ৰদূষণ সাধাৰণতে চকুৰে দেখিব নোৱাৰি আৰু সেয়ে ইয়াক এটা লুকাই থকা বিপদ বুলি কোৱা হয়।[2]

কৃষি ব্যৱহৃত ৰাসায়নিক পদাৰ্থ আৰু উদ্যোগিক ক্ষেত্ৰত হোৱা বিকাশৰ ফলত বিভিন্ন প্ৰকাৰৰ প্ৰদূষকৰ সৃষ্টি ঘটে। ইয়াৰ ফলতেই ভূমি প্ৰদূষণ চিহ্নিত কৰা পৰীক্ষাসমূহ কঠিন আৰু ব্যয়বহুল হৈ পৰিছে।[2] উদ্যোগীকৰণ, যুদ্ধ, খনিজ পদাৰ্থ খনন, কৃষিভূমিত কৰা কীটনাশকৰ প্ৰয়োগে বিশ্বৰ চাৰিওফালে বৃহৎ পৰিমাণৰ প্ৰদূষকৰ সৃষ্টি কৰিছে।[3][4][5][6][7]

ভূমি প্ৰদূষণৰ কাৰণ বা উত্‍সসমূহসম্পাদনা কৰক

ভূমি প্ৰদূষণ মানুহৰ ইচ্ছাকৃত আৰু অনিচ্ছাকৃত দুইধৰণৰ কাৰণত হ'ব পাৰে। প্ৰত্যক্ষ ভাৱে প্ৰদূষক মাটিত পেলালে আৰু কেতিয়াবা পৰোক্ষভাৱে বিভিন্ন জটিল প্ৰক্ৰিয়াৰ ফলতো (উদাহৰণ- পানীয়ে প্ৰদূষক কঢ়িয়াই লৈ মাটিত পেলালে) ভূমি প্ৰদূষণ হয়। ভূমি প্ৰদূষণ কোনো নিৰ্দিষ্ট অঞ্চলত নিৰ্দিষ্ট কৰ্মৰাজি দ্বাৰা হ'লে, যেনে মাটিত বিভিন্ন হানিকাৰক পদাৰ্থ পেলোৱা, ইয়াৰ উৎস সহজে চিনাক্ত কৰিব পাৰি। আনহাতে যদিহে এক বৃহৎ অঞ্চলজুৰি বিভিন্ন জটিল প্ৰক্ৰিয়াৰ ফলত এঠাইৰ পৰা আন এঠাইলৈ পদাৰ্থ সমূহ বিভিন্ন কাৰকৰ দ্বাৰা পৰিবাহিত হৈ যদি ভূমি প্ৰদূষিত হয় তেতিয়া ইয়াৰ উৎসসমূহ চিনাক্ত কৰাত কঠিন হয়।[2]

প্ৰাকৃতিক কাৰকসমূহসম্পাদনা কৰক

প্ৰাকৃতিকভাৱেই মাটিৰ উপাদানসমূহ বহুতো গধুৰ ধাতুৰ আৰু আন তেজস্ক্ৰিয় পদাৰ্থৰ উৎস। এই পদাৰ্থবোৰৰ অতিমাত্ৰা উপস্থিতি পৰিৱেশ আৰু মানৱ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। এই সমূহৰ ভিতৰত আৰ্ছেনিক উল্লেখযোগ্য। মাটি আৰু শিলসমূহ তেজস্ক্ৰিয় গেছ আৰ্গনৰ প্ৰধান উৎস। আগ্নেয়গিৰি উদ্গীৰণৰ সময়টো বিভিন্ন বিষাক্ত পদাৰ্থ পৰিৱেশলৈ আহে। প্ৰাকৃতিকভাৱে থকা হাইড্ৰকাৰ্ব্বন, এচ্‌বেচটচ আদি এঠাইৰ পৰা আন ঠাইলৈ বিয়পি সমস্যাৰ সৃষ্টি কৰে।[2]

মানৱসৃষ্ট কাৰকসমূহসম্পাদনা কৰক

মানুহৰ কাৰ্য্যকলাপসমূহৰ বাবেই ভূমি প্ৰদূষণৰ পৰিমাণ গোটেই বিশ্বতে ব্যাপক ভাৱে বিস্তৃত হৈ পৰিছে। মানৱ-সৃষ্ট প্ৰধান কাৰকসমূহ হ'ল ৰাসায়নিক পদাৰ্থসমূহ যিবিলাক উদ্যোগত ব্যৱহাৰ কৰা হয় বা উৎপাদন কৰা হয়, ঘৰুৱা তথা নগৰৰ আৱৰ্জনা, কৃষিকাৰ্য্যত ব্যৱহৃত ৰাসায়নিক পদাৰ্থ আৰু প্ৰেটলিয়ামৰ পৰা উৎপাদিত পদাৰ্থসমূহ।[2] মানুহে জধে মধে আৱজনা পেলালে ভূমি প্রদূষিত হয়

ঘৰুৱা তথা নগৰৰ আৱৰ্জনাসম্পাদনা কৰক

ঘৰুৱা তথা নগৰৰ আৱৰ্জনাবোৰত সাধাৰণতে জৈৱিক অজৈৱিক সকলো ধৰণৰ পদাৰ্থই থাকে। এই সমূহ কোনোবা এটা নিৰ্দিষ্ট মাটিত জমা কৰি ৰখা হয়। আৱৰ্জনাবোৰত থকা উপাদানসমূহৰ ওপৰত নিৰ্ভৰ কৰি মাটিসমূহ দূষিত হ'ব পাৰে। বিষাক্ত পদাৰ্থসমূহ বিভিন্ন কাৰকৰ দ্বাৰা অইন ঠাইলৈ গতি কৰে আৰু আন ঠাই সমূহো দূষিত কৰে। আৱৰ্জনাবোৰত থকা সীহৰ বেটেৰী, ই-আৱৰ্জনা, আদি প্ৰধান প্ৰদূষক। এইবোৰ সংশোধন কৰিব পাৰি। সাধাৰণতে আৱৰ্জনাত কৃষি আৱশ্যকীয় বহুত উপাদান থাকে। কিন্তু এইসমূহ সংশোধন নকৰাকৈ প্ৰয়োগ কৰা মাৰাত্মক হ’ব পাৰে।[2]

ঔদ্যোগিক কাৰ্য্যকলাপসম্পাদনা কৰক

উদ্যোগত নানান ৰকমৰ ৰাসায়নিক ব্যৱহাৰ কৰা হয়। উদ্যোগে এৰি দিয়া গেছীয় প্ৰদূষকবোৰ অম্লবৃষ্টি হৈ মাটিলৈ আহি মাটি দূষিত কৰে। মাটিত ভুলভাৱে সংৰক্ষণ কৰা ৰাসায়নিক পদাৰ্থই বা পোনপটীয়াকৈ মাটিত পেলাই দিয়া পদাৰ্থই মাটি দূষিত কৰে। উদ্যোগসমূহে নদী, সাগৰ, হ্ৰদ আদিলৈ বিষাক্ত পদাৰ্থ এৰি দিয়ে এই বোৰ জীৱজগতৰ বাবে হানিকাৰক।[2]

খনন কাৰ্য্যসম্পাদনা কৰক

খনন কাৰ্য্য যোগেদি বিভিন্ন ধাতু, ইন্ধন আহৰণ কৰাৰ সময়ত বহুতো বিষাক্ত পদাৰ্থ মাটিৰ উপৰিভাগলৈ আহে। খনন কাৰ্য্য বিষাক্ত পদাৰ্থবোৰ কেতিয়াবা পানী বতাহ আদিৰে পৰিবহিত হৈ খেতি মাটিত পৰেহি। খনন কাৰ্য্যত বহুতো তেজস্ক্ৰিয় পদাৰ্থৰ লগতে তেল দি আহৰণ কৰা হয়। এই সমূহ যথেষ্ট ক্ষতিকাৰক।[2]

নগৰ অঞ্চলৰ আৰু যাতায়াতৰ আন্তঃগাঁথনিসম্পাদনা কৰক

গাড়ীত ব্যৱহৃত হাইড্ৰকাৰ্বন, নগৰ অঞ্চলৰ আন্তঃগাঁথনি, কাৰখানা ৰ পৰা ওলোৱা পদাৰ্থ এই আটাইবোৰেও মাটি দূষিত কৰে। খাদ্য শৃংখলত এইসমূহ সোমাই প্ৰাণীৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে।[2]

সামৰিক কাৰ্য্যকলাপসম্পাদনা কৰক

যুদ্ধত ব্যৱহৃত লেণ্ড মাইন,ৰাসায়নিক পদাৰ্থ, গোলা বাৰুদ, তেজস্কীয় পদাৰ্থ আদিয়ে ভূমিৰ প্ৰদূষিত কৰে। আধুনিক যুদ্ধত এই বোৰৰ বহুল প্ৰয়োগে বিস্তৃতভাৱে মাটি দূষিত কৰিছে।[2]

কৃষিকৰ্মসম্পাদনা কৰক

কৃষিকৰ্মত শস্যৰ শ্ৰী বৃদ্ধিৰ বাবে যথেষ্ট ৰাসায়নিক সাৰ, কৃটনাশক দ্ৰব্য ব্যৱহাৰ কৰা হয়। এইবোৰৰ অতিমাত্ৰা ব্যৱহাৰে মাটিৰ লগে তাত থকা জীৱৰ অনিষ্টহে সাধন কৰে।[2]


তথ্যসংগ্ৰহসম্পাদনা কৰক

  1. FAO; ITPS (2015). Status of the World’s Soil Resources (SWSR) – Main Report. প্ৰকাশক Rome, Italy: Food and Agriculture Organization of the United Nations and Intergovernmental Technical Panel on Soils. ISBN 978-92-5-109004-6. 
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 Rodríguez-Eugenio, N.; McLaughlin, M.; Pennock,, D (2018.). Soil Pollution: a hidden reality. প্ৰকাশক Rome: FAO. 
  3. Bundschuh, J.; Litter, M.I.; Parvez, F.; Román-Ross, G.; Nicolli, H.B.; Jean, J.-S.; Liu, C.-W.; López, D. et al. (2012). "One century of arsenic exposure in Latin America: a review of history and occurrence from 14 countries". The Science of the Total Environment খণ্ড 429: ৩৫. 
  4. DEA. (2010). Framework for the Management of Contaminated Land. প্ৰকাশক Republic of South Africa: Department of Environmental Affairs.. 
  5. EEA. (2014). Progress in management of contaminated sites. European Environment Agency.. 
  6. Luo, Y.; Wu, L.; Liu, L.; Han, C.; Li, Z. (2009). "Heavy Metal Contamination and Remediation in Asian Agricultural Land". MARCO Symposium. প্ৰকাশক Japan.. 
  7. SSR. (2010). Soil Contamination in West Africa.