প্ৰকৃতিৰ পৰা পোৱা সকলো ধৰণৰ সম্পদকে অৰ্থবিজ্ঞানত 'ভুমি' (Land) বুলি কোৱা হয়।[1]

ভূমিৰ বৈশিষ্ট্যসম্পাদনা কৰক

  1. ভূমি প্ৰকৃতিৰ দান। মানুহৰ শ্ৰমেৰে ইয়াক উৎপাদন কৰিব নোৱাৰি। সেয়ে ভূমিৰ উৎপাদন ব্যয় নাই।
  2. ভূমিৰ যোগান সীমাবদ্ধ। মানুহে কোনো কাৰণতে ভূমিৰ যোগান বঢ়াবো নোৱাৰে, কমাবও নোৱাৰে।
  3. ভূমি স্থায়ী, অৰ্থাৎ ইয়াৰ মূল আৰু অবিনস্বৰ গুণ আছে। ভূমি কেতিয়াও ক্ষয় নাযায়।
  4. ভূমিৰ স্থানান্তৰ যোগ্যতা নাই। ইয়াক এঠাইৰ পৰা আনঠাইলৈ স্থানান্তৰ কৰিব নোৱাৰি। ভূমি অলৰ-অচৰ। অৱশ্যে যদিও ভূমিৰ কায়িক স্থানান্তৰ গুণ নাই কিন্তু ইয়াৰ মালিকী স্বত্বৰ পৰিবৰ্তন হ’ব পাৰে।
  5. ভূমি বিসম গুণসম্পন্ন। ভূমি সমগুণ সম্পন্ন নহয়। উৰ্ব্বৰতা, স্থান ইত্যাদিৰ ফালৰ পৰা ভূমি ভিন্ন ভিন্ন হয়।
  6. ভূমিৰ উৎপাদন ক্ৰমহ্ৰাসমান উৎপন্ন বিধিৰ অধিন। একেখণ্ড ভূমিতে যেতিয়া উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে শ্ৰম আৰু মুলধনৰ মাত্ৰা বৃদ্ধি কৰা হয়, তেতিয়া প্ৰান্তিক উৎপাদন ক্ৰমে হ্ৰাস পায় বা মুঠ উৎপাদন ক্ৰমহ্ৰাসমান গতিত বৃদ্ধি পায়।

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. "উচ্চতৰ মাধ্যমিক অৰ্থতত্ত্ব আৰু ভাৰতীয় অৰ্থনীতি",পৃষ্ঠা: ১২৮, লিখক: ড° হেম বৰুৱা আৰু অৰ্চনা শৰ্ম্মা, সম্পাদনা: ড° বিমান কৰ। প্ৰকাশক: ষ্টুডেণ্টচ্‌ ষ্ট'ৰচ্‌, গুৱাহাটী।