ভেটুলুকা নৃত্য
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
ভেটুলুকা নৃত্য অসমৰ ডিমৰীয়া অঞ্চলত প্ৰচলিত এক নৃত্য। ভেটুলুকা মূলতঃ গৰখীয়া ল'ৰাৰ আশীৰ্বদীয়া নৃত্য। লোক বিশ্বাস যে ভেটুলুকা নৃত্যত অংশ লোৱা গৰখীয়া ল'ৰাই গৃহস্থক দিয়া আশীৰ্বাদ কেতিয়াও অথলে নাযায়। কাজেই গাঁৱৰ গৰখীয়া সকল একগোট হৈ গৃহস্থৰ ঘৰে ঘৰে এই নৃত্য কৰি আশীৰ্বাদ দি ফুৰে।
বিৱৰণ
সম্পাদনা কৰকভেটুলুকা নৃত্য জন্মাষ্টমীৰ পৰা আৰম্ভ কৰি সামৰণি মাৰে দুৰ্গা পূজাৰ ষষ্ঠীৰ দিনটোত। এই সময়ছোৱাৰ বাদে অন্য সময়ত ভেটুলুকা নৃত্য কৰা নহয়। লোক বিশ্বাস অনুসৰি এই নৃত্য নিৰ্দিষ্ট সময়ৰ আগত বা পাছত কৰিলে অমংগল হয় আৰু নৃত্যত ব্যৱহৃত বাঁহী আগেয়ে বজালে গৰুৰ অপায়-অমংগল হয়। এই বাঁহী দুৰ্গা পূজাৰ পাছত বজালে পথাৰৰ শ্ৰীবৃদ্ধি ভালদৰে নহয় বুলি বিশ্বাস আছে। তদুপৰি সেই ভেটুলুকা বাঁহীৰ মাত শুনিলে শস্য অনিষ্টকাৰী কীট-পতংগই আহি পথাৰ চানি ধৰে বুলিও বিশ্বাস কৰা হয়। সেয়ে এই ভেটুলুকা নৃত্য জন্মাষ্টমীৰ পৰা দুৰ্গা পূজাৰ ষষ্ঠীৰ ভিতৰত সামৰণি মাৰে। নৃত্যত ব্যৱহাৰ কৰা আহিলা সমূহৰ ভিতৰত - এটা ভেটুলুকা বাঁহী, এযোৰ তাল, নৃত্যত অংশ গ্ৰহণকাৰীসকলৰ হাতে হাতে একোডাল লাখুটি আৰু তামোলৰ ঢকোৱৰে সজা এটা ঘোঁৰা। ভেটুলুকা বাঁহীটো দলৌ বাঁহৰ পৰা সজা হয়। ইয়াৰ দৈৰ্ঘ্য প্ৰায় আঢ়ৈ ফুটমান হ'ব। এই বাঁহী নৃত্যৰ আৰম্ভণিৰ পৰা সামৰণিলৈকে এটা নিৰ্দিষ্ট সুৰেৰে বজাই থকা হয় আৰু বাঁহীৰ সুৰৰ লগত ৰজিতা খুৱাই এই গীত ফাঁকি গোৱা হয়।
অ' বৌ অ' বৌ
ধুন্দৰী পাৰি দি খাওঁ
ডাঙৰ বৌ গাখীৰ খিৰাওঁ
সৰু বৌ গাখীৰ খাওঁ
অ' বৌ অ'বৌ
ধুন্দৰী পাৰি দি খাওঁ।[1]
ঘোঁৰাটো খেৰেৰে তৈয়াৰ কৰা হয় আৰু ওপৰত তামোলৰ ঢকুৱাৰে চোলা পিন্ধোৱা হয়। চূনৰ দাগ দি নাক,মুখ,কাণ আদি অংকন কৰি দিয়ে। নেজডাল মৰাপাটেৰে তৈয়াৰ কৰে আৰু ডিঙিত এটা টিলিঙা আৰিঁ দিয়া হয়। ভেটুলুকা নাচিবলৈ যাওঁতে নঙলাৰ মুখত গৈ বাঁহীটো তিনিবাৰ বজাই নাচিবলৈ অহাৰ আগজাননী গৃহস্থক জনায়। তাৰ পাছত তাল অ আৰু বাঁহিৰে ছেৱে ছেৱে এজন এজনকৈ ভেটুলুকা নচা দলটো গৃহস্থৰ চোতালত প্ৰৱেশ কৰে আৰু হাতত লৈ যোৱা লাঠিডালেৰে সৈতে বৃত্তাকাৰে ঘূৰি ঘূৰি নাচিবলৈ আৰম্ভ কৰে। এনেকৈ দুপাক মান নচাৰ পাছত ঘোঁৰা নচোৱা মানুহজনে দুভৰিৰ মাজত ঘোঁৰাটো সুমুৱাই লৈ দৌৰি আহি ব্যাংগাত্মক ভংগিমাৰে চোতালত প্ৰৱেশ কৰি গৃহস্থৰ কাষ চাপে। ঘোঁৰা নচোৱাৰ কোনো বিধি সন্মত নিয়ম নাই যদিও বাঁহীৰ সুৰে সুৰে ঘোঁৰা চেকুৰোৱাৰ দৰে দৌৰি দৌৰি নৃত্য কৰে।[1] নৃত্যৰ ছেও সলনি কৰিবলৈ বাঁহীৰ সুৰেৰে ইংগিত দিয়ে। গৰখীয়া ল'ৰাবোৰে হাতত লাঠি বোৰ নৃত্যৰ তালে তালে কেতিয়াবা বৃত্তাকাৰে আৰু কেতিয়াবা সৰল ৰৈখিকভাৱে সঞ্চালন কৰে। নৃত্যৰ শেষত তাল বজোৱা জনে প্ৰথমতে হৰিধ্বনি দিয়ে আৰু বাকীবোৰেও সমস্বৰে হৰিধ্বনি দি গৃহস্থক আৰ্শীবাদ দিয়ে। এই আশীৰ্বাদৰ পিছতে দলটোক চাউল-পইচা আদিৰ দান-বৰঙণি দি বিদায় জনায়। প্ৰকৃততে ভেটুলুকা নৃত্য কৰি গৰখীয়াসকলে দুৰ্গা পূজাৰ আগজাননীও দিয়ে। এই জাননীৰ উদ্দেশ্য হৈছে দুৰ্গা পূজাৰ বলি বাহনৰ লগতে অন্যান্য যাৱতীয় সামগ্ৰী জা-যোগাৰ কৰা।