দুৰ্গা পূজা

বাৰ্ষিক হিন্দু উৎসৱ

হিন্দু দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ। শাস্ত্ৰমতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়। চ’ত অৰ্থাৎ বসন্ত-কালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গাপূজা আৰু আহিন অৰ্থাৎ শৰৎ-কালৰ দুৰ্গাপূজাক শাৰদীয় দুৰ্গাপূজা নামে জনাজাত। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গাপূজা পালন কৰে। ভাৰতৰ পশ্চিমবংগ, অসম, ওড়িশা, ত্ৰিপুৰা, বিহাৰ আৰু ঝাৰখণ্ডত দুৰ্গাপূজা সৰ্বাধিক জাকত-জিলিকা হয় আৰু পাঁচদিন-জোৰা বাৰ্ষিক বন্ধৰ দিন হিচাপেও ঘোষণা কৰা হয়। বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলেও দুৰ্গাপূজা পালন কৰে।

দুৰ্গা পূজা
দুৰ্গা পূজা
বাগ বজাৰ সৰ্বজনীন দুৰ্গা প্ৰতিমা, ২০১৮
অন্য নাম শাৰদোৎসৱ, বিজয়া দশমী,
পালন কৰে হিন্দু সম্প্ৰদায়ে
প্ৰকাৰ হিন্দু উৎসৱ
(প্ৰধানত পশ্চিমবংগ, অসম আৰু বিহাৰত উদযাপন কৰা হয়)
আৰম্ভ হয় সাধাৰণতে মহা ষষ্ঠীত (ক্ষেত্ৰ বিশেষে কুলাচাৰ অনুসৰি, ভাদৰ কৃষ্ণাষ্টমী বা মহালয়া)
শেষ হয় বিজয়া দশমী
তাৰিখ আহিনৰ শুক্ল পক্ষ অথবা চ'তৰ শুক্ল পক্ষ
উদযাপন প্ৰথা অনুসাৰে পালন কৰা হয়, দহ বা পাঁচ দিন
সম্পৰ্কিত মহালয়া, দশেৰা, জগদ্ধাত্ৰী পূজা
খৃষ্টীয় ১৩-১৪ শতিকাৰ গুৱাহাটীৰ আমবাৰীত পোৱা দুৰ্গামূৰ্তি।
কলিকতাৰ বড়িষাৰ জলাশয়ত নৱপত্ৰিকা স্নান

সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত। এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায়। পূৰ্বৱৰ্তী অমাবস্যাৰ দিনা এই দেৱীপক্ষৰ সূচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা হয়। আৰু পুৰ্ণিমাৰ দিনাক লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয়। হিন্দু ধৰ্মৰ শাক্তবাদ পৰম্পৰাত দুৰ্গা পূজা এক গুৰুত্বপূৰ্ণ উৎসৱ। কলকাতাৰ দুৰ্গা পূজা ২০২১ চনত ইউনেস্ক’ৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত সন্নিবিষ্ট হৈছে।

পৌৰাণিক উপাখ্যান

সম্পাদনা কৰক
 
কলকাতাৰ একোটা পূজামণ্ডপত মহাষষ্টীৰ দেৱী-প্ৰতিমা, ২০০৬

ব্ৰহ্মবৈবৰ্ত পুৰাণ

সম্পাদনা কৰক

ব্ৰহ্মবৈবৰ্ত পুৰাণত উল্লেখ থকা অনুসাৰে এই দুৰ্গাপূজাৰ প্ৰৱৰ্তক স্বয়ং শ্ৰীকৃষ্ণ। দুৰ্গা পূজাৰ প্ৰবৰ্তনৰ একোটা কথিত আখ্যানো এই পুৰাণত পোৱা যায়। কোৱা উচিত হ’ব যে, এই ইতিহাসৰ কোনো প্ৰামাণিক তথ্য নাই[1]

দেৱী ভাগৱত পুৰাণ

সম্পাদনা কৰক

দেৱী ভাগৱত অনুসৰি ব্ৰহ্মাৰ মানস পুত্ৰ মনুৱে পৃথিৱীৰ শাসনভাৰ পাই ক্ষীৰদধি তীৰত দেৱী দুৰ্গাৰ মৃণ্ময় মূৰ্তি নিৰ্মাণ কৰি আৰাধনা কৰে। আৰু এই সময়খিনিত তেওঁ তিনি বাগ্‌ভব বীজ জপ কৰে, লগতে আহাৰ আৰু শ্বাস গ্ৰহণ পৰিত্যাগ কৰি বছৰ-বছৰ ধৰি তেওঁ ঘোৰ তপস্যা কৰে। আৰু তাতে দেৱী দুৰ্গা প্ৰসন্ন হৈ মনুৰ আগত উপস্থিত হৈ মনুক বৰ দিলে “হে মহাবাহু, তোমাৰ প্ৰাৰ্থনা সিদ্ধ হওক। মই তোমাৰ সকলো প্ৰাৰ্থনীয় বিষয় দান কৰিছোঁ। বৎস! তোমাৰ ৰাজ্য নিষ্কণ্টক হওক আৰু তুমি পুত্ৰ লাভ কৰা।”[2]

 
এটা দুৰ্গা প্ৰতিমা, ২০০৯

মূৰ্তিসমূহ

সম্পাদনা কৰক

দুৰ্গা দেৱীৰ মূৰ্তিটো সাধাৰণতে দুৰ্গাৰ পৰিয়ালৰ লগতে থকা দেখা যায়। এই মূৰ্তিসমূহৰ মধ্যস্থানত দেৱী দুৰ্গা থাকে আৰু তেওঁৰ সোঁফালে থাকে দেৱী লক্ষ্মী আৰু গণেশ। আনহাতে বাওঁফালে থাকে দেৱী সৰস্বতী আৰু কাৰ্তিক। কলিকতাত পোনপ্ৰথমবাৰৰ বাবে ১৬১০ চনত সাবৰ্ণ ৰায়চৌধুৰী পৰিয়ালে এই প্ৰথাৰ প্ৰচলন কৰিছিল।

‘দ’-আখৰে দৈত্যনাশক, ‘ঊ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক। অৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা।[3] দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি। পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰে শক্তিৰে এই সৃষ্টিৰ সৃজন, পালন-পোষণ আৰু সংহাৰ কৰে। আই দুৰ্গা দেৱীৰ ৰূপ ন-বিধ। শাস্ত্ৰত বৰ্ণনা কৰামতে সেইবোৰৰ নাম আৰু বৈশিষ্ট্য হ’ল— শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী।

১. শৈলপুত্ৰী
মা দুৰ্গা নিজৰ প্ৰথম স্বৰূপত “শৈলপুত্ৰী” নামেৰে জনাজাত। পৰ্ব্বতৰাজ হিমালয়ৰ তাত পুত্ৰীৰূপে জন্ম লোৱা বাবে এই “শৈলপুত্ৰী” নাম হৈছিল। বৃষভৰ ওপৰত স্থিতা শৈলপুত্ৰী মাতৃৰ সোঁহাতত শূল আৰু বাঁওহাতত কমল পুষ্প সুশোভিত। ন-গৰাকী দুৰ্গাৰ মাজত এখেত হ’ল প্ৰথম দুৰ্গা। ইয়াৰ পূৰ্ব জন্মত এখেতে প্ৰজাপতি দক্ষৰ কন্যাৰূপে জন্ম গ্ৰহণ কৰিছিল। তেতিয়া এখেতৰ নাম আছিল “সতী”। ভগৱান শংকৰৰ সৈতে এখেতৰ বিবাহ হৈছিল। কিন্তু প্ৰজাপতি এই বিবাহৰ সম্পূৰ্ণ বিৰোধী আছিল। এবাৰ প্ৰজাপতি দক্ষই বৰ ডাঙৰকৈ এটা যজ্ঞ অনুষ্ঠিত কৰিছিল। কিন্তু ভগৱান শংকৰক তেওঁ নিমন্ত্ৰিত নকৰিলে। পিছে সতীৰ প্ৰবল আগ্ৰহ দেখি ভগৱান শংকৰে তেওঁক পিতৃ-গৃহলৈ যোৱাৰ বাবে অনুমতি প্ৰদান কৰিলে। পিতৃ-গৃহলৈ গৈ দেখিলে যে তাত প্ৰতিটো ক্ষেত্ৰত, চাৰিওপিনে ভগৱান শংকৰৰ প্ৰতি তিৰস্কাৰৰ ভাৱহে পৰিপূৰ্ণ। নিজৰ স্বামী ভগৱান শংকৰৰ প্ৰতি এনে ঘোৰ অপমান তেওঁৰ অসহ্য হৈ উঠিল। তেওঁ তৎক্ষণাত তাত যোগাগ্নি প্ৰজ্বলিত কৰি নিজৰ সেই ৰূপটোকে ভস্মীভূত কৰি পেলালে। যোগাগ্নিৰে নিজ শৰীৰক ভস্মীভূত কৰাৰ পাছত সতী শৈলৰাজ হিমালয়ৰ পুত্ৰীৰূপে পৰৱৰ্তী জন্ম গ্ৰহণ কৰিলে। তেওঁ তেতিয়া “শৈলপুত্ৰী” নামেৰে জনাজাত হ’ল। ‘পাৰ্বতী’ আৰু ‘হৈমৱতী’ও তেখেতৰে নাম। উপনিষদৰ এটি আখ্যান অনুসৰি ‘হৈমৱতী’ স্বৰূপ ধাৰণ কৰি দেৱতাসকলৰ দৰ্প চূৰ্ণ কৰিছিল। ‘শৈলপুত্ৰী’ৰ বিবাহো ভগৱান শংকৰৰ সৈতেহে হৈছিল। ন-গৰাকী দুৰ্গাৰ মাজত প্ৰথম ‘শৈলপুত্ৰী’ দুৰ্গাৰ মহিমা আৰু শক্তি অনন্ত। নৱৰাত্ৰি পূজনৰ প্ৰথম দিৱসত এই শৈলপুত্ৰীৰ পূজা আৰু উপাসনা কৰা হয়।
২. ব্ৰহ্মচাৰিণী
মাতৃ দুৰ্গাৰ ন শক্তিৰ দ্বিতীয় স্বৰূপটো হ’ল ‘ব্ৰহ্মচাৰিণী’ৰ। ইয়াত ‘ব্ৰহ্ম’ শব্দৰ অৰ্থ হ’ল তপস্যা। ব্ৰহ্মচাৰিণী অৰ্থাৎ তপচাৰিণী, তপস্যা কৰা তপস্বিনী। “বেদস্তত্ত্ব তপো ব্ৰহ্ম। ” এই ব্ৰহ্মচাৰণী দেৱীৰ স্বৰূপ পূৰ্ণ জ্যোতিৰ্ময় আৰু অত্যন্ত ভব্য। এখেতৰ সোঁহাতত জপ-মালা আৰু বাওঁহাতত কমণ্ডলু বিদ্যমান। হিমালয়ৰ তাত পুত্ৰীৰূপে উৎপন্ন হোৱাত নিজৰ এই পৰৱৰ্ত্তী জন্মতো নাৰদৰ উপদেশমতে ভগৱান শংকৰক পতিৰূপে পাবলৈ তেখেতে অতি প্ৰচণ্ড তপস্যা কৰিছিল। তেনে দুষ্কৰ তপস্যা কৰা বাবেহে তেখেতক “তপচাৰিণী” বা “ব্ৰহ্মচাৰিণী” নামেৰে অভিহিত কৰা হৈছিল। ব্ৰহ্মচাৰিণীৰ উপাসনা কৰিলে মানুহৰ তপস্যা, যোগ, বৈৰাগ্য, সদাচাৰ আৰু সংযম বৃদ্ধি পায়। জীৱনৰ কঠিন সংঘাতবোৰতো তেওঁৰ মন কৰ্তব্য পথৰ পৰা বিচ্যুত নহয়। দুৰ্গাপূজাৰ দ্বিতীয় দিৱসত এখেতৰে স্বৰূপৰ উপাসনা কৰা হয়।
৩. চন্দ্ৰঘণ্টা
মা দুৰ্গাৰ তৃতীয় শক্তিৰ নাম হ’ল ‘চন্দ্ৰঘণ্টা’। নৱৰাত্ৰিৰ উপাসনাত তৃতীয় দিনা এখেতৰে বিগ্ৰহৰ পূজা-আৰাধনা কৰা হয়। এখেতৰ এই স্বৰূপ পৰম শান্তিদায়ক আৰু কল্যাণকাৰী। এখেতৰ মস্তকত ঘণ্টাৰ আকৃতিৰ অৰ্ধচন্দ্ৰ থাকে। সেইকাৰণে তেখেতক ‘চন্দ্ৰঘণ্টা দেৱী’ বোলা হয়। এখেতৰ শৰীৰৰ বৰণ সুৱৰ্ণৰ দৰে উজ্জ্বল। এখেত দশভুজা। এই দহোখন হাত খড়্গ আদি শস্ত্ৰৰেৰে আৰু বাণ আদি অস্ত্ৰৰেৰে বিভূষিত। এখেতৰ বাহন হ’ল সিংহ। যুদ্ধৰ বাবে সদায় সাজু হৈ থকা এখেতৰ ভাৱ-মুদ্ৰা। ঘণ্টাৰ নিচিনা এখেতৰ প্ৰচণ্ড ধ্বনিত অত্যাচাৰী দানৱ-দৈত্য-ৰাক্ষস সদায় প্ৰকম্পিত হৈ থাকে। নৱৰাত্ৰিৰ দুৰ্গা-উপাসনাত তৃতীয় দিনাৰ পূজাৰ মহত্ত্ব অত্যধিক।
৪. কুষ্মাণ্ডা
মা দুৰ্গাৰ চতুৰ্থ স্বৰূপৰ নাম হ’ল কুষ্মাণ্ডা। নিজৰ মৃদু-মন্দ হাঁহিৰে অণ্ড অৰ্থাৎ ব্ৰহ্মাণ্ড উৎপন্ন কৰা হেতুকে তেখেতক দেৱী কূষ্মাণ্ডা নামেৰে অভিহিত কৰা হৈছে। সৃষ্টিৰ অস্তিত্বই যেতিয়া নাছিল, চাৰিওপিনে অন্ধকাৰ, কেৱল অন্ধকাৰ হে পৰিব্যাপ্ত হৈ আছিল, তেতিয়া এই দেৱীয়েই নিজৰ ‘ঈষৎ’ হাঁহিৰে ব্ৰহ্মাণ্ড ৰচনা কৰিছিল। গতিকে এখেত হে হ’ল সৃষ্টিৰ আদি স্বৰূপা, আদি শক্তি। এখেতৰ আঠখন হাত থকা বাবে এখেত অষ্টভুজা দেৱী নামেৰেও বিখ্যাত। এখেতৰ সাতোখন হাতত আছে ক্ৰমে— কমণ্ডলু, ধেনু, কাঁড়, কমল পুষ্প, অমৃত পূৰ্ণ কলহ, চক্ৰ আৰু গদা। সকলো সিদ্ধি আৰু নিধি প্ৰদান কৰোঁতা জপ-মালা থাকে এখেতৰ বাঁওহাতত। এখেতৰ বাহন হ’ল সিংহ। সংস্কৃত ভাষাত কূষ্মাণ্ডৰ অৰ্থ হ’ল কোমোৰা। বলিসমূহৰ ভিতৰত কোমোৰা-বলি এখেতৰ আটাইতকৈ প্ৰিয়। নৱৰাত্ৰিৰ চতুৰ্থ দিনত এই কূষ্মাণ্ডা দেৱীৰ স্বৰূপৰ উপাসনা কৰা হয়।
৫. স্কন্দমাতা
মাতৃ দুৰ্গাদেৱীৰ পঞ্চম স্বৰূপটো ‘স্কন্দমাতা’ নামেৰে জনাজাত। ভগৱান স্কন্দ ‘কুমাৰ কাৰ্তিকেয়’ নামেৰেও জনাজাত। প্ৰসিদ্ধ দেৱাসুৰ সংগ্ৰামত এখেত দেৱ-সেনাপতি হৈছিল। পুৰাণবোৰত ‘কুমাৰ’ আৰু ‘শক্তিধৰ’ আখ্যা দি এখেতৰ মহিমা বৰ্ণোৱা হৈছে। এখেতৰ বাহন হ’ল ‘ময়ূৰ’ বা ম’ৰা চৰাই। সেইকাৰণে ‘ময়ূৰ-বাহন’ নামেৰেও অভিহিত। এই ভগৱান স্কন্দৰ মাতৃ হোৱা বাবে মা দুৰ্গাদেৱীৰ উক্ত পঞ্চম স্বৰূপটো ‘স্কন্দমাতা’ নামেৰে জনাজাত। এখেতৰ উপাসনা নৱৰাত্ৰি পূজাৰ পঞ্চম দিনা অনুষ্ঠিত হয়। ভগৱান স্কন্দ শিশুৰূপে কোলাত বহি থকাটো এখেতৰ বিগ্ৰহত দৰ্শিত হয়। স্কন্দমাতৃস্বৰূপিণী দেৱী চতুৰ্ভুজা।
৬. কাত্যায়নী
মা দুৰ্গাদেৱীৰ ষষ্ঠ স্বৰূপৰ নাম হ’ল “কাত্যায়নী”। এখেতৰ নাম ‘কাত্যায়নী’ হোৱাৰ আখ্যানটো হ’ল এনে ধৰণৰ— ‘কত’ নামৰ এজন প্ৰসিদ্ধ মহৰ্ষি আছিল। তেওঁৰ পুত্ৰ হ’ল, ঋষি কাত্য। এই কাত্য গোত্ৰত বিশ্বপ্ৰসিদ্ধ মহৰ্ষি কাত্যায়ন উৎপন্ন হৈছিল। ভগৱতৰ উপাসনাত বহুবছৰ ব্যাপী তেওঁ বৰ কঠিন তপস্যা কৰিছিল। “আই ভগৱতী তেওঁৰ কোলাত পুত্ৰীৰূপে জন্ম লওক”— তেওঁৰ মনোকামনা এয়ে আছিল। আই ভগৱতীয়ে তেওঁৰ প্ৰাৰ্থনা স্বীকাৰ কৰিছিল। কিছুকালৰ পাছত পৃথিৱীত দানৱ মহিষাসুৰৰ অত্যাচাৰ বৰকৈ বাঢ়ি যোৱাত, ভগৱান বিষ্ণু, ব্ৰহ্মা আৰু মহেশ্বৰ— এই তিনিওগৰাকীয়ে নিজ-নিজ তেজৰ অংশ প্ৰদান কৰি মহিষাসুৰ বিনাশ হেতু এগৰাকী দেৱীক উৎপন্ন কৰিলে। মহৰ্ষি কাত্যায়নে সৰ্বপ্ৰথমে এই দেৱীৰ পূজা-অৰ্চনা কৰিছিল। তাৰবাবে এখেতে ‘কাত্যায়নী’ আখ্যা পালে। মহৰ্ষি কাত্যায়নৰ তাত পুত্ৰীৰূপেও এখেত উপজিল বুলি আখ্যানো আছে। আহিন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত জন্ম গ্ৰহণ কৰি, শুক্লপক্ষৰ সপ্তমী, অষ্টমী আৰু নৱমী লৈ তিনিদিন তেখেতে কাত্যায়ন ঋষিৰ পূজা গ্ৰহণ কৰি দশমী তিথিৰ দিনা মহিষাসুৰক বধ কৰিছিল। দুৰ্গাপূজাৰ ষষ্ঠ দিনাখন এখেতৰ স্বৰূপৰ উপাসনা কৰা হয়।
৭. কালৰাত্ৰি
মা দুৰ্গাৰ সপ্তম শক্তি ‘কালৰাত্ৰি’ৰূপে জনাজাত। এখেতৰ শৰীৰৰ বৰণ ঘন অন্ধকাৰৰ নিচিনা সম্পূৰ্ণৰূপে ক’লা। মূৰৰ চুলিবোৰ অবিন্যস্ত। গলত বিদ্যুতৰ দৰে জিলিকি থাকে মালা ধাৰি। এখেত ত্ৰিনেত্ৰা, তিনিওটা চকু ব্ৰহ্মাণ্ডৰ নিচিনা ঘূৰণীয়া। সেইবোৰৰ পৰা বিদ্যুতৰ নিচিনা উজ্জ্বল ৰশ্মি বিকিৰিত হৈ থাকে। এখেতৰ নাসিকাৰ উশাহ-নিশাহৰ পৰা ভয়ংকৰ প্ৰচণ্ড অগ্নি শিখাবোৰ ওলাই থাকে। এখেতৰ বাহন হ’ল গৰ্দভ অৰ্থাৎ গাধ। আই ‘কালৰাত্ৰি’ৰ স্বৰূপ দেখাত অতি ভয়ংকৰ কিন্তু তেখেতে সদায় শুভ ফলহে প্ৰদান কৰে। তাৰকাৰণে এখেতৰ এটা নাম হ’ল ‘শুভংকৰী’। দুৰ্গাপূজাৰ সপ্তম দিনা আই কালৰাত্ৰিৰ উপাসনাৰ বিধান আছে।
৮. মহাগৌৰী
মা দুৰ্গাদেৱীৰ অষ্টম শক্তিৰ নাম হ’ল ‘মহাগৌৰী’। এখেত সম্পূৰ্ণৰূপে গৌৰবৰ্ণা। এই গৌৰ বৰণৰ গৌৰতাৰ উপমা শংখ, চন্দ্ৰ আৰু কুন্দ ফুলৰ সৈতে দিয়া হয়। মান্যতা অনুসৰি এখেত হ’ল আঠবছৰীয়া। এখেতৰ সকলো বস্ত্ৰ আৰু আ-অলংকাৰো শ্বেত বৰ্ণৰ। নিজৰ পৰৱৰ্তী ৰূপত এখেতে ভগৱান শিৱক পতিৰূপে পাবলৈ বৰ কঠোৰ তপস্যা কৰিছিল। এনে কঠোৰ তপস্যা কৰা হেতু এখেতৰ বৰণ সম্পূৰ্ণৰূপে ক’লা পৰি গ’ল। এখেতৰ তপস্যাত প্ৰসন্ন আৰু সন্তুষ্ট হৈ যেতিয়া ভগৱান শিৱই এখেতৰ শৰীৰক ঘঁহি-ঘঁহি গংগাৰ পবিত্ৰ পানীৰে গা ধুৱালে, তেতিয়া তেখেতৰ শৰীৰ বিদ্যুতপ্ৰভাৰ নিচিনা অতি কান্তিমান গৌৰ হৈ উঠিল। তেতিয়াৰ পৰা এখেতৰ নাম ‘মহাগৌৰী’ হ’ল। দুৰ্গাপূজাৰ অষ্টম দিনা ‘মহাগৌৰী’ৰ উপাসনাৰ বিধান আছে।
৯. সিদ্ধিদাত্ৰী
মা দুৰ্গাদেৱীৰ নৱম শক্তিৰ নাম হ’ল ‘সিদ্ধিদাত্ৰী’। এখেতে সকলো প্ৰকাৰৰ সিদ্ধি প্ৰদান কৰে। মাৰ্কণ্ডেয় পুৰাণৰ মতে অণিমা, মহিমা, গৰিমা, লঘিমা, প্ৰাপ্তি, প্ৰাকাম্য, ঈশিত্ব আৰু বশিত্ব-সিদ্ধি এই আঠ বিধ। ব্ৰহ্মবৈবৰ্ত পুৰাণৰ শ্ৰীকৃষ্ণ জন্ম খণ্ডত এনে সিদ্ধিৰ সংখ্যা ওঠৰ বুলি কোৱা হৈছে। সেইবোৰৰ নাম— অণিমা, লঘিমা, প্ৰাপ্তি, প্ৰাকাম্য, মহিমা, ঈশিত্ব, সৰ্বকামাৱসায়িতা, সৰ্বজ্ঞত্ব, দূৰশ্ৰৱণ, পৰকায়প্ৰৱেশন, বাক্-সিদ্ধি, কল্পবৃক্ষত্ব, সৃষ্টি, সংহাৰকৰণসামৰ্থ্য, অমৰত্ব, সৰ্বনায়কত্ব, ভাৱনা আৰু সিদ্ধি।

দেৱী পুৰাণৰ মতে এখেতৰে কৃপাত ভগৱান শিৱই এইবোৰ সিদ্ধি লাভ কৰিছিল। এখেতৰে অনুকম্পাত ভগৱান শিৱৰ অৰ্ধশৰীৰ দেৱীৰ হৈছিল আৰু তাৰে বাবে তেওঁ অৰ্ধনাৰীশ্বৰ নামেৰে বিশ্বপ্ৰসিদ্ধ হৈছিল। আই সিদ্ধিদাত্ৰী চতুৰ্ভুজা। বাহন হ’ল সিংহ। ন দুৰ্গাৰ মাজত আই সিদ্ধিদাত্ৰী হ’ল অন্তিম। অন্য অষ্ট দুৰ্গাৰ পূজা-উপাসনা শাস্ত্ৰীয় বিধি-বিধানেৰে কৰাৰ পাছত ভক্তসকল দুৰ্গাপূজাৰ নৱম দিনা এখেতৰ উপাসনাত প্ৰবৃত্ত হয়।


সিংহ

 
উত্তৰ কলিকতাৰ কাশীপুৰৰ এটা মণ্ডপত তাপসীবেশীৰে সিংহবাহিনী মহিষমৰ্দিনী

দেৱী দুৰ্গাৰ বাহন সিংহ।

মহিষাসুৰ মহিষাসুৰ এটা অসুৰ। তেওঁ দেৱী-প্ৰতিমাৰ ভৰিৰ তলত থাকে। মহিষাসুৰ অসুৰ হ’লেও দুৰ্গোৎসৱৰ সময়ত তেওঁক পূজা কৰাৰ থল আছে।[4]

গণেশ: গণেশ সিদ্ধিৰ দেৱতা। গণেশ পূজা নকৰাকৈ অন্য কোনো পূজা কৰাৰ বিধান নাই।

লক্ষ্মী: লক্ষ্মী হৈছে শ্ৰী, সমৃদ্ধি আৰু বিকাশৰ প্ৰতীক।

সৰস্বতী: সৰস্বতী জ্ঞানৰ প্ৰতীক।

কাৰ্তিক: কাৰ্তিক সৌন্দৰ্য্যৰ প্ৰতীক।

দেৱী পূজাৰ প্ৰসাৰ

সম্পাদনা কৰক

১।লখিমপুৰৰ বাৰভূঞাসকলে দেৱী পূজা কৰিছিল। তেঁওলোকৰ হাতত 'তাম্ৰাক্ষৰী শাস্ত্ৰ নামে তন্ত্ৰৰ পুথি এখন আছিল। ইয়াৰ আন এটি নাম 'কল্পতৰু'।ভুঞাসকলৰ কেন্দ্ৰস্থান আছিল ৰত্নপুৰ।

'আদি চৰিত' পুথি অনুসাৰে লখিমপুৰৰ বাৰভূঞাসকলে শাক্তধৰ্মত দিক্ষিত হৈদেৱী পূজা কৰিছিল। তেঁলোকৰ মাতৃ লক্ষ্মীদেৱীয়ে প্ৰথমে দেৱী পূজা প্ৰৱৰ্তন কৰিছিল। তেঁও'ধাতু-তাম্ৰাক্ষৰী' বা 'কল্পতৰু' নামে তন্ত্ৰ শাস্ত্ৰ এখনি ক'ৰবাৰ পৰা পাইছিল।তেঁলোকৰ পূৰ্বপুৰুষসকলৰ ধৰ্ম কি আছিল জনা নাযায়।কুলত তেঁলোক কলিতা আছিল বুলি ভাবিবৰ কাৰণ আছে। কিয়নো শান্তনুৰ পুত্ৰ বাৰজনৰ ভিতৰত-(লহকৰ, কাব্যসী,পদ্ম বা পম,ৰায়,সলাল,শুক,টেটন,ধ্বজা(টৌৱা),উজীৰ, সাৰল,ৰমাই, তমাই)পাঁচজনৰ পুৰণি অসম বুৰঞ্জীত উল্লেখ কৰা কলিতা বাৰভূঞাৰ নামৰ লগত মিলে-(উতৈ,তমাই , ৰাই,সঁকাই, কোৰিক, উজীৰ, লস্কৰ, চোমদাৰ, সনাতন, কেহো,ৰামভট, ভকত ভূঞা)[১]

২।কোচ ৰাজবংশ প্ৰতিষ্ঠাতা বিশ্বসিংহই সৰুতে বৰ্গীয় অৱস্থাতে দুৰ্গাক পূজা কৰিছিল। ফৰিংগেৰে বলি দিয়া হৈছিল। কাকোৱে বাঁহৰ চোঁচোৰাই খড়গ কৰা হৈছিল। এদিনাখন এজন গৰখীয়াই ফৰিং নাপালত বৰ গৰখীয়াই খঙতে গৰখীয়াকে উছৰ্গা কৰি দিলে।আচৰিত কথ বাঁহৰ চোঁচৰ খড়গেৰে তাক কাটিলে।[২]

৩।জয়ন্তীয়া ৰজাই গৌৰীক আৰাধনা কৰি জয়ন্তী নামে কন্যা এজনী পালে[১]।কন্যাৰ নাম অনুসাৰে জয়ন্তী দেৱী দুৰ্গাৰ নাম হ’ল। [৩]

৪।চুটিয়াৰ খুন্তৰজাই ম'হ গৰখীয়া অৱস্থাত কিৰাতকী ৰূপী কালিকাক সন্তোষ কৰিছিল। সেইমতে ৰজা হ'ল[৩]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক

[১]নকুল ভূঞাঃ বাৰভূঞা পৃঃ ৫।৬;পুঃঅঃবুঃপৃঃ৩৫।৩৬

[২]দৰংগৰ বংশাৱলী,পৃঃ১৪

[৩]দেওধাই বুৰঞ্জী,পৃঃ-১৬৮-১৭৫

[৪]দেওধাই বুৰঞ্জী,পৃঃ১৮৬

  1. প্ৰবন্ধ শব্দাঞ্জলিত দুৰ্গাপূজা, হৰিপদ ভৌমিক, নতুন বাংলাৰ মুখ পত্ৰিকা, আহিন ১৪১৪, অক্টোবৰ ২০০৭, পৃ. ১৬৩ দ্ৰঃ
  2. প্ৰবন্ধ শব্দাঞ্জলিতে দুৰ্গাপূজা, হৰিপদ ভৌমিক, নতুন বাংলাৰ মুখ পত্ৰিকা, আহিন ১৪১৪, অক্টোবৰ ২০০৭, পৃ: ১৬৩-৬৪ দ্ৰ:
  3. শব্দকল্পদ্ৰুম ৩। ১৬৬৬; পূজা-বিজ্ঞান, স্বামী প্ৰমেয়ানন্দ, উদ্বোধন কাৰ্যালয়, কলকাতা, ১৯৯৯, পৃষ্ঠা ৪৪ পৰা উদ্ধৃত
  4. মহিষাসুৰ, সঞ্জয় ভূঞা, বৰ্তমান পত্ৰিকা (বৰ্তমান দেওবাৰ), ২৮ ছেপ্তেম্বৰ, ২০০৮ দ্ৰঃ

বাহ্যিক সংযোগ)

সম্পাদনা কৰক