ভোজন বিহাৰ (ঝুমুৰা)

মাধৱদেৱ ৰচিত নাট বা ঝুমুৰা

মাধৱদেৱভোজন বিহাৰ শিশু উপযোগী এখন নাট বা ঝুমুৰা। ইয়াত গোপগণৰ সৈতে কানুৱে গৰু চৰাইছে। সকলোৱে বনভোজ খাবলৈ বহিল, এনেতে গাই-গৰুবোৰ কেনিবা গুচি গ'ল। আধাখোৱাকৈ কৃষ্ণই পিছে পিছে লৰ দিলে, কিন্তু বিচাৰি নেপায়। শেষত বুজিব পাৰিলে গৰু আৰু গ'ৰখীয়াবোৰ ব্ৰহ্মাই লুকুৱাই ৰাখিছে। আখ্যানৰ মূলভাগ ভাগৱতৰ ১০ম স্কন্ধৰ পৰা লোৱা হৈছে। ঝুমুৰাখন শ্ৰীকৃষ্ণৰ ল'ৰালি কালৰ একোটা বিশেষ মুহূৰ্ত বা পৰিস্থিতিত ঘটা ক্ষুদ্ৰ ঘটনাক লৈ ৰচিত। অনুমাণিক ১৫৭২ খ্ৰীষ্টাব্দত মাধৱদেৱে 'ভোজন বিহাৰ'নাটকখন ৰচনা কৰে।[1]

ভোজন বিহাৰ

গৰুৰ পাল আৰু লগৰীয়াৰ সৈতে ঘৰলৈ উভতি অহা অৱস্থাত কৃষ্ণ।
লিখক মাধৱদেৱ
চৰিত্ৰসমূহ কৃষ্ণ

নাৰদ

শ্ৰীদাম
মূল ভাষা ব্ৰজাৱলী ভাষা
বিষয় ধাৰ্মিক

ভোজন বিহাৰ ঝুমুৰাৰ কাহিনী সম্পাদনা কৰক

এদিন বৃন্দাবনত লগৰীয়া গোপবালকসকলৰ লগত কৃষ্ণই গৰু চৰাই থাকোঁতে যমুনাৰ পাৰত এটুকুৰা সুন্দৰ ঠাই দেখি লগৰীয়া গোপ বালকসকলক সেই ঠাইত বহি লগত নিয়া খোৱা বস্তু খাবলৈ কৃষ্ণই প্ৰস্তাৱ দিলে। কৃষ্ণৰ কথামতে গোপ বালকসকলেও কৃষ্ণক মাজত লৈ ৰং ধেমালি কৰি খাবলৈ বহিল। সেই সময়তে নাৰদ আহি যমুনাৰ পাৰত উপস্থিত হৈ শ্ৰীকৃষ্ণক স্তুতি কৰি গোপ শিশুসকলৰ সৈতে প্ৰসাদ ভোজন কৰি শ্ৰীকৃষ্ণক সেৱা জনাই গুচি গৈছে। ভোজনত ব্যস্ত থাকোঁতে ঘাঁহ বিচাৰি আঁতৰি যোৱা দামুৰি পোৱালিবিলাক নেদেখি শ্ৰীদাম নামৰ কৃষ্ণৰ লগৰীয়া গোপ শিশুজন খাবলৈ এৰি গৰু বিচাৰি যাবলৈ ওলাল। তেতিয়া কৃষ্ণই লগৰীয়াসকলক ভোজন কৰি থাকিবলৈ কৈ নিজে দামুৰি পোৱালিবিলাক বিচাৰি বৃন্দাবনত সোমাল। সেই সময়তে ব্ৰহ্মাই কৃষ্ণক পৰীক্ষা কৰিবৰ বাবে দামুৰি পোৱালিবিলাক আৰু গৰখীয়াসকলক চুৰি কৰি নিলে। শ্ৰীকৃষ্ণই বৃন্দাবনত দামুৰিবোৰ বিচাৰি নাপাই যমুনাৰ পাৰলৈ ঘূৰি আহি গ'ৰখীয়া গোপ বালকসকলকো বিচাৰি নাপাই খেদ কৰিব ধৰিলে। পিছত ধ্যান কৰি কৃষ্ণই গম পালে যে, ব্ৰহ্মাই কৃষ্ণৰ মহিমা প্ৰমাণ কৰিবৰ বাবে দামুৰি পোৱালি আৰু গ'ৰখীয়াসকলক চুৰি কৰি নিছে। তেতিয়া কৃষ্ণই নিজে সকলো দামুৰি পোৱালি আৰু গ'ৰখীয়াৰ ৰূপ ধাৰণ কৰি গকুললৈ ঘূৰি গৈছে আৰু নিজৰ নিজৰ ঘৰলৈ গৈ আনদিনাৰ দৰে অৱস্থান কৰাত গোৱালীসকলে ব্ৰহ্মকে পুত্ৰ হিচাপে পাইছে।[2] ইমানতে 'ভোজন বিহাৰ' ঝুমুৰাৰ কাহিনীভাগ অন্ত পৰিছে। ইয়াৰ আধাৰুৱা কাহিনীৰ অংশ মাধৱদেৱৰ 'ব্ৰহ্মামোহন ঝুমুৰা'ত বৰ্ণিত হৈছে।[3]

নাট্যকাৰৰ চমু পৰিচয় সম্পাদনা কৰক

মাধৱদেৱ আছিল মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় শিষ্য, অনুগত সেৱক আৰু প্ৰধান সংগী। ১৪৮৯ চনত উত্তৰ লক্ষীমপুৰৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰীত মাধৱদেৱৰ জন্ম হয়। পিতৃ গোবিন্দগিৰি আৰু মাতৃ মনোৰমা। প্ৰথমতে শাক্ত আছিল যদিও শংকৰদেৱৰ সান্নিধ্যলৈ আহি একান্ত বৈষ্ণৱ হয়। মাধৱদেৱ আছিল এক বিৰল প্ৰতিভাৰ অধিকাৰী আছিল। শংকৰদেৱৰ পিছত মাধৱদেৱ ধৰ্মাধিকাৰীৰূপে মনোনীত হয় আৰু একাণপতীয়াকৈ শাস্ত্ৰ ৰচনা আৰু ধৰ্ম প্ৰচাৰৰ কাম কৰে। চিৰকুমাৰ মাধৱদেৱৰ ১৫৯৬ চনত মৃত্যু হয়।[4] "শ্ৰীশ্ৰীমাধৱদেৱৰ বাক্যামৃত" নামৰ গ্ৰন্থত মাধৱদেৱৰ ৰচনাৰাজি তলত দিয়া ধৰণৰ:-[5]

  • নামঘোষা
  • ভক্তি ৰত্নাৱলী
  • জন্ম ৰহস্য
  • ৰামায়ণ (আদি কাণ্ড)
  • নাম মালিকা
  • ৰাজসূয়
  • অৰ্জুন ভঞ্জন
  • ভোজন বিহাৰ
  • চোৰ-ধৰা
  • ভূমি লোটোৱা
  • পিম্পৰা গুচোৱা
  • বৰগীত
  • ভটিমা

চৰিত্ৰসমূহ সম্পাদনা কৰক

কৃষ্ণ সম্পাদনা কৰক

ভোজন বিহাৰনাটকখনৰ কেন্দ্ৰীয় চৰিত্ৰ হ'ল বালক কৃষ্ণ। নাট্যকাৰে নাটত শিশু কৃষ্ণক দুমুখীয়া ৰূপত চিত্ৰিত কৰিছে। এফালেদি তেওঁ অইন অইন গোপবালকৰ দৰে গৰু চৰোৱা মানৱ শিশু আৰু আনফালেদি তেঁৱেই ভূমিৰ ভাৰ হৰণ কৰোঁতা ত্ৰিজগতৰ পতি।[6]ড॰ সত্যেন্দ্ৰনাথ শৰ্মাই কৈছে যে "মানৱ শিশুৰ কাৰ্যকলাপ আৰু ব্যৱহাৰ কৃষ্ণ চৰিত্ৰত আৰোপ কৰিছে যদিও কৃষ্ণৰ অলৌকিক আৰু ঐশ্বৰিক দিশলৈ নাট্যকাৰে পিঠি দিয়া নাই। কৃষ্ণ চৰিত্ৰৰ ঐশ্বৰিক দিশ ফুটাই তুলিবলৈ যাওঁতে অথবা ধৰ্মীয় কথা জাপি দৰ্শকৰ ৰসবোধত ব্যাঘাত জন্মোৱা নাই। "[7]

নাৰদ সম্পাদনা কৰক

মাধৱদেৱে 'ভোজন বিহাৰ' ঝুমুৰাটিত নাৰদক টুটকীয়া নাৰদ হিচাপে চিত্ৰিত নকৰি কৃষ্ণৰ একান্ত ভক্ত হিচাপেহে অংকিত কৰিছে | বনত কৃষ্ণই লগৰীয়াসকলৰ লগত থাকোঁতে নাৰদৰ আগমন হয় আৰু কৃষ্ণক সাক্ষাৎ কৰিবলৈ পাই নিজকে ধন্য লভিছে | কৃষ্ণই যে পৰম ব্ৰহ্ম সেই কথাই দৰ্শকক সোঁৱৰাই দিবলৈ নাৰদ চৰিত্ৰৰ অৱতাৰণা কৰিছে নাট্যকাৰ মাধৱদেৱে।

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. ভট্টাচাৰ্য, হৰিচন্দ্ৰ (১৯৮৮). "শ্ৰীমাধৱদেৱ". অসমীয়া নাট্য সাহিত্যৰ জিলিঙনি. প্ৰকাশক গুৱাহাটী: লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৪৬. 
  2. মাধৱদেৱ. শ্ৰীভোজন বিহাৰ নাট. প্ৰকাশক কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰালত সংৰক্ষিত: গুৱাহাটী বিশ্ববিদ্যালয়. 
  3. ডেকা, ড॰ ৰামচন্দ্ৰ (জানুৱাৰী, ২০০১). মাধৱদেৱ ঃ জীৱন আৰু কৃতি. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ১২১-১২২. 
  4. বৰুৱা, শান্তনু কৌশিক (২০০১). অসম অভিধান. প্ৰকাশক গুৱাহাটী: বনলতা. পৃষ্ঠা. ১৮৪. ISBN 81-7339-317-6. 
  5. গোস্বামী, পূৰ্ণনন্দ (সম্পাদিত) (২য় প্ৰকাশ, ১৯৮০). শ্ৰীশ্ৰীমাধৱদেৱৰ বাক্যামৃত. প্ৰকাশক গোলাঘাট: জ্যোতি প্ৰকাশ. পৃষ্ঠা. ৫৬. 
  6. বৰা, ড॰ লীলাৱতী শইকীয়া (১৯৮৮). "নাট্যকাৰ মাধৱদেৱ আৰু চোৰধৰা পিম্পৰা গুচোৱা". ভাষা সাহিত্যৰ সুবাস. প্ৰকাশক টিহু : গুৱাহাটী: চন্দ্ৰপ্ৰকাশ :. পৃষ্ঠা. ১০৭-১১১. 
  7. শৰ্মা, সত্যেন্দ্ৰনাথ (১৯৯২). "মাধৱদেৱ". অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. প্ৰকাশক ৰিহাবাৰী, গুৱাহাটী: সৌমাৰ প্ৰকাশ. পৃষ্ঠা. ১৩৮.