ভোমোৰা (বৈজ্ঞানিক নাম:Terminalia bellirica; অন্য নাম: বহেৰা; বড়ো: ভোওৰা; ৰাভা: ভাওৰাই) এবিধ ডাঙৰ আকাৰৰ পৰ্ণপাতী বনৰীয়া গছ। উজনি আৰু নামনি অসমৰ বনাঞ্চলত এইগছবিদ দেখা পোৱা যায়।[2]

ভোমোৰা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Myrtales
পৰিয়াল: Combretaceae
গণ: Terminalia
প্ৰজাতি: bellirica
বৈজ্ঞানিক নাম
T. bellirica
(Gaertn.) Roxb.[1]
ভোমোৰা (Terminalia bellirica) ফল

বিৱৰণ সম্পাদনা কৰক

ভোমোৰা গছৰ বাকলি ধোৱাঁবৰণীয়া অথবা মদৰুৱা। বাকলিৰ উপৰিভাগৰ পৰা সৰু সৰু নিকৰি ওলাই থাকে। বাকলিৰ ভিতৰভাগ হালধীয়া।[2]

এই গছৰ ঠাৰিবোৰৰ আগভাগত পাতবোৰ থুপপাতি ওলায়। পাতৰ আকাৰ দীঘলীয়া আৰু বহল চানেকীয়া। পাতখিলাৰ আগফালে ক্ৰমে জোঙা হৈ পৰে। এই গছৰ ফুলবোৰ সেউজ-বুলীয়া অথবা হালধীয়া। ফলৰ আকৃতি দীঘলীয়া।[2]

ব্যৱহাৰ সম্পাদনা কৰক

ভোমোৰাৰ ফলৰ ঔষধি গুণ আছে বুলি জনা যায়। আমলখি আৰু শিলিখাৰ লগত ভোমোৰাৰ ফলৰ গুৰি মিলাই ত্ৰিফলা প্ৰস্তুত কৰা হয়।[2]

তথ্যউৎস সম্পাদনা কৰক

  1. IPNI database
  2. 2.0 2.1 2.2 2.3 অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭