ভৰত ৰাজখোৱা একাধাৰে শিশু সাহিত্যিক, ঔপন্যাসিক আৰু এজন শিক্ষাবিদ[1]। শৈক্ষিক দিশত আগবঢ়োৱা অৱদানৰ বাবে তেখেতে ইতিমধ্যে জিলা আৰু ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা লাভ কৰাৰ লগতে অইল ইণ্ডিয়াৰ ‘শিক্ষাৰত্ন’ বঁটা লাভ কৰিছে।[2] শিক্ষক প্ৰশিক্ষক হিচাপেও অসমত তেখেতৰ সুকীয়া পৰিচয় আছে। তেখেতে এতিয়ালৈকে ৮খন উপন্যাস, এখন কুইজ বিষয়ক গ্ৰন্থ, এখন ভাষা শিকন সম্পৰ্কীয় গ্ৰন্থ, শিক্ষক সম্পৰ্কীয় এখন গ্ৰন্থ, কদম অঞ্চলৰ বিষয়ে এখন সম্পাদনা গ্ৰন্থৰ লগতে এখন চুটিগল্পৰ সংকলন প্ৰকাশ কৰিছে।[3]

ভৰত ৰাজখোৱা
জন্ম লখিমপুৰ, কদম, অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতক (আৰ্টচ্ আৰু কমাৰ্চ), বিএড
বিষয় শিশু সাহিত্যিক, ঔপন্যাসিক,

শিক্ষা সম্পাদনা কৰক

  • বি.কম শিক্ষাঃ লখিমপুৰ কমাৰ্চ কলেজৰ পৰা, ১৯৭৯
  • স্নাতক শিক্ষাঃ নৰ্থ লখিমপুৰ কলেজৰপৰা, ১৯৮৪
  • বিএড শিক্ষাঃ Lakhimpur Post Graduate Training Centre, ১৯৯৪

চাকৰি জীৱন সম্পাদনা কৰক

তেখেতে শিক্ষকতাৰ জীৱন আৰম্ভ কৰে ১৯৮১ চনত নিজে প্ৰতিষ্ঠা কৰা কদম জনজাতি বালিকা মধ্য ইংৰাজী বিদ্যালয়ত। ১৯৯৯ চনত তেখেতে কদম হাইস্কুলত যোগদান কৰে। পৰৱৰ্তী সময়ত সেই বিদ্যালৰপৰাই ২০১৯ চনৰ ৩০ মে’ তাৰিখে অৱসৰ গ্ৰহণ কৰে৷ উল্লেখ্য যে ৰাজ্যৰ কৃতি শিক্ষক হোৱাৰ বাবে ৰাজ্য চৰকাৰে তেখেতক পুনৰ এবছৰৰ বাবে শিক্ষকতা কৰিবলৈ সুযোগ দিয়ে৷

সামাজিক অৱদান সম্পাদনা কৰক

তেখেতে ১৯৯৯ চনৰ পৰা বৰ্তমানলৈকে পৰ্যায়ক্ৰমে প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক অসম চৰকাৰৰ নেতৃত্বত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।[4] প্ৰশিক্ষণ দিয়া শৈক্ষিক বিষয়সমূহ হৈছে- সমাজ বিজ্ঞান, ইংৰাজী, লাইফস্কীল ডেভলপমেণ্ট, এড'লচেন্স ইচ্যুচ, ডিচেষ্টাৰ মেনেজমেণ্ট, নিষ্ঠা, ব্লুপ্ৰিণ্ট মেকিং আদি। তেওঁ নিজেও বহুকেইটা পাঠ্যক্ৰমৰ ডিগ্ৰী লাভ কৰিছে। তাৰ ভিতৰত বি এ (১৯৯৪), লেংগুৱেজ ট্ৰেনিং (১৯৮৬-৮৭), ই.টি. (হায়দৰাবাদ ১৯৮৮), কালচাৰেল হেৰিটেজ (দিল্লী ১৯৯৫), অৰিয়েণ্টেচন প্ৰগেম (উদয়পুৰ- ২০১১), চাপো (হায়দৰাবাদ, ২০১২), লীডাৰচীপ ট্ৰেইনিং (বাগৰ, ৰাজস্থান ২০১৯) আদি।[2]

বঁটা আৰু সন্মান সম্পাদনা কৰক

শিক্ষক হিচাপে লাভ কৰা বঁটা সম্পাদনা কৰক

  • জিলা কৃতী শিক্ষক (২০১৪)
  • ৰাজ্যিক কৃতী শিক্ষক (২০১৭)
  • অইল ইণ্ডিয়াই প্ৰদান কৰা ‘শিক্ষাৰত্ন’ বঁটা (২০১৬)
  • বাবা চাহেব ডা বি.আৰ. আম্বেদকাৰ নেচনেল ফেল’শ্বীপ বঁটা (২০১৬)

সাহিত্যিক বঁটা সম্পাদনা কৰক

  • বঙাইগাঁও ৰিফাইনেৰীৰ শ্ৰেষ্ঠ গল্পকাৰ বঁটা- ২০১৩
  • অসম শিশু সাহিত্য ন্যাসৰ বঁটা-২০১৪
  • দেওৰাম তাছা সোঁৱৰণী সাহিত্য বঁটা-২০১৫
  • বৰপেটা জিলা সাহিত্য সভাৰ দ্বাৰা দিলীপ কুমাৰ শৰ্মা সোঁৱৰণী শ্ৰেষ্ঠ শিশু উপন্যাস বঁটা-২০১৮
  • নতুন সুৰ প্ৰকাশন পৰিষদৰ ‘সাহিত্যজ্যোতি' বঁটা-২০১৮

অন্যান্য বঁটা সম্পাদনা কৰক

  • শংকৰ আজান সমন্বয় বঁটা'- (২০১৯) (সাহিত্য সমাজ সংস্কৃতি মঞ্চ, পুৰণিগুদাম, নগাঁও)
  • দুৰ্নীতি বিৰোধী শূন্য সহনশীল বঁটা-২০২০
  • শব্দ চৰৈৱৰ্তী সৌৰভ বঁটা- ২০২৩
  • 'ৰহস্য' আলোচনীয়ে 'আলোড়নকাৰী লেখক’ উপাধি প্ৰদান কৰিছে।

প্ৰকাশিত গ্ৰন্থসমূহ সম্পাদনা কৰক

  • চন্দ্ৰ গুপ্তৰ প্ৰেম (ঐতিহাসিক উপন্যাস), ২০০৫
  • হাবেল (শিশু উপন্যাস), ২০১৪
  • একলব্য (শিশু উপন্যাস), ২০১৮
  • মনোমোহা কদম (সম্পাদিত গ্ৰন্থ), ২০১৬
  • সেতু দি ব্ৰীজ (ভাষা শিকন সম্পৰ্কীয় গ্ৰন্থ), ২০১৫
  • জীৱন নদী আৰু মৰুভূমি (সামাজিক উপন্যাস), ২০১৬
  • সহযোদ্ধা (সামাজিক উপন্যাস), ২০১৬
  • শিক্ষক আৰু শিক্ষকতা (শিক্ষকৰ বাবে গ্ৰন্থ), ২০১৭
  • পণবন্দী (এডভান্সাৰ উপন্যাস), ২০১৭
  • Archaeological stories of India, ২০১৭
  • আনন্দৰাম বৰুৱাৰ বিষয়ে এশটা কুইজ, ২০১৯
  • মিনিৰ সুখ-দুখ (শিশু উপন্যাস), ২০২১
  • দিগন্তত ৰামধেনু, ( শিশু উপন্যাস) ২০২৩
  • 'মঙ্গলময় পত্ৰিকা'ত ধাৰাবাহিক ভাবে প্ৰকাশ পাই আছে ল'ৰাৰজা চুলিকফাৰ জীৱনৰ আধাৰত ৰচিত উপন্যাস “বোপা দেউতা।" [2]

তথ্যসূত্ৰ সম্পাদনা কৰক