ভৱানী জামাক্কালাম ভাৰতৰ তামিলনাডু ৰাজ্যৰ এৰোড জিলাৰ ভৱানীত উৎপাদিত কম্বল আৰু দলিচাজাতীয় পণ্য।[1][2] এই শিল্পয়ে ২০০৫-২০০৬ চনত ভাৰতৰ ভৌগোলিক নিদৰ্শন চিহ্ন হিচাপে স্বীকৃতি লাভ কৰিছে।[3]

ভৱানী জামাক্কালাম
ভৌগোলিক স্বীকৃতি

ভৱানী জামাক্কালাম
বৰ্ণনা তামিলনাডুৰ ভৱানীত উৎপাদিত কম্বল আৰু দলিচা
প্ৰকাৰ হস্তশিল্প
অঞ্চল ভৱানী, তামিলনাডু
দেশ ভাৰত
পঞ্জীয়ন ২০০৫-২০০৬
উপাদান কপাহ, ৰেচম

ইতিহাস সম্পাদনা কৰক

১৯ শতিকাৰ ব্ৰিটিছ চৰকাৰৰ লগত প্ৰতিযোগিতাত বৰ্তি থাকিবলৈ ভাৰতীয় শিল্পী সকলে এক প্ৰকাৰৰ নতুন ধৰণৰ পোছাক উদ্ভাৱন কৰে।[2] ভৱানীৰ দৰ্জী সম্প্ৰদায়ৰ লোক সকলে ৰঙীন শকত সূতাৰ মাধ্যমত এই কম্বল তৈয়াৰ কৰে।[4] উৎপাদিত জামাক্কালামৰ জনপ্ৰিয়তা অন্যান্য ঐতিহ্যগত শাড়ী আৰু পোছাকৰ সলনি এই জামাক্কালাম উৎপাদনে নেতৃত্ব বহন কৰে। [4]

প্ৰকাৰ সম্পাদনা কৰক

ভৱানীত দুই ধৰণৰ জামাক্কালাম উৎপাদিত হয়।

  • শকত ৰঙীন কপাহী সূতাৰে তৈয়াৰ কৰা। [5]
  • কৃত্ৰিম ৰেচমেৰে তৈয়াৰ কৰা সুন্দৰ প্ৰান্ত যুক্ত কোমল কম্বল।[5]

ভৱানী জামাক্কালামত বাকপাক চাদৰো উৎপাদিত হয়।[6]

বিৱৰণ সম্পাদনা কৰক

পৰম্পৰাগত ভাবে জামাক্কালাম আত্মনিৰ্ভৰশীল শিল্পীসকলৰ ঘৰতে উৎপাদিত হয়।[7] তাৰপিছত এই কম্বল প্ৰধান দৰ্জীৰ কাষত পঠিয়াই দিয়া।[8] প্ৰধান দৰ্জীয়ে কম্বল পৰীক্ষা কৰি অন্যান্য কাৰিগৰৰ লগত যোগাযোগ কৰে। এই হস্ত নিৰ্মিত তাঁত বিক্ৰী কৰিবলৈ ব্যৱসায়ী সকলৰ কাষত পঠিয়াই দিয়া হয়।[9] তাৰ পিছত ব্যৱসায়ী সকলে উৎপাদিত পণ্য নিকটবৰ্তী এলাকাসমুহত পঠিয়াই দিয়ে। প্ৰায় ১৫০০ শ্ৰমিক এই জামাক্কালামৰ উৎপাদনৰ লগত জড়িত তাৰে ভিতৰত দুই-তৃতীয়াংশ হল মহিলা । [10]

ৰপ্তানি সম্পাদনা কৰক

উৎপাদিত জামাক্কালাম বিশ্বৰ বিভিন্ন দেশত ৰপ্তানি কৰা হয়, যেন - চুইডেন, জাৰ্মানী, ইটালী, ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছিংগাপুৰ[11] ১৯৯৩ চনত সকলোতকৈ বেছি কাপোৰ ৰপ্তানি কৰা হয়। .[11]

ভৌগোলিক অস্তিত্ব সম্পাদনা কৰক

২০০৫ চনত তামিলনাডু চৰকাৰে এই শিল্পক ভৌগোলিক অস্তিত্বৰ ইংগিত বহনকাৰী হিচাপে উপস্থাপন কৰে। [12] ফলশ্ৰুতিত ২০০৫-০৬ চনত ভাৰত চৰকাৰে জামাক্কালামক ভৌগোলিক অস্তিত্বৰ ইংগিত হিচাপে আনুষ্ঠানিক ভাবে স্বীকৃতি প্ৰদান কৰে। [3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Parry, Breman, Kapadia. The worlds of Indian industrial labour. পৃষ্ঠা. 380. 
  2. 2.0 2.1 de Neve. The Everyday Politics of Labour. পৃষ্ঠা. 42. 
  3. 3.0 3.1 "Geographical indications of India". Government of India. http://ipindia.nic.in/girindia/। আহৰণ কৰা হৈছে: 28 June 2015. 
  4. 4.0 4.1 de Neve. The Everyday Politics of Labour. পৃষ্ঠা. 43. 
  5. 5.0 5.1 de Neve. The Everyday Politics of Labour. পৃষ্ঠা. 87. 
  6. "When passion met fashion". The Hindu. 13 April 2014. http://www.thehindu.com/features/metroplus/events/when-fashion-met-passion/article5909543.ece. 
  7. de Neve. The Everyday Politics of Labour. পৃষ্ঠা. 167. 
  8. de Neve. The Everyday Politics of Labour. পৃষ্ঠা. 45. 
  9. de Neve. The Everyday Politics of Labour. পৃষ্ঠা. 44. 
  10. de Neve. The Everyday Politics of Labour. পৃষ্ঠা. 86. 
  11. 11.0 11.1 Assayag, Fuller. Globalizing India: Perspectives from Below. পৃষ্ঠা. 93. 
  12. "GI tag: TN trails Karnataka with 18 products". Times of India. 29 August 2013. http://timesofindia.indiatimes.com/city/chennai/GI-tag-TN-trails-Karnataka-with-18-products/articleshow/6458268.cms.