মই ভাবোঁ, গতিকে মই আছোঁ
মই ভাৱো, গতিকে মই আছোঁ এই বাক্য শাৰী প্ৰসিদ্ধ ফৰাচী দাৰ্শণিক, গণিতজ্ঞ আৰু বৈজ্ঞানিক ৰেনেইঁ দেইকাৰ্তেৰ দ্বাৰা উপস্থাপিত এক বিখ্যাত দাৰ্শণিক উক্তি। কালক্ৰমত এই উক্তি পশ্চিমীয়া দৰ্শণৰ এক মৌলিক উপাদান হিচাপে বিবেচিত হৈছিল, কিয়নো সকলো জ্ঞান "মই আছোঁ" এই জ্ঞানৰ আধাৰৰ পৰাই আৰম্ভ হয়।
ৰেনেইঁ দেইকাৰ্তেৰ মতে আমি কোনেও আমাৰ অস্তিত্বৰ ওপৰত সন্দেহ কৰিব নোৱাৰোঁ কিয়নো সন্দেহ কৰাৰ মুহূৰ্ততেই আমাৰ অস্তিত্ব প্ৰমাণ হব। তেওঁৰ মতে বাকী সকলো জ্ঞান আমাৰ কল্পনাকৃত, কাৰোবাৰ মায়া বা প্ৰতাৰণাৰ ফল বা নিজৰ ভুল বা জ্ঞানেন্দ্ৰিয়ৰ পৰিসীমতাৰ বাবে অশুদ্ধ হোৱাৰ অৱকাশ আছে কিন্তু "মই ভাৱো, গতিকে মই আছোঁ" এই জ্ঞান কোনোপধ্যেই অশুদ্ধ বা মিছা হব নোৱাৰে।
দেইকাৰ্তেৰ এই "মই ভাৱো, গতিকে মই আছোঁ" (ফৰাচী: je pense, donc je suis) উক্তি পোনপ্ৰথমে তেওঁৰ ফৰাচী ভাষাত লিখা Discours de la Méthode (১৬৩৭) নামৰ কিতাপ খনত প্ৰকাশ পায় য'ত তেওঁ লিখিছিল:
(ফৰাচী:) Ainsi, à cause que nos sens nous trompent quelquefois, je voulus supposer qu'il n'y avoit aucune chose qui fût telle qu'ils nous la font imaginer; Et parce qu'il y a des hommes qui se méprennent en raisonnant, même touchant les plus simples matières de Géométrie, et y font des Paralogismes, jugeant que j'étois sujet à faillir autant qu'aucun autre, je rejetai comme fausses toutes les raisons que j'avois prises auparavant pour Démonstrations; Et enfin, considérant que toutes les mêmes pensées que nous avons étant éveillés nous peuvent aussi venir quand nous dormons, sans qu'il y en ait aucune pour lors qui soit vraie, je me résolus de feindre que toutes les choses qui m'étoient jamais entrées en l'esprit n'étoient non plus vraies que les illusions de mes songes. Mais aussitôt après je pris garde que, pendant que je voulois ainsi penser que tout étoit faux, il falloit nécessairement que moi qui le pensois fusse quelque chose; Et remarquant que cette vérité, je pense, donc je suis, étoit si ferme et si assurée, que toutes les plus extravagantes suppositions des Sceptiques n'étoient pas capables de l'ébranler, je jugeai que je pouvois la recevoir sans scrupule pour le premier principe de la Philosophie que je cherchais.
(অসমীয়া:) এইধৰণে যেতিয়া দেখা গ'ল যে আমাৰ ইন্দ্ৰিয়বোৰে আমাক কেতিয়াবা ঠগাব পাৰে, মই ভাবিবলৈ বিচাৰিছিলো যে আমাৰ আগত উন্মোচিত সকলোবোৰেই দৰাচলতে বাস্তৱত নাথাকিব (নহ'ব) পাৰে; আৰু কিয়নো কিছুমান মানুহে যুক্তিবাদত ভুল কৰে, আনকি জ্যামিতিৰ কিছুমান সৰু সৰু বিষয়তো যুক্তিভ্ৰমৰ চিকাৰ হয়, মই, ময়ো আনৰ দৰে একেধৰণৰ ভুলৰ বশবৰ্তী হ'ব পাৰো বুলি আশ্বস্ত হৈ, ইয়াৰ আগতে প্ৰতিপাদন কৰা সকলো যুক্তিবাদক নাকচ কৰিছিলো আৰু শেষত যেতিয়া বিবেচনা কৰিছিলো যে সাৰে থকা অৱস্থাত আমি অনুভৱ কৰিব পৰা সকলো চিন্তা (ধাৰণা) আমি শুই থাকিলেও অনুভৱ কৰিব পাৰো যি সময়ত সেইবোৰৰ কোনোটোৱেই সত্য নহয়, মই ধৰি লৈছিলো যে সাৰে থকা অৱস্থাত মোৰ মূৰত সোমোৱা সকলো বস্তুগত (ধাৰণা)ত মোৰ সপোনৰ ভ্ৰমবোৰতকৈ বেছি সত্য নিহীত হৈ থকা নাই। কিন্তু লগে লগেই মই দেখিলো যে যিসময়ত মই ভাবিবলৈ ইচ্ছা কৰিছিলো যে সকলোবোৰ মায়া, এইটো অতিকে প্ৰয়োজনীয় হৈ পৰিল যে, মই, যি এইবোৰ ভাবিছো, সেই "মই"টো কিবা এটা হ'বই লাগিব আৰু মই দেখিলো যে এই জ্ঞান মই ভাৱো, গতিকে মই আছোঁ এনে এক অৱধাৰিত সত্য আৰু নিশ্বিত তথ্যোক্তি যাক লৈ সন্দেহ কৰাৰ কোনো থল নাই লাগিলে সন্দেহবাদী সকলে সন্দেহ আছে বুলি যিমানেই বিয়াগোম যুক্তি দি মোক বিচলিত কৰিবলৈ চেষ্টা নকৰক কিয়; কাজেই মই সিদ্ধান্তত উপনীত হৈছিলো যে মই বিচাৰি থকা দৰ্শণৰ মৌলিক সূত্ৰটো এইটো বুলিয়েই নিঃসঙ্কোচে গ্ৰহণ কৰিব পাৰো।
জন্মৰ পাচত নিজৰ অস্তিত্ব অনুভৱেই হৈছে এনে এক জ্ঞান যাৰবাবে কোনো প্ৰমাণ নালাগে আৰু য'ত নিজৰ বা আনকোনো সন্দেহবাদী মানুহৰ সন্দেহ কৰাৰ থল নাথাকে আৰু গতিকে এই উক্তিৰ সমৰ্থনত কোনো পূৰ্বযুক্তিৰো প্ৰয়োজন নাই।[1]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Vesey, Nicholas (2011). Developing Consciousness. প্ৰকাশক United Kingdom: O-Books. পৃষ্ঠা. 16. ISBN 978-1-84694-461-1.