মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় দৰং জিলাৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান। দৰং জিলাৰ এই আগশাৰীৰ শিক্ষাপ্ৰতিষ্ঠানখনিৰ লাইখুটা স্থাপিত হৈছিল ১৯০৩ চনৰ আগষ্ট মাহৰ কোনো এক শনিবাৰে। শতবৰ্ষ গৰকি যোৱা অসমৰ এইখন অন্যতম পুৰণি চৰকাৰী বিদ্যালয়ৰ গৌৰৱোজ্বল ইতিহাসে মঙলদৈবাসীৰ লগতে সমগ্ৰ অসমবাসীকে গৌৰৱান্বিত কৰি আহিছে। প্ৰতিষ্ঠাকালত মঙলদৈ হাইস্কুল নামেৰে খ্যাত এইখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ ভিতৰত অন্যতম আছিল।[1]
মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় | |
---|---|
মূলমন্ত্ৰ | তমসো মা জ্যোতিৰ্গময় |
স্থাপিত | ১৯০৩ |
স্থান | মঙলদৈ, অসম, ভাৰত |
পূৰ্বৰ নাম | মঙলদৈ হাইস্কুল |
কৃতিত্ব
সম্পাদনা কৰকমঙলদৈ চহৰৰ মাজমজিয়াস্থিত সদৰ থানাৰ চৌহদত প্ৰতিষ্ঠা হোৱা এই বিদ্যালয়ৰ পৰা পোনপ্ৰথমবাৰৰ বাবে ১৯০৭ চনত এদল ছাত্ৰই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰে ভিতৰত নন্দ ৰাম ডেকাই দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ উপৰি অন্য চাৰিজন পৰীক্ষাৰ্থীয়ে তৃতীয় বিভাগ লাভ কৰিবলৈ সক্ষম হয়। সেই সময়ত বিদ্যালয়খনৰ সৰ্বাংগীন বিকাশত উল্লেখযোগ্য অৰিহণা আগবঢ়োৱা ব্যক্তিসকলৰ ভিতৰত অগ্ৰজ আছিল ৰাধানাথ ফুকন, শৰৎ চন্দ্ৰ গোস্বামী আদি।
এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক হেডমাষ্টৰ (প্ৰধান শিক্ষক) আছিল যোগেন্দ্ৰনাথ দে। ১৯১৪ চনত চৰকাৰীকৰণ হোৱা এই বিদ্যালয়খন ১৯৩৩ চনত বৰ্ত্তমানৰ চৌহদলৈ স্থানান্তৰ কৰা হয়।
শতবৰ্ষ অতিক্ৰম কৰিবলৈ সক্ষম হোৱা এই বিদ্যালয়খনে ১৯৫৪ চনত “সোণালী জয়ন্তী” তথা ১৯৬৫ চনত “হীৰক জয়ন্তী” মহোৎসৱ উদযাপন কৰাৰ উপৰিও ২০০৫ চনত জাকজমকতাৰে শতবাৰ্ষিকী সমাৰোহ পালন কৰে ।
কৃতি ছাত্ৰ
সম্পাদনা কৰককৃতি শিক্ষক
সম্পাদনা কৰক- যোগেন্দ্ৰনাথ দে
- কীৰ্তিনাথ বৰদলৈ
- ৰমনীকান্ত বৰুৱা
- মঃ তৈয়বুল্লা
- কুমুদ চন্দ্ৰ বৰদলৈ
- চন্দ্ৰকান্ত বৰুৱা
- ভবানন্দ ৰাজখোৱা
- বকদুল আলি (প্ৰথম অধ্যক্ষ)
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ সোঁৱৰণি মোৰ, শতবাৰ্ষিকী স্মৃতিগ্ৰন্থ ২০০৫