তফজ্জুল আলি (ইংৰাজী: Tafazzul Ali) অসমৰ এজন প্ৰসিদ্ধ গীতিকাৰ। তেওঁ অসমীয়া ভাষাত ভালেসংখ্যক গীত ৰচনা কৰাৰ লগতে 'পুতলা ঘৰ' আৰু 'সোণৰ হৰিণ' চলচ্চিত্ৰত সংগীত পৰিচালনা কৰিছে। অসমীয়া সাহিত্য-সংস্কৃতিলৈ আলিৰ অৱদানৰ প্ৰতি স্বীকৃতি স্বৰূপে ১৯৯৫ চনত অসম চৰকাৰে তেওঁক বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰে।[1] তেওঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰিচালনা সমিতিৰ সদস্য হোৱাৰ লগতে জ্যোতি চিত্ৰবন ফিল্মচ চ'ছাইটীৰ আজীৱন সভ্য আছিল। গীতিকাৰগৰাকীয়ে অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।[1]

তফজ্জুল আলি
জন্ম ১৬ অক্টোবৰ ১৯২৯
দৰং জিলা, অসম
মৃত্যু ৫ জুলাই ২০০৮
গুৱাহাটী, অসম
পেচা শিক্ষাবিদ, গীতিকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
নাগৰিকত্ব ভাৰতীয়
ধৰণ আধুনিক
উল্লেখযোগ্য বঁটা ১৯৯৫: বিষ্ণু ৰাভা বঁটা
২০০৯: পদ্মশ্ৰী

জন্ম সম্পাদনা কৰক

১৯২৯ চনৰ ১৬ অক্টোবৰত দৰং জিলাৰ ভূটীয়াচাং চাহ বাগিচাত তফজ্জুল আলিৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম মহবুব আলি আৰু মাতৃৰ নাম চাদিয়া খাতুন। মঙ্গলদৈ চহৰৰ ওচৰতে থকা নগৰবাহী গাঁৱত তেওঁ ল'ৰালি আৰু যৌৱন অতিবাহিত কৰে।[2]

শিক্ষা জীৱন সম্পাদনা কৰক

নগৰবাহী গাঁৱতে শিক্ষাৰম্ভ কৰা আলিয়ে টংলাৰ চাটগাড়ী মজলীয়া বিদ্যালয়ত নিয়মীয়া শিক্ষাগ্ৰহণৰ আৰম্ভণি কৰিছিল। ১৯৪৯ চনত তেওঁ মঙলদৈ ইংৰাজী বিদ্যালয়ৰপৰা দ্বিতীয় বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৫১ চনত তেওঁ কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক (আই এ) পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ১৯৫৩ চনত তেওঁ কটন মহাবিদ্যালয়ৰপৰাই অসমীয়া সাহিত্যত অনাৰ্ছসহ স্নাতক উপাধি লাভ কৰে। ১৯৫৫ চনত তেওঁ একে বিষয়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ উপাধি লাভ কৰে।[2]

সংগীত শিক্ষা সম্পাদনা কৰক

তফজ্জুল আলিৰ পিতৃ চিকিৎসক মহবুব আলিও এজন কণ্ঠশিল্পী আছিল। আলিয়ে তেওঁৰপৰাই সংগীতৰ প্ৰাথমিক শিক্ষা লাভ কৰিছিল।পিছলৈ তেওঁ মকলুম ওস্তাদ বছিৰ আহমদ, গুৰু শীল, অসমৰ প্ৰথম 'সংগীত বিশাৰদ' উপাধিধাৰী বৰপেটাৰ খগেন্দ্ৰ নাথ দাস আদিৰ পৰা সংগীত শিক্ষা লাভ কৰিছিল।[2]। ১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠাৰ সময়ত সংগীত বিভাগৰ দায়িত্বত থকা সংগীত শিল্পী পুৰুষোত্তম দাস আৰু অনুষ্ঠান কাৰ্যবাহক উবেইদুল লতিফ বৰুৱাই গায়ক-গায়িকাৰ সন্ধানত অসমৰ বিভিন্ন প্ৰান্তলৈ গৈছিল। তেতিয়া মঙ্গলদৈ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ তফজ্জুল আলিক এই দুই শিল্পীয়ে বিচাৰি উলিয়াইছিল আৰু অনাতাঁৰযোগে গীত পৰিৱেশনৰ সুযোগ দিছিল। ১৯৪৮ চনৰ ৭ আগষ্টত প্ৰথমবাৰলৈ অনাতাঁৰযোগে গীত পৰিবেশন কৰি আলিয়ে অনাতাঁৰ শিল্পীৰূপে নিজক প্ৰতিস্থা কৰিছিল। ১৯৫০ চনত কটন কলেজত পঢ়াৰ সময়ত বীৰেন দত্ত আৰু জ্যোতিৰ্ময় কাকতীৰ সান্নিধ্য লাভ কৰি এই তিনি সংগীত শিল্পী ‘ত্ৰিমূৰ্তি’ নামেৰে পৰিচিত হৈ পৰিল। পিছলৈ জয়ন্ত হাজৰিকাৰ লগত লগ লাগি জয়ন্ত হাজৰিকাৰ কণ্ঠ আৰু তফজ্জুল আলিৰ ৰচনাৰে ‘মধুমালতী টোপনি যোৱা..’ গীতটি ৰচনা কৰে। আলিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত সংগীত বিভাগৰ সম্পাদকৰ দায়িত্বভাৰো গ্ৰহণ কৰিছিল।[3]

কৰ্মজীৱন সম্পাদনা কৰক

১৯৫৫ চনত তেওঁ ডিব্ৰুগড়ৰ হনুমান বক্স কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগত প্ৰবক্তা হিচাপে যোগ দিয়ে। ১৯৭০ চনত তেওঁ গৌহাটী বাণিজ্য মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰে আৰু পিছলৈ মুৰব্বী অধ্যাপকৰ পদবী পাই অৱসৰ লাভ কৰে।[4]

ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত 'সংগম' নামৰ অসমীয়া ভাষাৰ প্ৰথম মাহেকীয়া ডাইজেষ্ট আলোচনীৰো সম্পাদনা কৰিছিল।[4]

গীতিকাৰজনে 'পুতলা ঘৰ', 'সোণৰ হৰিণ', 'অনল' আৰু 'মৃত্যুহীন জীৱন' কথাছবিত সংগীত পৰিচালনা কৰিছিল।[5]

উল্লেখনীয় কৰ্ম সম্পাদনা কৰক

গীতৰ পুথি
  • মন্দাক্ৰান্তা
  • অনুষ্টুপ
  • সোণালী চৰাই
  • অঘৰী ককাইদেউৰ গীত
  • বহুদিন বকুলৰ গোন্ধ পোৱা নাই
নাট
  • বেদ নম্বৰ ফাইভ
  • নেপাতি কেনেকৈ থাকোঁ
  • বাসন্তীৰ বিয়া
  • কড়ি আৰু কোমল[4]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

১৯৬২ চনত তফজ্জুল আলি জহুৰা আলীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[5]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 "Poet and lyricist Tafajjul Ali passes away at Bokul Tol". Assam Times. 6 July 2008. http://www.assamtimes.org/node/1638। আহৰণ কৰা হৈছে: 20 May 2013. 
  2. 2.0 2.1 2.2 গীতিকাৰ তফজ্জুল আলিৰ সৈতে এখন্তেক। সাক্ষাৎ গ্ৰহণ: দিলীপ কুমাৰ দাস। প্ৰকাশক: শৰৎ সমগ্ৰ অসমীয়া প্ৰতিদিন (২০০৫)।
  3. হেমন্ত কুমাৰ বৰুৱা (14 may, 2014). "গীতিকাৰ তফজ্জুল আলি". Dainik Janambhumi. পৃষ্ঠাসমূহ: 6. https://dainikjanambhumi.co.in/05072021/details.php?date=14-05-2014&page=6&article=3.jpg&cid=28664। আহৰণ কৰা হৈছে: 5 July 2021. 
  4. 4.0 4.1 4.2 "তফজ্জুল আলি (ASSAMESE)". rimitamelody.wordpress.com. http://rimitamelody.wordpress.com/tafazzul-ali-%E0%A6%A4%E0%A6%AB%E0%A6%9C%E0%A7%8D%E0%A6%9C%E0%A7%81%E0%A6%B2-%E0%A6%86%E0%A6%B2%E0%A6%BF/। আহৰণ কৰা হৈছে: 20 May 2013. 
  5. 5.0 5.1 অঞ্জু শাণ্ডিল্য (জুলাই ৫, ২০১৫). "বকুলৰ সুবাস বিচাৰি ফুৰা মানুহজন". দেওবৰীয়া খবৰ.