মঙ্গলবাৰ ( IPA: [maṅgalabāra] ) হ'ল সপ্তাহৰ এটা বাৰ। ই সোমবাৰৰ পিছত আৰু বুধবাৰৰ আগতে থাকে। আন্তৰ্জাতিক মান অনুসৰি এয়া সপ্তাহৰ তৃতীয় দিন। ভাৰততো ইয়াক সপ্তাহৰ তৃতীয় দিন হিচাপে গণ্য কৰা হয়। মঙ্গলবাৰ নামটো হিন্দু নৱগ্ৰহ দেৱতা মংগল গ্ৰহৰ নামেৰে নামকৰণ কৰা হৈছে।

হিন্দু নৱগ্ৰহ দেৱতা মঙ্গল। মঙ্গলবাৰ নামটো তেওঁৰ নামেৰেই ৰখা হৈছে।

হিন্দু ধৰ্মৰ শাক্ত সম্প্ৰদায়ৰ বাবে মঙ্গলবাৰটো বিশেষ পবিত্ৰ দিন। এই দিনটোত কালি আৰু দুৰ্গাক বিশেষভাৱে পূজা কৰা হয়। খ্ৰীষ্টান ধৰ্মৰ ইষ্টাৰ্ণ অৰ্থডক্স চাৰ্চে এইদিনটোক চেণ্টজন দ্যা বেপ্টিষ্টৰ দিন হিচাপে পালন কৰে।

জ্যোতিৰ্বিদ্যাত

সম্পাদনা কৰক

জ্যোতিৰ্বিদ্যা চৰ্চাত মঙ্গলবাৰ মঙ্গল গ্ৰহৰ লগত সংযুক্ত আৰু ইয়াক প্ৰকাশ কৰা হয় প্ৰতীক চিহ্নৰ দ্বাৰা।