মঞ্জুম্মেল বয়ছ

চিদাম্বৰমৰ দ্বাৰা পৰিচালিত ২০২৪ বৰ্ষৰ চলচ্চিত্ৰ

মঞ্জুম্মেল বয়ছ (ইংৰাজী: Manjummel Boys) হৈছে চিদাম্বৰমৰ দ্বাৰা ৰচিত তথা পৰিচালিত ২০২৪ বৰ্ষৰ ভাৰতীয় মালয়ালম ভাষাৰ এখন ছাৰ্ভাইভেল থ্ৰিলাৰ চলচ্চিত্ৰ। পাৰাভা ফিল্মছৰ অধীনত ছবিখনৰ প্ৰযোজনা কৰিছে সৌবিন শ্বাহীৰ, বাবু শ্বাহীৰ আৰু শ্বাউন এণ্টনিয়ে। ছবিখনত অভিনয় কৰিছে সৌবিন শ্বাহীৰ, শ্ৰীনাথ ভাসী, বালু ভাৰ্ঘেছ, গণপতি এছ. পড়ুভাল, লাল জুনিয়ৰ, দীপক পৰম্বল, অভিৰাম ৰাধাকৃষ্ণণ, অৰুণ কুৰিয়ান, খালিদ ৰহমান আৰু শ্বেবিন বেন্সনে৷ ২০০৬ চনৰ এটা সঁচা ঘটনাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।[3] কাহিনীটো কোচিৰ ওচৰৰ মঞ্জুম্মেল নামৰ এখন সৰু চহৰৰ। চহৰখনৰ এদল বন্ধুৱে বন্ধৰ দিনত শৈলচহৰ কোড়াইকানাললৈ যোৱাৰ সিদ্ধান্ত লয়। ভ্ৰমণকালছোৱাত তেওঁলোকৰ এজন গুনা গুহাত আবদ্ধ হৈ পৰে আৰু ইয়াকে মূল বিষয়বস্তু হিচাপে লৈ ছবিখন নিৰ্মিত হৈছে৷

মঞ্জুম্মেল বয়ছ
পৰিচালক চিদাম্বৰম
ৰচনা চিদাম্বৰম
প্ৰযোজক সৌবিন শ্বাহীৰ
বাবু শ্বাহীৰ
শ্বাউন এণ্টনি
অভিনয়ত সৌবিন শ্বাহীৰ
শ্ৰীনাথ ভাসী
বালু ভাৰ্ঘেছ
গণপতি এছ. পড়ুভাল
লাল জুনিয়ৰ
দীপক পৰম্বল
অভিৰাম ৰাধাকৃষ্ণণ
অৰুণ কুৰিয়ান
খালিদ ৰহমান
চান্দু চেলিমকুমাৰ
শ্বেবিন বেন্সন
বিষ্ণু ৰেঘু
চিত্ৰগ্ৰহণকাৰী শ্বায়জু খালিদ
সম্পাদনা বিবেক হৰ্ষণ
সংগীত পৰিচালক সুশীন শ্যাম
প্ৰযোজনা
কোম্পানী
পাৰাভা ফিল্মছ
পৰিবেশক শ্ৰী গোকুলম মুভিজ
মুক্তি
২২ ফেব্ৰুৱাৰী ২০২৪ (2024-02-22)
দৈৰ্ঘ্য
১৩৫ মিনিট
দেশ ভাৰত
ভাষা মালয়ালম
বাজেট est. ₹২০ কোটি[1]
সৰ্বমুঠ আয় est. ₹২৪২.৩ কোটি[2]

২০২৪ চনৰ ২২ ফেব্ৰুৱাৰীত ছবিখনে কেৰালা আৰু তামিলনাডুৰ ছবিগৃহসমূহত মুক্তি পায় তথা সমালোচকসকলৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰে।[4] ২০০ কোটি টকাতকৈ অধিক উপাৰ্জন কৰা মালয়ালম ছবি জগতৰ প্ৰথমখন ছবি হিচাপে পৰিগণিত হয় আৰু বক্স অফিচত কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হয়। ই ২০১৮ শীৰ্ষক ছবিখনে গঢ়া অভিলেখ ভংগ কৰি এতিয়ালৈকে সৰ্বাধিক উপাৰ্জন কৰা মালয়ালম ছবি হিচাপে পৰিগণিত হয়। ইয়াৰ উপৰিও ২০২৪ চনৰ সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় ছবিৰ ভিতৰত অন্যতম এখন হিচাপে খিতাপ পায়।

  1. "This film made in Rs 20 crore with no superstars, heroine, all new actors, is fastest to earn Rs 100 crore in industry" (en ভাষাত). DNA India. 2024-03-07. https://www.dnaindia.com/bollywood/report-this-film-made-rs-20-crore-no-superstars-heroine-new-actors-fastest-to-earn-rs-100-crore-manjummel-boys-3080648। আহৰণ কৰা হৈছে: 27 March 2024. 
  2. "സൂപ്പർ താരങ്ങളില്ല, ഓടിയത് 73 ദിവസം, നേടിയത് 240 കോടി ! 'മഞ്ഞുമ്മൽ' പിള്ളേർ നാളെ ഒടിടിയിൽ, ആകെ നേടിയത് ?" (ml ভাষাত). AsianetNews. 2024-05-04. https://www.asianetnews.com/entertainment/box-office/malayalam-movie-manjummel-boys-ott-release-tomorrow-5-5-2024-in-disney-plus-hot-star-final-box-office-collection-scy3mb। আহৰণ কৰা হৈছে: 4 May 2024. 
  3. "Soubin Shahir's Manjummel Boys, based on true events, has this thrilling connection to Kamal Haasan's Gunaa". OTT Play. Archived from the original on 24 February 2024. https://web.archive.org/web/20240224110720/https://www.ottplay.com/news/soubin-shahirs-manjummel-boys-based-on-true-events-has-this-thrilling-connection-to-kamal-haasans-gunaa/29f1386d40831। আহৰণ কৰা হৈছে: 24 February 2024. 
  4. Praveen, S. R. (22 February 2024). "Immaculately crafted survival thriller". The Hindu. Archived from the original on 25 February 2024. https://web.archive.org/web/20240225165942/https://www.thehindu.com/entertainment/movies/manjummel-boys-movie-review-chidambaram-pulls-off-an-immaculately-crafted-survival-thriller/article67874296.ece. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক