মটক জনগোষ্ঠীৰ গায়ন-বায়ন
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
মটক জনগোষ্ঠী হ'ল বৰ অসমৰ চাৰি পীঠৰ সৌমাৰ পীঠৰ স্বকীয় জীৱনশৈলীৰে ভৰপূৰ এটা অন্যতম প্ৰাচীন জনগোষ্ঠী।[1] আন জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি-নীতিৰ লগত মটক জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি- নীতি মিল দেখিবলৈ পোৱা নাযায়। প্ৰধানত : মটক জনগোষ্ঠীৰ গায়ন-বায়ন অন্য জনগোষ্ঠীতকৈ পৃথক। মটক সকলৰ গায়ন-বায়ন ধৰ্মৰ এটা প্ৰধান অংগ। গায়ন-বায়ন নহ'লে মটক সকলৰ বহু সৎকাম সিদ্ধ নহ'য়। নৃত্য,গীত আৰু বাদ্য-এই ত্ৰিবেণী সঙ্গম মাধ্যমেৰে কৰা উচ্চাঙ্গ কীৰ্তনেই হʼল গায়ন-বায়ন। পুৰণি অসমৰ ওজাপালি নৃত্যৰ সৈতে গায়ন-বায়নৰ সম্বন্ধ আছে।
উল্লেখযোগ্য যে মহাপুৰুষীয়া ধৰ্মৰ পৰিপূৰক হিচাপে মায়ামৰা ধৰ্মালম্বী তথা মটক জনগোষ্ঠীৰ লোকৰ মাজত প্ৰচলিত শাস্ত্ৰীয় গীত,সুৰ,তাল,মান আৰু বাদ্যৰ সংযোজনে অসমৰ সত্ৰীয়া সংস্কতিৰ নৃত্য-গীতৰ দিশটোত যথেষ্ট অৰিহণা যোগাই আহিছে।[2]আদি গুৰু শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ গীতৰ উপৰিও শ্ৰীশ্ৰী শংকৰদেৱ, মাধৱদেৱ,হৰিৰামদেৱ আৰু নিত্যানন্দদেৱে ৰচনা কৰা গীতবোৰক মায়ামৰা সমাজৰ মাঙ্গলিক অনুষ্ঠান সমূহত সময় অনুযায়ী এটা নিদিষ্ট ধৰা-বন্ধা নীতিৰে গায়ন-বায়ন মাধ্যমেৰে পৰিবেশন কৰে। মটক জনগোষ্ঠীয়ে পৰিবেশন কৰা এই গায়ন-বায়ন সুকীয়া বৈশিষ্ট্যৰে পৰিপূৰ্ণ। মটক সকলে পৰিবেশন কৰা গায়ন-বায়নৰ গীত সমূহ সময় অনুযায়ী ভাগ কৰি দেখুওৱা হʼল -
- পুৱা বেলা : অহিৰ, শ্যাম, দেহাগড়,সিন্ধুৰা,কামোদ, কৌ,ললিত,কল্যাণ,পূৰ্বী প্ৰভুতি।
- দুপৰৰ পৰা তিনিপৰলৈ : গৌৰী,ভাটিয়ালী, বসন্ত,গান্ধাৰ, শ্ৰী, ধনশ্ৰী,বড়াৰী, মাহুৰ আদি।
- সন্ধ্যা বেলা : আশোৱাৰী, বেলোৱাৰ,সাৰেঙ্গ,চালে প্ৰভুতি।
- ৰাতিৰ প্ৰথম ভাগত : সুহাই, সিন্ধুৰা, কানাড়া, মল্লাৰ প্ৰভুতি।
- ৰাতিৰ দ্বিতীয় ভাগত : মধ্যালী, ভূপালী, কামোদ আদি ৰাগৰ গীত।
অৱশ্যে ঠাই ভেদে এই গীত সমূহ কিছু সালসলনি কৰি মটক সকলে পৰিবেশন কৰে। মটক সমাজৰ বৰ সবাহ, গুৰুসকলৰ জন্ম তিথি, নাম জাননী, মৃতকৰ শ্ৰাদ্ধ, নামঘৰৰ বছৰেকীয়া অনুষ্ঠান তথা অন্যান্য মাংগলিক অনুষ্ঠান সমূহত গায়ন-বায়ন গোৱাটো এক সামাজিক পৰম্পৰা। শৰীৰ,মন আৰু আত্মা- এই ত্ৰিবেণী সঙ্গমেই হৈছে বাদ্য, গীত আৰু নৃত্য। মায়ামৰা তথা মটক সকলৰ গায়ন-বায়ন পূ্ৰ্ণাঙ্গ ৰূপত পৰিবেশন কৰিবলৈ ওজা, বায়ন আৰু পালিৰ ভূমিকা অপৰিহাৰ্য্য। ওজাজনে আঁত ধৰি গীত জোৰে। পালিয়ে দোহাৰি দি গায় আৰু বায়নে গীতৰ লয় মাত্ৰা ৰক্ষা কৰি চাপৰ, লাগ, ঘাতেৰে মৃদং বজায়। গায়ন-বায়ন অনুষ্ঠানটোৰ গীত লগাই দিয়া জনক গায়ন আৰু মৃদং বজোৱা জনক বায়ন বুলি কোৱা হয়। গায়ন আৰু বায়নৰ দুয়োটা শিক্ষাত পাকৈত জনেই হৈছে ওজা।
মায়ামৰা সমাজ তথা মটক জনগোষ্ঠীয়ে বিভিন্ন সময়ত গায়ন-বায়নেৰে পৰিবেশন কৰা গীত-মাতৰ চমু আভাস এনেধৰণৰ-
ৰাম গোহাঁই কৰোঁহো গোহাৰি ৰহু হৃদি পংকজ থাম হামাৰি।[3] (-মাধৱদেৱ)
এই গীতটো আশোৱাৰী গীত আৰু সম্পূৰ্ণ বৰগীত। কিন্তু গৰু সকলে বৰগীতৰ ধাৰা ধৰি নাৰাখি গায়ন-বায়নৰ শাৰীতেই মায়ামৰা সমাজৰ বাবে প্ৰচলিত কৰিলে। মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱ আৰু মাধৱদেৱৰ বহুকেইটা বৰগীত মায়ামৰা সমাজত গায়ন-বায়ন হিচাপে পৰিবশন হৈ আহিছে।
বিহুৱা সবাহৰ সময়ত মটকসকলে পৰিবেশন কৰা এটা পৰিচিত গীত হʼল-
ʼবোলহ গোপিনী উদ্ধৱ মুখে চাই কৈক্ষানে এথা আসিব কানাই। ' (গীত কানাড়া-হৰিৰামদেৱ)
ইয়াৰ উপৰিও বিহুৱা সবাহত গুৰু সকলৰ ৰচিত কৃষ্ণৰ গোপিনী সম্বন্ধ থকা গীতেৰে উচ্চাঙ্গ কীৰ্তনৰে সমাধা কৰা হয়।
শৰণীয়াল সকলক উদ্দেশ্য কৰি ৰচনা কৰা শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ এটি গীত- ভাই নামত কৰ সঞ্চাত ই তিনি লোকত আত ব্যতিৰেক বিশ্বাস কৰিবি কাত॥ ধ্ৰু: (গীত ৰাগ ʼঅহিবʼ-অনিৰুদ্ধ)
শৰণীয়াল বা সমাজৰ গন্য মান্য ব্যক্তি মৃত্যু হʼলে তেখেতৰ শৱযাত্ৰা গায়ন-বায়নেৰেই আদৰা মটকসকলৰ অন্যতম নিয়ম। এই গায়ন-বায়নত প্ৰহৰৰ সৈতে সম্বন্ধ নাই যদিও গুৰু সকলে নিদিষ্ঠ গীত ৰচনা কৰি থৈ গৈছে। যেনে: শৱ যাত্ৰা গীত-
শুনিয়ো সজ্জন কৰি এক মন ভাগৱত শাস্ত্ৰৰ মত ৰাম নাম বিনে মৰণে সময়ে সবস্ব নাহি লগত। (গীত ৰাগ গৌৰী- হৰিৰামদেৱ)
তদুপৰি মৃতকৰ সকাম- নিকাম বোৰত যেনে -তিনি দিনৰ তিলনি, দহ দিনৰ দহা,কুৰি দিনৰ কাজৰ বাবে গুৰু সকলে গীত ৰচনা কৰি থৈ গৈছে। মহিলাৰ মৃত্যু সময়ত গোৱা এটি গীত এনেধৰণৰ-
সীতা যায় পাতালে নকৰা গমন লৱ কুশ পৰি কান্দে ৰামৰ চৰণে। (গীত ভূপালী- আনিৰুদ্ধদেৱ)
মটক সকলৰ গায়ন-বায়নত এভাগ গীতৰ ৰাগ দিয়াৰ পিছতে মান ধেমালি গোৱা হয়। এই মান ধেমালি চাৰিখন-১) মানজৌতি,২)মেলান,৩)বিদ্যাপতি আৰু ৪)মৌ-মুৰি। মৌ-মুৰি থানখনত তিনিটা ঘাত আৰু বাকী তিনিখন মানত দহটাকৈ বেলেগ বেলেগ ঘাত আহিছে ।
মটক সকলৰ গায়ন-বায়নৰ সাজপাৰ ক্ষেত্ৰতো সুকীয়া বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। গায়ন-বায়নিয়ালৰ মূৰত ঠাকুৰি পাগ,ককাঁলৰ পৰা ভৰিৰ গোৰোহালৈকে জামা,ককাঁলত টঙালি,গাত হাত দীঘল ছেবিল চোলা আৰু দুই বাউসিৰ ওপৰেদি নাৰদী চাদৰ বা চেলেং চাদৰ গাত ওলমাই লয়।
মটক জনগোষ্ঠীয়ে এনেদৰেই ভিন্ন শৈলীৰে গায়ন-বায়ন পৰিবেশন কৰি আহিছে আৰু অসমৰ লোক সংস্কতিত ই এক অনন্য সংযোজন।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ চেতিয়া, নয়ন (১৬ অক্টোবৰ২০২৪). মটক জনগোষ্ঠীৰ গায়ন-বায়ন (প্ৰান্তিক দ্বাবিংশ সংখ্যা সম্পাদনা). পৃষ্ঠা. ৪৫.
- ↑ হাজৰিকা, উৎপল (২৩ অক্টবৰ ২০২২). মায়ামৰা সমাজৰ গায়ন-বায়ন(গুণাকৰ) (প্ৰথম বাৰ্ষিক (মধ্যকালীন)অধিবেশন সম্পাদনা). পৃষ্ঠা. ৩৭.
- ↑ চেতিয়া, বলীন (২৩ অক্টবৰ ২০২২). মায়ামৰা মটক সমাজৰ গায়ন-বায়ন(গুণাকৰ( (প্ৰথম বাৰ্ষিক (মধ্যকালীন)অধিবেশন সম্পাদনা). পৃষ্ঠা. ৬৫.