গায়ন-বায়ন (ইংৰাজী: Gayan-bayan) অসমৰ বৈষ্ণৱ সত্ৰীয়া পৰম্পৰাৰ এক প্ৰধান অংগ। গায়ন-বায়ন পৰিবেশন যুটিত গীত গাঁৱতা জনক ’গায়ন’ আৰু বাদ্য বজোৱা জনক ’বায়ন’ বোলা হয়। গীত গাঁৱতাজনে হাতত সৰু তাল বা পাটিতাললৈ নৃত্য কৰা কেইজনক আগুৰি ঘূৰি থাকে আৰু বাদ্য বজোৱা কেইজনে হাতত খোল লৈ নৃত্য আৰু গীতৰ তালে তালে নিজৰ নৃত্য প্ৰদৰ্শন কৰে। শ্ৰীমন্ত শংকৰদেৱে পোনপ্ৰথমে গায়ন-বায়ন পৰম্পৰাৰ আৰম্ভণি কৰিছিল।[1] তাৰপিছত শ্ৰীশ্ৰী মাধৱদেৱ, গোপালদেৱ, অনিৰুদ্ধদেৱ আদি গুৰুৱে স্থাপন কৰা সত্ৰ আৰু নামঘৰৰ যোগেৰে এই পৰম্পৰা গোটেই অসমত বিয়পি পৰে। গায়ন-বায়ন ভাওনা সংস্কৃতিৰ অবিচ্ছেদ্য অংগ।[2]

মাজুলীৰ এখন সত্ৰত গায়ন-বায়ন

অসমৰ প্ৰতিখন নামঘৰ আৰু সত্ৰতে গায়ন-বায়ন আছে। গুৰুজনাই গায়ন-বায়নৰ সৃষ্টি একশৰণ নামধৰ্ম প্ৰচাৰৰ উদ্দেশ্যৰে কৰিছিল। ভাওনা আৰম্ভ, সূত্ৰধাৰ, ভাৱৰীয়াৰ প্ৰৱেশ, নৃত্য-গীত, অভিনয় আদিৰ সময়ত গায়ন-বায়ন অপৰিহাৰ্য। নাট মেলাৰ পৰা সামৰাৰ দিনালৈকে গায়ন বায়নৰ পৰিবেশন মাজে মাজে চলি থাকে। কিছুমান ঠাইত গন্ধোৎসৱৰ দিনা গায়ন-বায়নে জোৰাৰ আধা অংশ বজায় আগবঢ়াই থয় যাতে ভাওনাৰ দিনা কম সময়ৰ ভিতৰত গায়ন-বায়ন শেষ কৰিব পাৰে। ভাওনাৰ মূল কাৰ্যসূচী সদায় গায়ন-বায়নৰ জোৰাৰে আৰম্ভ কৰা হয়। গায়ন-বায়নে ভাওনা পৰিবেশনৰ সময়ত সৰু ধেমালি, বৰ ধেমালি, ঘোষা ধেমালি কেইবাপ্ৰকাৰৰ ধেমালি পৰিৱেশন কৰে। এই ধেমালিসমূহ গুৰুঘাট আৰু বিশিষ্ট ৰাগ-ৰাগিনী আৰু তালযুক্ত। গায়ন-বায়নে পৰিবেশন কৰা ধেমালিসমূহৰ পদ সঞ্চালন আৰু মুদ্ৰা, চাপৰ আদি ভিন ভিন আৰু যথেষ্ট আমোদজনক হয়। গায়ন-বায়নৰ যুটিয়ে নামঘৰত প্ৰৱেশ কৰি সাত পাক মাৰে। বায়নে ওপৰলৈ হাত তুলি ‘ধেই’ শব্দৰে গায়ন-বায়নৰ পৰিবেশন আৰম্ভ কৰে। নাট এখনৰ অভিনয়ৰ পাছত সকলো ভাৱৰীয়া আৰু গায়ন-বায়ন আদিয়ে সকলোৰে কল্যাণ কামনা কৰি মুক্তি মংগল ভটিমা বা কল্যাণ খৰমান পৰিবেশন কৰে।[3]

গায়ন-বায়নৰ পৰিবেশনৰ সময়ত বিশেষ ধৰণৰ পোছাক পৰিধান কৰে। বায়নে বগা চাপকন, মূৰত পাগ আৰু ঘূৰি অথবা ঠাইভেদে ঠোৰমৰা চুৰিয়া পিন্ধাটো নিয়ম। গায়নজনে চৌকন নামৰ হাতদীঘল কঁকালৰ তললৈ পৰা বগা চোলা, মূৰত পাগ আৰু ঠোৰমৰা চুৰিয়া পিন্ধে। মূল গায়ন বা বৰগায়ন আৰু বায়ন বা বৰবায়ন জনে মূৰৰ ওপৰৰ পাগটোত বকুলৰ মালা আৰু কপালত চন্দনৰ ফোঁট লয়। গায়নৰ বাওঁহাতে বায়ন থাকে।[4][5]

গায়ন-বায়নে সাধাৰণতে খেকেৰুপটীয়া পাগ বা গোঁসাই-পাগ পিন্ধে। আগতে তেওঁলোকৰ সাজ-পোছাক পাট কাপোৰেৰে নিৰ্মিত আছিল। কিন্তু বৰ্তমানে তেওঁলোকে কপাহৰ পৰা তৈয়াৰ কৰা সাজ-পাৰ পিন্ধে হৈছে। তেওঁলোকে পিন্ধা প্ৰতিটো বস্তুৱেই বিশুদ্ধ বগা ৰঙৰ। বগা ৰঙে আধ্যাত্মিকতাবাদ আৰু বিশুদ্ধ ব্যক্তিগত আত্মাক বুজায়। তেওঁলোকে কোনো অলংকাৰ নিপিন্ধি। তেওঁলোকৰ মূৰৰ পাগ বকুল ফুল বা তুলসী মালাৰে সজাই পিন্ধে। এই মালা সাধাধৰণে সত্ৰাধিকাৰে আশীৰ্বাদ স্বৰূপে তেওঁলোকক প্ৰদান কৰে। বৰবায়ন নামেৰে পৰিচিত মূল বায়নে ডিঙিত গুটিৰ জপমালা পিন্ধে। গায়ন-বায়নৰ সমগ্ৰ পৰিবেশন এক আধ্যাত্মিক সেৱা স্বৰূপ। আগতে তেওঁলোকে সূত্ৰধাৰৰ দৰে গাম খাৰু, মণি আদি অলংকাৰ পিন্ধিছিল। কিন্তু সেই প্ৰথা বৰ্তমান বন্ধ কৰা হৈছে। অৱশ্যে তেওঁলোকৰ প্ৰত্যেকগৰাকীয়ে কপালত বগা চন্দন তিলক লয়।

চিত্ৰ মালা

সম্পাদনা কৰক
  1. "Gayan Bayan in praise of Sankardev and Madhabdev". Smithsonian Folkways. https://folkways.si.edu/monks-of-the-kamalabari-sattra-of-majuli/gayan-bayan-in-praise-of-sankardev-and-madhabdev/track/smithsonian। আহৰণ কৰা হৈছে: 10 June 2018. 
  2. "Gayan-Bayan from Uttar Kamalabari Satra". British Library - Sounds. Archived from the original on 4 January 2018. https://web.archive.org/web/20180104071206/http://sounds.bl.uk/World-and-traditional-music/Music-from-India/025M-RKDATX0067XX-0100V0। আহৰণ কৰা হৈছে: 10 June 2018. 
  3. Music Academy (Madras, India) (1974). The Journal of the Music Academy. প্ৰকাশক Madras: Music Academy. পৃষ্ঠা. 227. https://books.google.com/books?id=K6vjAAAAMAAJ. "New officers like gāyan (singer), bāyan (drummer), sūtradbār (dancer-director), deuri (distributor of prasāda)" 
  4. Proceedings of the All-India Conference of Linguists. 1971. পৃষ্ঠা. 163. https://books.google.com/books?id=fWk8AAAAIAAJ. "gāyan-bāyan 'singer & drummer'" 
  5. Projesh Banerji (1983). Indian Ballet Dancing. Abhinav. পৃষ্ঠা. 85. ISBN 978-0-391-02716-9. https://books.google.com/books?id=5fXZKe3xHQAC&pg=PA85. "the singers – gayan, and the players on khols and cymbals – bayan"