অসমবৈষ্ণৱ সংস্কৃতিৰ এটি উল্লেখযোগ্য সম্পদ হ’ল মণিকূট। অসমৰ প্ৰায় প্ৰতিখন গাঁৱতে নামঘৰৰ সংলগ্নকৈ মণিকূটটো সজা দেখা যায়। নামঘৰ অথবা কীৰ্তনঘৰটো পূবা-পশ্চিমাকৈ থাকে। নামঘৰটো পূৰ্ব প্ৰকোষ্ঠত লগ লগাই মণিকূটটো উত্তৰা-দক্ষিণাকৈ সজা হয়। এই মণিকূটৰ সোঁ-মাজত সিংহাসন বা গুৰু আসন স্থাপন কৰি তাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ কীৰ্তন-দশম, ঘোষা আৰু ৰত্নাৱলীৰ যিকোনো এখন পুথি সযত্নেৰে স্থাপন কৰা হয়। মণিকূট শব্দৰ মূলগত অৰ্থ হ’ল ৰত্ন থোৱা ঘৰ। মণিকূটসমুহ সাধাৰণতে দুচলীয়া। বৰপেটা সত্ৰৰ মণিকূটটো চাৰিচলীয়া। চালবোৰ ভাঁজখোৱা আৰু দেখিবলৈ বৰ্তুলকাৰ। সেইবাবে ইয়াক কোৱা হয় ভাঁজঘৰ। প্ৰত্নতাত্ত্বিক ৰাজমোহন নাথে[বৌদ্ধ গ্ৰন্থত উল্লিখিত বংগ গৃহৰ পৰা ভাঁজঘৰ শব্দটি অহা বুলি সাব্যস্ত কৰিছে। মণিকূটটো দেখাত দেৱগৃহৰ শিখৰৰ দৰে ৰমক-জমক নহ’লেও ইয়াৰ এটা নিজস্ব বৈশিষ্ট্য আছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ থকা অগণন নামঘৰ আৰু মণিকূট গইনা লৈ শংকৰী সংস্কৃতিৰ আজিও জীৱন্ত আৰু গতিশীল হৈ আছে[1]

মণিকূট.jpg


তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড° পৰমানন্দ ৰাজবংশী, ড° নাৰায়ন দাস (পৃষ্ঠা- ২৭২)