শংকৰ (জন্ম: ৭ ডিচেম্বৰ ১৯৩৩) এজন ভাৰতীয় বাঙালী সাহিত্যিক। তেওঁৰ প্ৰকৃত নাম মণিশংকৰ মুখোপাধ্যায়।[1] ১৯৫৫ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশিত হয়। তেওঁৰ দ্বাৰা ৰচিত উল্লেখযোগ্য গ্ৰন্থসমূহ হ'ল চৌৰঙ্গী, সীমাবদ্ধ আৰু জন অৰণ্য। এই তিনিখন গ্ৰন্থৰ আধাৰত চলচ্চিত্ৰও নিৰ্মিত হৈছে। উত্তৰবঙ্গ বিশ্ববিদ্যালয়ে ২০১৬ চনত তেওঁক ডি.লিট সন্মানেৰে‍ সন্মানিত কৰে।

মণি শংকৰ মুখোপাধ্যায়

ৰাষ্ট্ৰসংঘত শংকৰ, নিউয়ৰ্ক, আগষ্ট ২০১১.
জন্ম মণিশংকৰ মুখোপাধ্যায়
০৭ ডিচেম্বৰ, ১৯৩৩ (৯০ বছৰ)
হিন্দমটৰ, হুগলি জিলা, বটতলা লেন,
(বৰ্তমান হুগলি‍, পশ্চিমবঙ্গ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা
  • লেখক
  • ঔপন্যাসিক
  • প্ৰাবন্ধিক
  • গৱেষক
জনা যায় স্বামী বিবেকানন্দৰ বিষয়ে‍ লিখা উপন্যাস

প্ৰাথমিক জীৱন

সম্পাদনা কৰক

১৯৩৩ চনৰ ৭ ডিচেম্বৰত যশোৰৰ বনগ্ৰামত শংকৰৰ জন্ম। দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ আগতেই অধিবক্তা পিতৃ হৰিপদ মুখোপাধ্যায় কলকাতাৰ হাওৰালৈ গুচি যায়। তাতেই শংকৰ ডাঙৰ-দীঘল হৈছিল, পঢ়া-শুনা আৰু সাহিত্যিক সাধনা আৰম্ভ কৰিছিল। জীৱনৰ আৰম্ভণিত তেওঁ কেতিয়াবা হকাৰ, টাইপৰাইটাৰ ক্লিনাৰ, কেতিয়াবা ব্যক্তিগত পাঠদান, কেতিয়াবা শিক্ষকতা বা জুট ব্ৰকাৰৰ (পাটৰ দালালৰ) কনিষ্ঠ কেৰাণী হিচাপে কাম কৰিছিল।[2] ইংৰাজ এজনৰ অনুপ্ৰেৰণাতে‍ তেওঁ লিখিবলৈ আৰম্ভ কৰিছিল।

সাহিত্য জীৱন

সম্পাদনা কৰক

১৯৫৫ চনত শংকৰৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশিত হৈ‍ছিল। কম বয়সতে তেওঁ কত অজানাৰে‍ নামৰ কিতাপখন লিখি জনপ্ৰিয়তা অৰ্জন কৰিছিল। প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়ে শংকৰৰ সীমাবদ্ধ আৰুজন অৰণ্য উপন্যাসৰ কাহিনীৰ আধাৰত চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। তেওঁৰ চৌৰঙ্গী উপন্যাসৰ আধাৰতো এখন চলচ্চিত্ৰ নিৰ্মিত হৈছে। উত্তম কুমাৰে ইয়াত মুখ্য চৰিত্ৰ স্যাটা বসুৰ নাম ভূমিকাত অভিনয় কৰিছিল। সেই প্ৰসংগত শংকৰে কৈছে‍, "সত্যজিতেই মোক সকলোৰে ওচৰলৈ লৈ গৈছে, ব্যাপ্তি দিছে‍।"[3] ২০১২ চন পৰ্যন্ত চৌৰঙ্গীৰ ১১১টা সংস্কৰণ প্ৰকাশিত হৈছে৷[4] বোধোদয় উপন্যাস প্ৰকাশৰ পিছতেই শৰদিন্দু বন্দ্য‍োপাধ্যায়ে‍ শংকৰলৈ এইদৰে‍ উৎসাহ-বাণী প্ৰেৰণ কৰিছিল, "ব্ৰাইট ব'ল্ড বেপৰোৱা।" এই উপন্যাসখনৰ চিন্তা বা প্ৰকাশভংগী তেওঁৰ আন লেখাবোৰতকৈ বহুত বেলেগ হোৱাৰ বাবে‍ তেওঁ মুম্বাই নিৱাসী শৰদিন্দু বন্দ্য‍োপাধ্যায়ক পঢ়িবলৈ দিছিল। পঢি় উঠি‍ তেওঁ কৈছিল, "তোমাৰ এই লেখাটোত মই প্ৰতিটো মুহূৰ্ততে জননী-জন্মভূমিকেই উপলব্ধি কৰিছিলোঁ।" এই গ্ৰন্থখনৰ বিষয়ে শংকৰে নিজেই কৈছে‍, "পাঠকৰ সমালোচনা আৰু প্ৰশংসাৰ শৰাই লৈ মই নিজেও এসময়ত বোধোদয়-ক ভাল পাবলৈ আৰম্ভ কৰিলোঁ।" সত্তৰৰ দশকৰ অশান্ত কলকাতাক বিষয় হিচাপে লৈ‍ ৰচনা কৰা তেওঁৰ উপন্যাস ‘স্থানীয় সংবাদ’ আৰু ‘সুবৰ্ণ সুযোগ’— এই তিনিখন উপন্যাসসহ একেলগে প্ৰকাশিত উপন্যাস-সংগ্ৰহ জন্মভূমিৰ শেহতীয়াকৈ প্ৰকাশিত হ'ল ১০২ সংখ্যক সংস্কৰণ। ২০২০ চনত তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰে৷[5]

গ্ৰন্থতালিকা

সম্পাদনা কৰক
 
  • ৰসবতী
  • বঙ্গ বসুন্ধৰা
  • চৰণ ছুঁয়ে যাই (প্ৰথম খণ্ড) আইএসবিএন ৯৭৮-৮১-৭০৭৯-৫২৮-৫
  • শ্ৰী শ্ৰী ৰামকৃষ্ণ ৰহস্যামৃত
  • মনজঙ্গল
  • ৰূপতাপস
  • মৰুভূমি
  • আশা-আকাঙ্ক্ষা
  • তীৰন্দাজ
  • পটভূমি
  • কামনা বাসনা
  • অনেক দূৰ
  • সুখ সাগৰ
  • সীমন্ত সংবাদ
  • চৌৰঙ্গী
  • একদিন হঠাৎ
  • মুক্তিৰ স্বাদ
  • কাজ
  • নবীনা
  • এবিচি‍ডি
  • যেখানে যেমন
  • বাংলাৰ মেয়ে
  • এক বেগ শংকৰ
  • ঘৰেৰ মধ্যে ঘৰ
  • সোণাৰ সংসাৰ
  • মাথাৰ উপৰ ছাদ
  • মানবসাগৰ তীৰে‍
  • সুবৰ্ণ সুযোগ
  • সীমাবদ্ধ
  • স্থানীয় সংবাদ
  • এপাৰ বাংলা ওপাৰ বাংলা
  • নিবেদিতা ৰিচাৰ্ছ লে‍বৰটেৰি‍
  • বোধোদয়
  • এক দুই তিন
  • সাৰ্থক জনম
  • মানচিত্ৰ
  • যোগ বিয়োগ গুন ভাগ
  • পাত্ৰ-পাত্ৰী
  • পদ্মপাতায় জল
  • যা বলো তাই বলো
  • কত অজানাৰে‍
  • বিত্তবাসনা
  • সম্ৰাট ও সুন্দৰী
  • মান সম্মান
  • হনিমুন
  • নগৰনন্দিনী
  • জন অৰণ্য
  • এক যে ছিল দেশ
  • লক্ষ্মীৰ সন্ধানে
  • সপ্তসাগৰ পাৰে‍
  • অবসৰি‍কা
  • স্বৰ্গ মৰ্ত্য পাতাল
  • তনয়া
  • চিৰকালেৰ উপকথা
  • সহসা
  • চৰণ ছুঁয়ে যাই (দ্বিতীয় খণ্ড) আইএসবিএন ৯৭৮-৮১-৭৬১২-৮৮৮-৯
  • অচেনা অজানা বিবেকানন্দ (২০০৩) আইএসবিএন ৯৭৮-৮১-৭২৬৭-০৩৪-৪

আলোকচিত্ৰ

সম্পাদনা কৰক

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Eminent author Shankar becomes Sheriff of Kolkata". Business Standard India. Press Trust of India. 2019-07-08. https://www.business-standard.com/article/pti-stories/eminent-author-shankar-becomes-sheriff-of-kolkata-119070800835_1.html. 
  2. "Noel Fredrick Barwell" (en-US ভাষাত). The Statesman. https://www.thestatesman.com/tag/noel-fredrick-barwell। আহৰণ কৰা হৈছে: 2022-01-27. 
  3. "শংকৰৰ কথা". Archived from the original on 6 June 2018. https://web.archive.org/web/20180606131726/http://archive.prothom-alo.com/print/news/103232। আহৰণ কৰা হৈছে: 6 October 2024. 
  4. "জীৱনটাইতো একটা চৌৰঙ্গী". https://archives.anandabazar.com/archive/1120609/9mukhomukhi.html। আহৰণ কৰা হৈছে: 6 October 2024. 
  5. "সাহিত্য অকাডেমী বঁটা". https://bangla.hindustantimes.com/entertainment/shankar-received-sahitya-akademi-award-bal-sahitya-akademi-recived-by-pracheta-story-31615630862192.html। আহৰণ কৰা হৈছে: 6 October 2024. 
  6. "Bengali author Sankar receives Sahitya Akademi Award". Get Bengalgetbengal.com. 12 March 2021. https://www.getbengal.com/details/bengali-author-sankar-receives-sahitya-akademi-award. 
  7. "বাঙালির ছক-ভাঙা গরিমার স্পর্ধাকে কুর্নিশ". প্ৰকাশক Kolkata: Anandabazar Patrika. 25 December 2022. https://www.anandabazar.com/amp/west-bengal/kolkata/abp-ananda-sera-bengali-2022/cid/1394293। আহৰণ কৰা হৈছে: 26 December 2022. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক