মথনী অসমদৰং জিলাত পালিত হোৱা এক লোক উৎসৱ।[1] জিলাখনৰ অন্তৰ্গত ইতিহাস প্ৰসিদ্ধ দেৱানন্দ-সত্ৰত আহিন আৰু কাতি মাহৰ দোমাহীৰ দিনা অৰ্থাৎ কাতি বিহুৰ দিনা এই মথনী উৎসৱ উৎযাপন কৰা হয়।[2] দৰঙী ৰজাসকলৰ ৰাজত্বকালত পূৰ্বৰেপৰা মথনী উৎসৱ উলহ-মালহেৰে দেৱানন্দ-সত্ৰত পালন কৰি অহা বুলি অনুমান কৰিব পাৰি। মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰদেৱৰ নিৰ্দেশনাক্ৰমে দেৱানন্দ-সত্ৰ প্ৰতিষ্ঠিত হৈছিল। এই সত্ৰৰ মনিকূটত শ্ৰীশ্ৰী অনন্ত শয্যাশায়ী বাসুদেৱ - নাৰায়নৰ বিগ্ৰহ প্ৰতিষ্ঠিত। ৰাজন্যমণ্ডলী বিশেষকৈ দৰঙী ৰজাসকলৰ পৃষ্ঠপোষকতাত আৰু সৰ্ব প্ৰকাৰ সহায়- সাহায্যত এই সত্ৰই উন্নতিৰ উচ্চ শিখৰত উপনীত হৈছিল। দেৱানন্দ-সত্ৰৰ সেই অতীত কীৰ্তি আৰু গৌৰৱ অম্লানভ্যৱে ৰক্ষিত হৈ আহিছে, সেই সত্ৰৰ সত্ৰাধিকাৰসকল অসমীয়া কলা- কৃষ্টি প্ৰেমিক। বছৰৰ বিভিন্ন মাহত বিভিন্ন বৈষ্ণৱ উৎসৱ- অনুষ্ঠানসমূহ তেওঁলোকে উদ্যম আৰু পৰম আন্তৰিকতাৰে সৈতে পালন কৰি আহিছে। জন্মাষ্টমী, নন্দোৎসৱ, বোকাভাওনা, পাঁচেতি আদি নানা উৎসৱ এই সত্ৰত পালন কৰা হয়। দৰং জিলাত অনুষ্ঠিত বিভিন্ন উৎসৱ- অনুষ্ঠানসমূহৰ ভিতৰত দেৱানন্দ- সত্ৰত উদযাপিত হোৱা সাগৰ মন্থন> মথনী>' মথেনী'- উৎসৱ নি:সন্দেহে অন্যতম। শালিখেতিত খেতিয়কসকল নালাগোতেই তেওঁলোকে উলহ মালহকৈ গোটেই বহাগ মাহটোতেই 'দেউল উৎসৱ' পালন কৰে; আৰু শালিখেটি শেষ কৰি কাতিমহীয়া খেতিত নাকাতোতেই তেওঁলোকে আকৌ আন্তৰিকতাৰেসৈতে 'মথনী- উৎসৱ' পালন কৰে। বৰ্তমানৰ অৰ্থনৈতিক দুৰৱস্থা আৰু খাদ্য অভাৱেও 'মথেনী' বা অন্যান্য উৎসৱ- অনুষ্ঠানৰ প্ৰতি এই অঞ্চলৰ লোকৰ সমাদৰ আৰু আন্তৰিকতা হ্ৰাস কৰিব পৰা নাই। কোচ ৰজা বিশ্বসিংহৰ বংশধৰ ৰজাসকলে দৰঙত বিভিন্ন উৎসৱৰ প্ৰচলন কৰিছিল।[3] দ্বিতীয়তে, পুৰ্বৰেপৰা চলি অহা উৎসৱ- অনুষ্ঠান আদি প্ৰতি তেওঁলোকে পৃষ্ঠপোষকতা প্ৰদান কৰিছিল। তাৰ ভিতৰত হৈছে 'দৌলোৎসৱ', 'পাচেতি', 'মথেনী' আদি প্ৰধান। দৰঙত অতি প্ৰাচীন কালৰেপৰা পৰম্পৰাগতভাৱে প্ৰচলিত উৎসৱ- অনুষ্ঠানৰ প্ৰতি দৰঙীৰজাসকল নিশ্চিতভাৱে সহানুভূতিশীল আছিল। 'মথেনী'- উৎসৱত, দধি মন্থন আৰু দেৱতা- দানৱৰ সাগৰ- মন্থন বিষয়ক মিথ বা পুৰাণ-কথা গীত-নৃত্য-বাদ্য আৰু অভিনয়ৰ সহায়ত প্ৰদৰ্শন কৰা হয়। দেৱতা- দানৱৰ সাগৰ- মন্থনৰ কাহিনী ভাগ এনে ধৰণৰ: দুৰ্বাসাৰ অভিশাপত স্বৰ্গৰাজ্যৰ পৰা লক্ষ্মী ভ্ৰষ্ট হোৱা হেতু দেৱতাসকল নানা বিপদ-আপদৰ সন্মুখীন হ'বলগীয়া হ'ল। আনহাৰ, অনিদ্ৰতা তেওঁলোকৰ দিন যাবলৈ ধৰিলে। ইফালে অসুৰবোৰৰ হাতত দেৱতাসকল বাৰে বাৰে পৰাজিত হোৱাৰ বাবে ইয়াৰ প্ৰতিকাৰ বিচাৰি দেৱতাসকলে ব্ৰহ্মাৰ ওচৰত শৰণ ললে। ব্ৰহ্মাই প্ৰতিকাৰৰ কোনো উপায় দিব নোৱাৰিলে। ব্ৰহ্মাদি দেৱতাসকলক বিষ্ণুৱে নিৰ্দেশ সাগৰ মন্থন ৰ পৰামৰ্শ দিলে। মন্দৰ পৰ্বত হ'ল মথনী দণ্ড, বাসুকি নাগ হ'ল মথনী দণ্ডৰ ৰছী। বিষ্ণুৱে কুৰ্ম অৱতাৰ গ্ৰহণ কৰি মন্দৰ পৰ্বত বহন কৰিলে। দেৱতাসকলে বাসুকিৰ নেগুৰৰ ফালে আৰু দানৱ সকলে বাসুকিৰ মুখৰ ফালে ধৰি সাগৰ মন্থনত প্ৰবৃত্ত হ'ল। এইদৰে সাগৰ মন্থন কৰোঁতে কৰোঁতে কালকূট-হলাহল বিষ, কামধেনু ,উচ্চৈ:শ্ৰৱা ঘোঁৰা, ঐৰাৱত, পাৰিজাত পুষ্প, কৌস্তভ মণি,অপেস্বৰীসকল, লক্ষ্মীদেৱী আৰু সৰ্বশেষত দুই হাতত অমৃত পূৰ্ণ দুটা ঘটলৈ বৈদ্য ধন্বন্তৰি সাগৰৰ মাজৰপৰা উঠি আহিল। দানৱসকলে ধন্বন্তৰিৰ হাতৰ পৰা অমৃত পূৰ্ণ ঘট দুটা কাঢ়ি নিলে। তেতিয়া 'ভকত ভয়হাৰী' বিষ্ণুৱে মোহিনী নাৰী মূৰ্তি পৰিগ্ৰহ কৰি দানৱসকলক মোহাবিষ্ট কৰি সেই অমৃতৰপৰা সিহঁতক বঞ্চিত কৰি দেৱতাবৃন্দক ভক্ষণ কৰালে। ইয়াৰ পিছত দেৱতা আৰু দানৱৰ ভিতৰত ভীষণ সংগ্ৰাম হ'ল। সেই সংগ্ৰামত দানৱসকলে পৰাজয় বৰণ কৰে। সেই কাহিনীটোকেই 'মথেনী'- উৎসৱত কায়িক অভিনয়ৰ সংযোগৰত প্ৰদৰ্শন কৰা হয়়।

অসমীয়া লোক-সংস্কিতৰ আভাস,শৰ্মা নবীন ‌চন্দ্ৰ সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. https://www.newsnextone.com/methoni-utsav-in-darrang
  2. https://www.somoloy.org/2020/03/khatarasatra.html
  3. শৰ্মা নবীন চন্দ্ৰ. পৃষ্ঠা. ২৯৫.