মহা চীনা দুৰ্ভিক্ষ

(মহান চীনা দুৰ্ভিক্ষৰ পৰা পুনঃনিৰ্দেশিত)

মহা চীনা দুৰ্ভিক্ষইংৰাজী: The Great Chinese Famine (চীনা ভাষাত: 三年大饥荒; lit. 'তিনি বছৰৰ মহা দুৰ্ভিক্ষ') আছিল ১৯৫৯ চনৰ পৰা ১৯৬১ চনৰ ভিতৰত চীনৰ গণৰাজ্য(People's Republic of China) সংঘটিত হোৱা এক দুৰ্ভিক্ষ[1][2][3][4][5] কিছুমান পণ্ডিতে ১৯৫৮ বা ১৯৬২ চনকো অন্তৰ্ভুক্ত কৰিছে।[6][7][8][9] আটাইতকৈ মাৰাত্মক দুৰ্ভিক্ষ আৰু মানৱ ইতিহাসৰ অন্যতম বৃহৎ মানৱসৃষ্ট দুৰ্যোগ হিচাপে গণ্য কৰা হয়। আনুমান কৰা হয় যে সেই সময়ত অনাহাৰত হোৱা মৃত্যুৰ সংখ্যা ১৫ৰ পৰা ৫৫মিলিয়নৰ ভিতৰত হব। আটাইতকৈ ক্ষতিগ্ৰস্ত প্ৰদেশসমূহ আছিল আনহুই (১৮% মৃত), চংকিং (১৫%), ছিচুয়ান (১৩%),গুইঝৌ (১১%) আৰু হুনান (৮%)। [10]

মহান চীনা দুৰ্ভিক্ষৰ প্ৰধান কাৰকসমূহ আছিল চীনৰ কমিউনিষ্ট পাৰ্টিৰ অধ্যক্ষ মাওজেডঙে আৰম্ভ কৰা গ্ৰেট লিপ ফৰৱাৰ্ড (১৯৫৮ৰ পৰা ১৯৬২) আৰু জনসাধাৰণ কমিউনৰ নীতি, যেনে, "জনগোষ্ঠী" (People's Communes)-ৰ নীতি-আদৰ্শসমূহ, ৰাষ্ট্ৰৰ পৰিকল্পিত অৰ্থনীতিৰ অন্তৰ্গত খাদ্য বিতৰণৰ অদক্ষতা; অতি প্ৰচীন কৃষিপদ্ধতিৰ প্ৰয়োগ; চাৰিটা কীট-পতংগ অভিযান যিয়ে পক্ষীৰ সংখ্যা হ্ৰাস কৰিছিল (যি কাৰ্য্যই পৰিৱেশ তন্ত্ৰক বিঘ্নিত কৰিছিল); শস্য উৎপাদনৰ অত্যধিক প্ৰতিবেদন; আৰু লাখ লাখ কৃষকক লোহা আৰু তীখা উৎপাদন কাৰখানা লৈ যোৱাৰ নিৰ্দেশ দিয়া।[3][5][7][11][12][13] ১৯৬২ চনৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা সাত হাজাৰ কেডাৰ সন্মিলনৰ সময়ত চীনৰ তেতিয়াৰ ৰাষ্ট্ৰপতি [[লিউ শ্বাওকি]]য়ে আনুষ্ঠানিকভাৱে ব্যক্ত কৰিছিল যে; ৩০% দুৰ্ভিক্ষৰ কাৰণ প্ৰাকৃতিক দুৰ্যোগ আৰু ৭০% মানৱসৃষ্ট ভুলৰ বাবে। ("三分天灾, 七分人祸")।[7][14][15] [[ৰিফৰ্মছ এণ্ড অ’পেনিং আপ আৰম্ভ হোৱাৰ পিছত ১৯৮১ চনৰ জুন মাহত চীনা কমিউনিষ্ট পাৰ্টিয়ে আনুষ্ঠানিকভাৱে কয় যে এই দুৰ্ভিক্ষৰ মূল কাৰণ হৈছে গ্ৰেট লিপ ফৰৱাৰ্ডৰ লগতে এণ্টি ৰাইটিষ্ট অভিযানৰ ভুল, ইয়াৰ উপৰিও আন কিছুমান হ’ল প্ৰাকৃতিক দুৰ্যোগ আৰু চীন-ছোভিয়েট বিভাজন[1][2]

চীন চৰকাৰে দূৰ্ভিক্ষক প্ৰথমে "তিনি বছৰীয়া মহা দুৰ্ভিক্ষ" (三年自然灾害) বুলি অভিহিত কৰিছিল। প্ৰথম অৱস্থাত সাধাৰণ নাম আছিল "প্ৰাকৃতিক দুৰ্যোগৰ তিনি বছৰ" (三年自然灾害)। ১৯৮১ চনত ইয়াক সলনি কৰি "তিনি বছৰীয়া কষ্টৰ সময়" (三年困难时期) কৰা হৈছিল, যাৰ ফলত দুৰ্ভিক্ষৰ বাবে কেৱল প্ৰকৃতিক দুৰ্যোগকে দোষাৰোপ কৰা নহৈছিল।[1][2][16][17]

দুৰ্ভিক্ষৰ পৰিসৰ

সম্পাদনা কৰক

উৎপাদন হ্ৰাস পোৱা

সম্পাদনা কৰক

কৃষি সংগঠনৰ কৃষি প্ৰণালী সলনি কৰা সময়ত খৰাং আৰু বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগ একে সময়তে সংঘটিত হৈছিল। ১৯৫০ চনৰ বেছিভাগ সময় বতৰ তুলনামূলকভাৱে খৰাং আছিল যদিও ১৯৫৯ চনৰ ভিতৰত ই বিশেষভাৱে বেয়া হৈ পৰিছিল, যাৰ ফলত শস্যৰ উৎপাদন হ্ৰাস পাইছিল। লাহে লাহে বছৰৰ পিছত বছৰ ধৰি শস্যৰ উৎপাদন বহু পৰিমাণে হ্ৰাস পাবলৈ ধৰে।[18] ১৯৫৮ চনৰ তুলনাত ১৯৫৯ চনত শষ্য চপোৱাৰ পৰিমাণ ১৫% হ্ৰাস পাইছিল আৰু ১৯৬০ চনৰ ভিতৰত ৭০% হ্ৰাস পাইছিল।[19] বিশেষকৈ চীনৰ চৰকাৰী তথ্য অনুসৰি ১৯৫৮ চনত ২০ কোটি টন ৰ পৰা ১৯৫৯ চনত ১৭ কোটি টন লৈ আৰু ১৯৬০ চনত ১৪৩.৫ মিলিয়ন টন লৈ হ্ৰাস পায়। [20]

মৃত্যুৰ সংখ্যা

সম্পাদনা কৰক

চিচিপিৰ প্ৰাক্তন বিষয়া আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলে অনুমান কৰিছে, দুৰ্ভিক্ষত মৃত্যুৰ সংখ্যা ১৫–৫৫ মিলিয়ন হব। মাওবাদী লেখক গাও ম'ব'ৰ মতে, কমিউনিজম-বিৰোধী লেখকসকলে মৃত্যু সংখ্যা বেছি দেখুৱাবলৈ চেষ্টা কৰে, আৰু চীনৰ কমিউনিষ্ট বিপ্লৱৰ সমৰ্থকসকলে এই সংখ্যা যিমান পাৰি কম দেখিবলৈ চেষ্টা কৰে।[21] ১৯৬১ চনৰ ফিল্ড মাৰ্শ্বাল মণ্টগোমাৰী আৰু মাও জেডঙৰ সৈতে হোৱা আলোচনাত প্ৰকাশ পাইছিল যে চিআইএৰ এক অগোপনীয় প্ৰতিবেদন অনুসৰি ১৯৬০–১৯৬১ চনৰ "অস্বাভাৱিক মৃত্যু" ৫০ লাখতকৈ অধিক হৈছিল।[22] সেই সময়ত চীনৰ চৰকাৰী পৰিসংখ্যা অনুসৰি ১৯৬১ চনত চীনৰ জনসংখ্যা ১৯৫৯ চনৰ তুলনাত প্ৰায় ১৪,৫৮০,০০০ কম। জন্মৰ হাৰ ২.৯২২% (১৯৫৮)ৰ পৰা ২.০৮৬% (১৯৬০)লৈ আৰু মৃত্যুৰ হাৰ ১.১৯৮% (১৯৫৮)ৰ পৰা ২.৫৪৩% (১৯৬০)লৈ বৃদ্ধি পাইছিল। আনহাতে ১৯৬১ চনত জন্ম আৰু মৃত্যুৰ হাৰ দুয়োটাই শীৰ্ষত উপনীত হয়।

দূৰ্ভিক্ষৰ ফলত মানুহ নৰখাদক হোৱাৰ অসংখ্য মৌখিক প্ৰতিবেদন আছে, যদিও ইয়াৰ বিষয়ে চৰকাৰী নথিপত্ৰ অতি কম। [23][24] জীয়াই থাকিবলৈ মানুহে সকলো সম্ভাৱ্য উপায়ৰ আশ্ৰয় ল'বলগীয়া হৈছিল। খাবলৈ নাপায় মাটি খাইছিল, বিষ খাই মৰিছিল, চুৰি কাৰ্য্য পৰা আৰম্ভ কৰি হত্যা লুণ্ঠন হৈছিল আৰু আনকি মানুহে মানুহৰ মাংস ভক্ষণ কৰিছিল।[25] চীনৰ অৱসৰপ্ৰাপ্ত সাংবাদিক য়াং জিছেঙে কয় যে "পিতৃ-মাতৃয়ে নিজৰ ল'ৰা-ছোৱালীকেই খাইছিল। ল'ৰা-ছোৱালীয়ে নিজৰ পিতৃ-মাতৃক খাইছিল। আৰু আমি কল্পনাও কৰিব নোৱাৰিলোঁ যে তেতিয়াও গুদামবোৰত খাদ্য মজুত আছিল। আটাইতকৈ বেয়া সময়তো চৰকাৰে শস্য ৰপ্তানি কৰি আছিল।" [26] দুৰ্ভিক্ষ ইমানেই ভয়ানক আছিল যে বহুতে ইয়াক ২০ শতিকাৰ ইতিহাসত "অভূতপূৰ্ব" বুলি বৰ্ণনা কৰিছে।[23][27]

দুৰ্ভিক্ষৰ কাৰণ

সম্পাদনা কৰক

অভূতপূৰ্ব চীনা দুৰ্ভিক্ষৰ কাৰণ আছিল আমূল কৃষি নীতি, সামাজিক চাপ, অৰ্থনৈতিক অপব্যৱস্থাপনা, আৰু খৰাং কৃষি অঞ্চলত আৰু বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱ।

গ্ৰেট লিপ ফৰৱাৰ্ড

সম্পাদনা কৰক

চীনৰ কমিউনিষ্ট পাৰ্টিয়ে গ্ৰেট লিপ ফৰৱাৰ্ডৰ সময়ত কৃষি নীতিত ভয়াৱহ পৰিৱৰ্তন আনিছিল।

মানুহৰ কমিউন বা সামূহিক উপাদন

সম্পাদনা কৰক

গ্ৰেট লিপ ফৰৱাৰ্ডৰ সময়ত কৃষিকাৰ্য জনসাধাৰণ মাজত সামূহিক ভাবে সম্পাদন হৈছিল, আৰু ব্যক্তিগত ভূমিত খেতি নিষিদ্ধ কৰা হৈছিল॥ পূৰ্বে কৃষকসকলে চৰকাৰে দিয়া মাটিত খেতি কৰিছিল। গ্ৰেট লিপ ফৰৱাৰ্ডৰ ফলত কৃষি অৰ্থনীতি ক্ৰমান্বয়ে কেন্দ্ৰীয়ভাৱে পৰিচালিত হ’ল। আঞ্চলিক দলৰ নেতাসকলক নিয়ন্ত্ৰণত ৰাখি উৎপাদিত কৃষি ৰাষ্ট্ৰই নিজৰ কৰি লৈছিল আৰু নিজৰ বিবেচনা অনুসৰি বিতৰণ কৰিছিল। [28]

কৃষি কৌশল

সম্পাদনা কৰক

সামূহিককৰণৰ লগতে কেন্দ্ৰীয় চৰকাৰে কৃষি কৌশল পৰিৱৰ্তনৰ কেইবাটাও নিৰ্দেশনা দিয়ে যিবোৰ আচলতে ছোভিয়েট কৃষিবিদ ট্ৰফিম লাইচেংকোৰৰ ভুল কৃষি নীতি আছিল। তাৰে এটা ভুল ধাৰণা আছিল যে ওচৰা ওচৰি কৈ ৰোপণ কৰা, য’ত পুলিৰ ঘনত্ব প্ৰথমে তিনিগুণ বৃদ্ধি কৰা হৈছিল আৰু তাৰ পিছত পুনৰ দুগুণ বৃদ্ধি কৰা হৈছিল। ধাৰণা আছিল যে একে প্ৰজাতিৰ উদ্ভিদে পৰস্পৰৰ লগত প্ৰতিযোগিতা নকৰে। কিন্তু প্ৰাকৃতিক ভাবেই সম্পূৰ্ণৰূপে প্ৰতিযোগিতা কৰিছিল, যাৰ ফলত বৃদ্ধি স্তব্ধ হৈছিল আৰু উৎপাদন কম হৈছিল। "দ কৈ হাল বোৱা" নামেৰে জনাজাত আন এটা নীতি আছিল লাইচেংকোৰৰ সহকৰ্মী টেৰেণ্টি মালচেভৰ উদ্ভাৱনী, যিয়ে সমগ্ৰ চীনৰ কৃষকসকলক ১৫–২০ চেণ্টিমিটাৰ গভীৰতাত স্বাভাৱিক হাল বোৱা এৰাই চলি তাৰ পৰিৱৰ্তে মাটিৰ গভীৰতালৈ (১ৰ পৰা ২ চীনা ফুট বা ৩৩ ৰ পৰা ৬৬ চে.মি.)গভিৰলৈ হাল বাবলৈ উৎসাহিত কৰিছিল। দ'লৈ হাল বোৱা তত্ত্বত কোৱা হৈছিল যে আটাইতকৈ উৰ্বৰ মাটি মাটিৰ গভীৰতম স্থানত থাকে, আৰু অস্বাভাৱিকভাৱে দ' লৈ হাল বাই খেতি কৰিলে শক্তিশালী শিপাৰ বৃদ্ধি হ’ব। কিছুমান প্ৰসংগত গভীৰ হাল বাই উৎপাদন বৃদ্ধি কৰিব পৰা যায় যদিও সাধাৰণতে এই নীতিয়ে চীনত শষ্উয ৎপাদনত বাধাৰ সৃষ্টি কৰিলে।[29]

চাৰিটা কীট-পতংগ অভিযান

সম্পাদনা কৰক

ইউৰেছিয়ান গছৰ চৰাইটোৱেই আছিল চাৰিটা কীট-পতংগ অভিযানত আটাইতকৈ উল্লেখযোগ্য লক্ষ্য চাৰিটা কীট-পতংগ অভিযানত নাগৰিক সকলক মহ, নিগনি, মাখি, চৰাই আদি ধ্বংস কৰিবলৈ আহ্বান জনোৱা হৈছিল। এই অভিজানত ঘৰচিৰিকা জাতীয় চৰাইবোৰৰ সামূহিক নিধন হয় ফলত শস্য খোৱা পোকবোৰৰ সংখ্যা বৃদ্ধি পালে,কাৰণ সেই জাতীয় চৰাইৰ অবিহনে পোকবোৰ নিৰ্মূল কৰাৰ কোনো উপায় নাছিল।

অতিপ্ৰচুৰতাৰ ভ্ৰম

সম্পাদনা কৰক

১৯৫৭ চনৰ পৰা চীনৰ কমিউনিষ্ট পাৰ্টিয়ে উৰ্ধতন বিষয়াৰ হেঁচাত অত্যধিক শস্য উৎপাদনৰ খবৰ দিবলৈ আৰম্ভ কৰে। কিন্তু সমগ্ৰ চীনত ১৯৫৭ চনৰ পৰা ১৯৬১ চনলৈকে শস্যৰ প্ৰকৃত উৎপাদন হ্ৰাস পাইছিল। ছিচুয়ান প্ৰদেশত ১৯৫৮ চনৰ পৰা ১৯৬১ চনলৈকে সংগ্ৰহ কৰা শস্যৰ পৰিমাণ কমি আহিছিল যদিও কেন্দ্ৰীয় চৰকাৰক দিয়া ৰিপৰ্টত উৎপাদনৰ সংখ্যা বৃদ্ধি পাই থাকিল।[8]এই ধাৰাবাহিক পৰিঘটনাক "অতিপ্ৰচুৰতাৰ ভ্ৰম" (浮夸风)বুলি অভিহীত কৰি ইতিহাসবিদে যুক্তি দিছিল যে সমগ্ৰ চীনত হোৱা অনাহাৰৰ বহুখিনিৰ প্ৰধান কাৰণ ইয়েই আছিল।[30][31]

লোহা আৰু তীখা উৎপাদন

সম্পাদনা কৰক

অৰ্থনৈতিক উন্নতিৰ বাবে লোহা আৰু তীখা উৎপাদন কৰা অতি প্ৰয়োজন হিচাপে চিনাক্ত কৰা হৈছিল আৰু তাৰ বাবে লাখ লাখ কৃষকক কৃষি কামৰ পৰা আঁতৰাই আনি লোহা আৰু তীখা উৎপাদন কামত যোগদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। কৃষক জনসাধাৰণে উৎপাদন কৰা সেই সামগ্ৰী সমূহ ব্যৱসায়িক উন্নতিৰ বাবে নিয়োগ কৰিবলৈ নিম্নমানৰ আছিল।

কেন্দ্ৰীয় চৰকাৰৰ অধিক নীতি

সম্পাদনা কৰক

১৯৫৭ চনৰ পৰা চীনৰ কমিউনিষ্ট পাৰ্টিৰ উচ্চতম অধিকাৰীৰ নিৰ্দেশৰ ফলস্বৰূপে দেশৰ দ্ৰুত ঔদ্যোগীকৰণ আৰু সমষ্টিগত কৃষিকৰ্মৰ আধাৰত অতিৰিক্ত ধান উৎপাদনৰ প্ৰতিবেদন দিবলৈ আৰম্ভ কৰে যদিও বাস্তৱিকতে চীনত ১৯৫৭চনৰ পৰা ১৯৬১ চনলৈ ধানৰ উৎপাদন হ্ৰাস পাইছিল। [32]

স্থানীয় চৰকাৰৰ ক্ষমতাৰ প্ৰভাৱ

সম্পাদনা কৰক

উচ্চ পৰ্যায়ৰ চৰকাৰৰ দৰে স্থানীয় চৰকাৰসমূহেও দুৰ্ভিক্ষৰ ওপৰত সমানে প্ৰভাৱ পেলাইছিল। গ্ৰেট লিপ ফৰৱাৰ্ডৰ অগ্ৰগতিৰ লগে লগে বহুতো প্ৰাদেশিক নেতাই মাও আৰু উচ্চ পৰ্যায়ৰ নেতাসকলৰ সৈতে মিলিবলৈ আৰম্ভ কৰে। [33] স্থানীয় নেতাসকলে নিজৰ সম্প্ৰদায়ৰ বাবে যি ভাল সেয়া কৰা আৰু ৰাজনৈতিকভাৱে নিজৰ সুনাম ৰক্ষা কৰা কামত পিচ পৰা নাছিল। কৃষকসকলে সামূহিককৰণ আৰু ৰাজ্যিক শস্য ক্ৰয়ৰ ওপৰত মুকলিকৈ কথা ক’ব নোৱাৰিছিল। [34] স্থানীয় আৰু চৰকাৰী পৰ্যায়ত ভয় আৰু শাস্তিমূলক সংস্কৃতিৰ বাবে কৃষকৰ ওপৰত আৰোপিত ষড়যন্ত্ৰমূলক নীতি বা দুৰ্ভিক্ষৰ বিৰুদ্ধে কথা কোৱা আৰু কাম কৰাটো আপাত দৃষ্টিত অসম্ভৱ কাম হৈ পৰিছিল। [35]

প্ৰাকৃতিক দুৰ্যোগ

সম্পাদনা কৰক

১৯৫৮ চনত হালধীয়া নদীৰ বানপানীয়ে হেনান প্ৰদেশ আৰু শ্বানডং প্ৰদেশৰ ভালেকিছু অংশ প্ৰভাৱিত কৰে। ১৯৩৩ চনৰ পিছত ইয়াক আটাইতকৈ ভয়াৱহ বানপানী বুলি কোৱা হৈছিল।[36][37][38][39][40][41] ১৯৫৮ চনৰ জুলাই মাহত হালধীয়া নদীৰ বানপানীয়ে ১৭০৮খন গাঁৱৰ ৭৪১,০০০ লোকক ক্ষতিগ্ৰস্ত কৰে আৰু ৩০.৪ মিলিয়ন মু(ডেৰ লাখ একৰতকৈও অধিক) খেতি কৰা পথাৰ প্লাৱিত কৰে। ২৭ জুলাইত বানপানীৰ আটাইতকৈ ডাঙৰ ধাৰাটো ব'হাই সাগৰলৈ বোৱাই পঠোৱা হয়। ইয়াৰ পিচত চীন চৰকাৰে "বানপানীৰ ওপৰত জয়" হোৱা বুলি ঘোষণা কৰে। [36][40][42]

তাৰ পিছৰ পৰিণতি

সম্পাদনা কৰক

প্ৰাৰম্ভিক প্ৰতিক্ৰিয়া আৰু ঢাকি ৰখা

সম্পাদনা কৰক

স্থানীয় ৰাজনৈতিক দলৰ নেতাসকলে নিজৰ জীৱন আৰু পদবী ৰক্ষাৰ বাবে অভাৱসমূহ ঢাকি ৰাখিবলৈ আৰু দোষবোৰ পুনৰাবৃতি কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। [43]১৯৫৮-১৯৫৯ চনত জন্মৰ হাৰ হ্ৰাস পাবলৈ ধৰা আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ হিচাপ, গ্ৰাম্য অঞ্চলৰ কিছুমান ক্ষতিগ্ৰস্ত লোক অনাহাৰে থকাৰ বিষয়ে মাওক আন্ধাৰত ৰখা হৈছিল।[31] ১৯৬০ চনত প্ৰাৰম্ভিক প্ৰতিক্ৰিয়া আৰু সংহতিৰ ইংগিত হিচাপে মাওৱে সাত মাহ ধৰি মাংস ভক্ষণৰ পৰা বাৰত থাকিল আৰু ঝৌ এনলাইৰ মাহেকীয়া শস্য যোগানৰ পৰিমাণ কমালে।[44]

সংস্কাৰ আৰু প্ৰতিফলন

সম্পাদনা কৰক

১৯৭৮ চনৰ ডিচেম্বত ডেং জিয়াওপিং চীনৰ নতুন পেৰামাউণ্ট লিডাৰ হয় আৰু ঐতিহাসিক সংস্কাৰ আৰু মুকলি কাৰ্যসূচী আৰম্ভ কৰি চীনৰ কৃষি আৰু ঔদ্যোগিক ব্যৱস্থাক মৌলিকভাৱে সলনি কৰে।[45][46][47]

চীনৰ বাহিৰৰ গৱেষকসকলে দুৰ্ভিক্ষ কাৰণৰ ওপৰত নানান যুক্তি আগবঢ়াইছে। বিশেষকৈ নোবেল বঁটা বিজয়ী অমৰ্ত্য সেনে এই দুৰ্ভিক্ষক বিশ্বব্যাপী প্ৰেক্ষাপটত ৰাখি কয় যে গণতন্ত্ৰৰ অভাৱেই ইয়াৰ প্ৰধান অপৰাধী: "সঁচাকৈয়ে গণতান্ত্ৰিক দেশত কেতিয়াও কোনো গুৰুত্বপূৰ্ণ দুৰ্ভিক্ষ হোৱা নাই—যিমানেই দুখীয়া নহওক কিয়।" তেওঁ লগতে কয় যে “নিয়মিতভাৱে নিৰ্বাচিত চৰকাৰ আৰু স্বতন্ত্ৰ সংবাদ মাধ্যম থকা দেশত এনেকুৱা কিবা এটা হ’ব পাৰিলেহেঁতেন বুলি কল্পনা কৰাটো কঠিন”। সেই ভয়ংকৰ দুৰ্যোগৰ সময়ত চৰকাৰে বাতৰি কাকত আৰু বিৰোধী দলক সম্পূৰ্ণ নিয়ন্ত্ৰত ৰাখিছিল। [48][49]

তথ্য় সূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 "关于建国以来党的若干历史问题的决议" (zh ভাষাত). The Central People's Government of the People's Republic of China. http://www.gov.cn/test/2008-06/23/content_1024934_2.htm। আহৰণ কৰা হৈছে: 23 April 2020. 
  2. 2.0 2.1 2.2 "Resolution on Certain Questions in the History of Our Party since the Founding of the People's Republic of China". Wilson Center. 1981-06-27. https://digitalarchive.wilsoncenter.org/document/121344.pdf?v=d461ad5001da989b8f96cc1dfb3c8ce7. 
  3. 3.0 3.1 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; :0 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  4. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; :10 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  5. 5.0 5.1 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; :1 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  6. Kung, Kai-sing; Lin, Yifu (2003). "The Causes of China's Great Leap Famine, 1959–1961". Economic Development and Cultural Change খণ্ড 52 (1): 51–73. doi:10.1086/380584. ISSN 0013-0079. 
  7. 7.0 7.1 7.2 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; :11 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  8. 8.0 8.1 Yang, Jisheng (2012). Tombstone: The Great Chinese Famine, 1958–1962. Farrar, Straus and Giroux. পৃষ্ঠা. 126. ISBN 978-0-374-27793-2. https://books.google.com/books?id=nadqrYU10eMC. 
  9. "45 million died in Mao's Great Leap Forward, Hong Kong historian says in new book" (en ভাষাত). South China Morning Post. 5 September 2010. https://www.scmp.com/article/723956/revisiting-calamitous-time। আহৰণ কৰা হৈছে: 23 April 2020. 
  10. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Cao 2005 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  11. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; :3 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  12. Bowman, John S. (2000) (en ভাষাত). Columbia Chronologies of Asian History and Culture. Columbia University Press. ISBN 978-0-231-50004-3. https://books.google.com/books?id=cYoHOqC7Yx4C&pg=PA72. 
  13. Kung, James Kai-sing (2022), Ma, Debin; von Glahn, Richard, eds., "The Political Economy of China's Great Leap Famine", The Cambridge Economic History of China: 1800 to the Present (Cambridge University Press): pp. 642–684, doi:10.1017/9781108348485.019, ISBN 978-1-108-42553-7, https://www.cambridge.org/core/books/cambridge-economic-history-of-china/political-economy-of-chinas-great-leap-famine/32E5530258C063FE060C1A8C60A23C05 
  14. Sun, Zhonghua. "刘少奇"三分天灾,七分人祸"提法的由来" (zh ভাষাত). Renmin Wang. Archived from the original on 2012-12-14. https://web.archive.org/web/20121214040606/http://cpc.people.com.cn/GB/64162/64172/85037/85039/5898093.html। আহৰণ কৰা হৈছে: 2021-01-08. 
  15. Sun, Zhonghua. "刘少奇"三分天灾,七分人祸"提法的由来(2)" (zh ভাষাত). Renmin Wang. Archived from the original on 15 September 2019. https://web.archive.org/web/20190915075439/http://cpc.people.com.cn/GB/64162/64172/85037/85039/5898130.html। আহৰণ কৰা হৈছে: 22 April 2020. 
  16. Songster, Edith Elena (2004). A Natural Place for Nationalism: The Wanglang Nature Reserve and the Emergence of the Giant Panda as a National Icon (thesis). University of California, San Diego. OCLC 607612241. https://books.google.com/books?id=MSyIXwAACAAJ। আহৰণ কৰা হৈছে: 18 January 2018. 
  17. M., J. (17 February 2015). "New (approved) assessments The great famine" (en ভাষাত). The Economist (Beijing). https://www.economist.com/blogs/analects/2013/09/new-approved-assessments.  citing Dikötter, Frank (2015). The Tragedy of Liberation: A History of the Chinese Revolution 1945–1957. প্ৰকাশক London: Bloomsbury Press. ISBN 978-1-62040-349-5. OCLC 881092774. https://books.google.com/books?id=JuvlBQAAQBAJ। আহৰণ কৰা হৈছে: 18 January 2018. [পৃষ্ঠা নং প্ৰয়োজন]
  18. Hammond, Ken (2023). China's Revolution and the Quest for a Socialist Future. প্ৰকাশক New York: 1804 Books. পৃষ্ঠা. 49. ISBN 9781736850084. 
  19. Lin, Justin Yifu; Yang, Dennis Tao (2000). "Food Availability, Entitlements and the Chinese Famine of 1959-61". The Economic Journal খণ্ড 110 (460): 136–158. doi:10.1111/1468-0297.00494. ISSN 0013-0133. https://www.jstor.org/stable/2565651. 
  20. Shang, Changfeng (2009). "三年经济困难时期的紧急救灾措施" (zh ভাষাত). 《当代中国史研究》 (4). Archived from the original on 2020-11-06. https://web.archive.org/web/20201106112141/http://ww2.usc.cuhk.edu.hk/PaperCollection/Details.aspx?id=7828। আহৰণ কৰা হৈছে: 2024-12-09. 
  21. Gao, Mobo (2018). Constructing China: Clashing Views of the People's Republic. Pluto. পৃষ্ঠা. 11. doi:10.2307/j.ctv3mt8z4. ISBN 978-1-786-80242-2. 
  22. Central Intelligence Agency (1964-07-31). "Communist China's Domestic Crisis: the Road to 1964". Freedom of Information Act Electronic Reading Room: 82. https://www.cia.gov/readingroom/docs/polo-10.pdf. 
  23. 23.0 23.1 Bernstein, Richard (5 February 1997). "Horror of a Hidden Chinese Famine". The New York Times. https://query.nytimes.com/gst/fullpage.html?res=9A0CE3D71E3DF936A35751C0A961958260. 
  24. Becker, Jasper (1997). Hungry Ghosts: Mao's Secret Famine. Free Press. পৃষ্ঠা. 352. ISBN 978-0-68483457-3. https://archive.org/details/hungryghostsmaos00beck. 
  25. "Chapter Four Cannibalism (Late 1959–Early 1961)" (en ভাষাত). The Great Famine in China, 1958–1962: A Documentary History. Yale University Press. 2012. পৃষ্ঠা. 59–71. ISBN 978-0-300-17518-9. https://www.jstor.org/stable/j.ctt1nq1qr. 
  26. Lim, Louisa (10 November 2012). "A Grim Chronicle of China's Great Famine". NPR. https://www.npr.org/2012/11/10/164732497/a-grim-chronicle-of-chinas-great-famine. 
  27. Becker 1997, passim.
  28. Translation from "A hunger for the truth: A new book, banned on the mainland, is becoming the definitive account of the Great Famine". Archived 10 February 2012 at the Wayback Machine, chinaelections.org, 7 July 2008 of content from Yang Jisheng, 墓碑 --中國六十年代大饑荒紀實 (Mu Bei – Zhong Guo Liu Shi Nian Dai Da Ji Huang Ji Shi), Hong Kong: Cosmos Books (Tian Di Tu Shu), 2008, আই.এচ.বি.এন. 978-9882119093 Lua error in Module:In_lang at line 40: attempt to call local 'name_from_tag' (a nil value).
  29. Lynch, Michael (2008). The People's Republic of China, 1949–76 (2nd সম্পাদনা). প্ৰকাশক London: Hodder Education. পৃষ্ঠা. 57. 
  30. Kimberley Ens Manning; Felix Wemheuer; Gao Hua (2011). "Food Augmentation Methods and Food Substitutes during the Great Famine". Eating Bitterness: New Perspectives on China's Great Leap Forward and Famine. UBC Press. পৃষ্ঠা. 177. ISBN 978-0-7748-5955-4. https://books.google.com/books?id=aHPTn2Rq9IUC. 
  31. 31.0 31.1 Dali L. Yang (1996). Calamity and Reform in China: State, Rural Society, and Institutional Change Since the Great Leap Famine. Stanford University Press. পৃষ্ঠা. 65. ISBN 978-0-8047-3470-7. https://books.google.com/books?id=VmLuoAkMKrkC. 
  32. Kung, James Kai-Sing; Chen, Shuo (February 2011). "The Tragedy of the Nomenklatura: Career Incentives and Political Radicalism during China's Great Leap Famine". American Political Science Review খণ্ড 105 (1): 27–45. doi:10.1017/S0003055410000626. ISSN 1537-5943. 
  33. Dali L. Yang (1996). Calamity and Reform in China: State, Rural Society, and Institutional Change Since the Great Leap Famine. Stanford University Press. পৃষ্ঠা. 31. ISBN 978-0-8047-3470-7. https://books.google.com/books?id=VmLuoAkMKrkC. 
  34. Frank Dikötter (2010). Mao's Great Famine: The History of China's Most Devastating Catastrophe, 1958–1962. Bloomsbury Publishing. পৃষ্ঠা. 2. ISBN 978-0-8027-7928-1. https://books.google.com/books?id=5NsMWCHDStQC. 
  35. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Discourses of Hunger নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  36. 36.0 36.1 Qian, Zhengying (1985-06-13). "关于黄河、长江、淮河、永定河防御特大洪水方案的报告(摘要)" (zh ভাষাত). National People's Congress. http://www.npc.gov.cn/wxzl/wxzl/2000-12/26/content_1671.htm। আহৰণ কৰা হৈছে: 23 April 2020. 
  37. "新闻分析:做好黄河防汛工作为何不能掉以轻心?" (zh ভাষাত). The Central People's Government of the People's Republic of China. http://www.gov.cn/jrzg/2007-06/14/content_648957.htm। আহৰণ কৰা হৈছে: 22 April 2020. 
  38. "中国历史上的水灾有哪些?" (zh ভাষাত). China Internet Information Center. http://guoqing.china.com.cn/zhuanti/2017-07/13/content_41210848.htm। আহৰণ কৰা হৈছে: 22 April 2020. 
  39. "第六节 1958年黄河洪水–《中国灾情报告 1949–1995》-中国经济与社会发展统计数据库" (zh ভাষাত). CNKI. http://tongji.cnki.net/kns55/Navi/result.aspx?id=N2007080101&file=N2007080101000094&floor=1। আহৰণ কৰা হৈছে: 22 April 2020. [সংযোগবিহীন উৎস]
  40. 40.0 40.1 "1958年黄河大水灾纪实" (zh ভাষাত). Dahe Wang (大河网). Archived from the original on 18 July 2020. https://web.archive.org/web/20200718112446/http://newpaper.dahe.cn/jrab/html/2009-07/13/content_199329.htm। আহৰণ কৰা হৈছে: 22 April 2020. 
  41. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; dahe নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  42. "黄河防洪概述" (zh ভাষাত). People's Daily. 2005-10-11. Archived from the original on 13 September 2007. https://web.archive.org/web/20070913195832/http://politics.people.com.cn/GB/8198/54051/54053/3757306.html। আহৰণ কৰা হৈছে: 23 April 2020. 
  43. "Tombstone: The Great Chinese Famine, 1958–1962" (en-US ভাষাত). Association for Asian Studies. Archived from the original on 2021-12-15. https://web.archive.org/web/20211215100007/https://www.asianstudies.org/publications/eaa/archives/tombstone-the-great-chinese-famine-1958-1962/। আহৰণ কৰা হৈছে: 2021-01-08. 
  44. Ó Gráda, Cormac (2009) (en ভাষাত). Famine: A Short History. Princeton University Press. পৃষ্ঠা. 242. ISBN 978-0-691-12237-3. https://books.google.com/books?id=LoN2XkjJio4C&pg=PA242. 
  45. "邓小平纪念网" (zh ভাষাত). People's Daily. http://cpc.people.com.cn/GB/69112/69113/index.html। আহৰণ কৰা হৈছে: 22 April 2020. 
  46. Zhou, Christina; Xiao, Bang (1 December 2018). "40 years on from the 'experiments' that transformed China into an economic superpower" (en-AU ভাষাত). ABC News. https://www.abc.net.au/news/2018-12-01/40-years-of-reform-that-transformed-china-into-a-superpower/10573468। আহৰণ কৰা হৈছে: 22 April 2020. 
  47. Palmer, Brian (2 April 2014). "How China Went From Famine After Famine to Feast" (en ভাষাত). Slate. https://slate.com/technology/2014/04/why-does-china-not-have-famines-anymore-capitalist-and-socialist-reforms.html। আহৰণ কৰা হৈছে: 22 April 2020. 
  48. Amartya Kumar Sen (1999). Development as freedom. Oxford University Press. ISBN 978-0-19-289330-7. https://books.google.com/books?id=Qm8HtpFHYecC। আহৰণ কৰা হৈছে: 14 April 2011. 
  49. Wiener, Jon. "How We Forgot the Cold War. A Historical Journey across America" Archived 26 February 2019 at the Wayback Machine University of California Press, 2012, p. 38.