মহা ছোনা বা মহা ছোহোনা সিংহলী লোককথাৰ এক ইয়াক’(অৰ্থাৎ দানৱ), যিয়ে মৃত্যুৰ পিছৰ আত্মাক খেদি ফুৰে বুলি বিশ্বাস কৰা হয়। মহাছোনা নামৰ অৰ্থ সিংহল ভাষাত “সৰ্বশ্ৰেষ্ঠ অসুৰ"[1] বা "কবৰস্থানৰ দেৱতা বা দানৱ"[2]। ই শ্ৰীলংকাৰ আটাইতকৈ ভয়ংকৰ দেৱতা বা দানৱ।[3] ই মূলতঃ এজন দৈত্য, যাক গোটাইম্বৰা নামৰ আন এজন দৈত্যই(খ্ৰীষ্টপূৰ্ব ১ম শতিকাত বাস কৰিছিল) ডুৱেলত পৰাস্ত কৰি মূৰ কাটি পেলাইছিল, আৰু মহা ছোনাৰ মূৰটো ভালুক বা বাঘৰ মূৰৰ সৈতে সলনি কৰা হৈছিল। তেওঁ মানুহৰ কান্ধ থেতেলিয়াই হত্যা কৰে আৰু লগতে বেমাৰত আক্ৰান্ত কৰি হত্যা কৰে বুলি বিশ্বাস কৰা হয়। এনে ক্ষেত্ৰত অসুৰক পৰাভূত কৰিবলৈ পৰম্পৰাগত ভূত-প্ৰেত নিৰ্বাসন ৰীতি-নীতি কৰা হয়। "মহা ছোহন ব্ৰিগেড" নামেৰে জনা শ্ৰীলংকা সেনাৰ দীৰ্ঘ দূৰত্বৰ ৰিকনেছান্স পেট্ৰ'ল ইউনিটসমূহক জনপ্ৰিয়ভাৱে এই দানৱটোৰ নামেৰে ৰখা হৈছে।[4]

উৎপত্তি সম্পাদনা কৰক

স্থানীয় লোক পৰম্পৰা অনুসৰি, মহাসোণা পূৰ্বতে ৰীতিগলা জয়সেন (ঋতিগালাৰ জয়সেন) নামেৰে জনাজাত আৰু ৰজা দুটুগামুনুৰ ৰাজত্বকালৰ আশে-পাশে বাস কৰা এজন উগ্ৰ যোদ্ধা। মদ্যপান কৰি গোটাইম্বাৰা(ৰজা ডুটুগামুনুৰ দহজন দৈত্য যোদ্ধাৰ ভিতৰত এজন)ক ক্ষুণ্ণ কৰাৰ পিছত তেওঁলোকে খালী হাতে যুদ্ধ কৰিবলৈ সন্মত হয়। কাহিনীটোৰ মতে, গোটাইম্বাৰে হয় ভুলবশতঃ নহয় এটা লাথিৰে জয়সেনাৰ মূৰ কাটি পেলায় আৰু মৃতদেহটোক মুকলি কবৰস্থানলৈ লৈ যোৱা হয়। জয়সেনৰ দুৰ্দশা দেখি এজন দেৱতাই কৰুণা কৰে আৰু মৃতদেহটো ঠাণ্ডা হোৱাৰ আগতেই তেওঁক পুনৰুজ্জীৱিত কৰিবলৈ চেষ্টা কৰে। যিহেতু হাতত অতি কম সময় বাকী আছিল, সেয়েহে দেৱতাই খৰখেদাকৈ ভালুকৰ মূৰ এটা বিচাৰি পায় আৰু তেওঁক পুনৰুজ্জীৱিত কৰাৰ বাবে ভালুকৰ মূৰটো যোৰা দিয়ে। কম সময়তে জীৱন দান কৰাৰ খৰখেদাত দেৱতাই ভালুকৰ মূৰটো তেওঁৰ পিছলৈ যোৰা দিয়ে। জয়সেনাৰ পুনৰুজ্জীৱনৰ পিছত আৰু বিচিত্ৰ ৰূপটো দেখি তেওঁৰ সম্মুখীন হোৱা মানুহবোৰ ভয়ত আতংকিত হৈ অসুস্থ হৈ পৰে। তেওঁক এটা বৃহৎ কবৰস্থানত বা কবৰস্থানৰ আগত পোৱা বাবেই এই নতুন ৰূপটোৰ উৎপত্তিৰ সূত্ৰ অনুসৰি মানুহে ‘মহা ছোহোনা বা মহা ছোহোন’(কবৰস্থানৰ মহান দানৱ)’ বুলি অভিহিত কৰে। মন কৰিবলগীয়া যে, সিংহলী ভাষাত ‘ছোহোন’ (සොහොන්) শব্দৰ অৰ্থ কেৱল কবৰ বা শ্মশান নহয়, সাধাৰণতে ‘পতন’ও হ’ব পাৰে। গতিকে ‘মহা ছোহোনা’ৰ অৰ্থ ‘মহা পতন’ও হ’ব পাৰে। অৱশ্যে দেশৰ বিভিন্ন ঠাইৰ লোকগীতেও মহাছোনাক জয়সেনাৰ লগত সংযুক্ত নকৰাকৈয়ে তেওঁৰ বেলেগ উৎপত্তি কাহিনী বৰ্ণনা কৰে। লোকগীতৰ ওপৰত নিৰ্ভৰ কৰি তেওঁক অসুৰ বা দেৱতা বুলি ক’ব পাৰি। মহা ছোনা সম্ভৱতঃ শ্ৰীলংকাৰ মনোজগতত আটাইতকৈ গভীৰকৈ খোদিত হোৱা অতি-প্ৰাকৃতিক সত্তা হৈয়েই আছে, নামটোৱে মানুহৰ মাজত যি আতংকৰ সৃষ্টি কৰে, তাৰ কোনো তুলনা নাই। ​

বৈশিষ্ট্য সম্পাদনা কৰক

মহা ছোনাই কবৰস্থানত মানুহৰ চিকাৰ বিচাৰি খেদি ফুৰে বুলি বিশ্বাস কৰা হয়।[5] মানুহৰ মৃতদেহক আগুৰি থকা ডাঙৰ ডাঙৰ শিল আৰু পাহাৰতো ই বিচৰণ কৰি ফুৰে।[6] পথৰ তিনিআলিবোৰো এই দানৱটোৱে বিচৰণ কৰা ঠাই আৰু ই কলেৰা আৰু ডিচেণ্ট্ৰি বিয়পাবলৈ সক্ষম হয়।[7] মহা ছোহোনা ৩০,০০০ দানৱৰ ভিতৰত মুখ্য, আৰু প্ৰায়ে বিভিন্ন ছদ্মবেশ ব্যৱহাৰ কৰে; প্ৰতিবাৰেই ছাগলী, হৰিণ, ঘোঁৰা, ভেড়া আৰু হাতী আদি বিশেষ প্ৰাণীত উঠি যায়।[6] ১২২ ফুট (৩৭ মিটাৰ) ওখ এই দানৱটোৰ চাৰিটা চকু আৰু চাৰিখন হাত আৰু ছালৰ ৰং ৰঙা।[6] ভালুক বা বাঘৰ মূৰ আছে, গাহৰি উঠি গৈ থাকোঁতে সোঁহাতত কঢ়িয়াই নিয়া ম’হৰ তেজ খায়। তেওঁ বাওঁহাতে এখন কোৰ লৈ থাকে।[7] মহা ছোনাই ৰাতি মানুহক কান্ধৰ মাজত আঘাত কৰি হত্যা কৰে।[1] হত্যা কৰাৰ পিছত শৰীৰত অসুৰটোৰ হাতৰ চিন খোদিত হয়।[7] হত্যা কৰাৰ উপৰি তেওঁ মানুহৰ গাত লম্ভিবলৈ সক্ষম হয়৷

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 Stirrat, R. L. (1992). Power and religiosity in a post-colonial setting: Sinhala Catholics in contemporary Sri Lanka. Cambridge University Press. পৃষ্ঠা. 90. ISBN 0-521-41555-1. https://books.google.com/books?id=IFSDUbCz0G4C&pg=PA90. 
  2. Smith, Bardwell L. (1976). Religion and social conflict in South Asia. Brill. পৃষ্ঠা. 92. ISBN 90-04-04510-4. https://books.google.com/books?id=07Y3AAAAIAAJ&pg=PA92. 
  3. Gombrich, Richard Francis; Obeyesekere, Gananath (1990). Buddhism transformed: religious change in Sri Lanka. Motilal Banarsidass Publications. পৃষ্ঠা. 117. ISBN 81-208-0702-2. https://books.google.com/books?id=RX4JTm1NSngC&pg=PA117. 
  4. "The Deadly Mahasohon Brigade". Strategy Page. 2007-09-04. http://www.strategypage.com/htmw/htsf/articles/20070904.aspx। আহৰণ কৰা হৈছে: 2009-10-15. 
  5. Inoon, Ayesha (2007-02-25). "Unmasking the man behind the demons". The Sunday Times. http://sundaytimes.lk/070225/Plus/014_pls.html। আহৰণ কৰা হৈছে: 2009-10-14. 
  6. 6.0 6.1 6.2 Royal Asiatic Society of Great Britain and Ireland, Ceylon Branch (1886). Journal of the Ceylon Branch of the Royal Asiatic Society. 4. The Colombo Apothecaries Co.. পৃষ্ঠা. 22–23. https://books.google.com/books?id=LRoYAAAAYAAJ&pg=PA22. 
  7. 7.0 7.1 7.2 Senaveratna, John M. (2005). Dictionary of proverbs of the Sinhalese including also their adages, aphorisms, apologues, apothegms, bywords, dictums, maxims, mottoes, precepts, saws, and sayings, together with the connected myths, legends, and folk-tales. Asian Educational Services. পৃষ্ঠা. 35–36. ISBN 978-81-206-1979-1. https://books.google.com/books?id=yKFq2mXQiA8C&pg=PA35.