মহিমা চৌধুৰী
মহিমা চৌধুৰী (ইংৰাজী: Mahima Chaudhry) এগৰাকী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু মডেল। নব্বৈৰ দশকত চৌধুৰীয়ে কেইটামান মডেলিং এচাইনমেণ্ট কৰিছিল আৰু চলচ্চিত্ৰ জগতত খোজ দিয়াৰ আগতে কেইবাটাও টেলিভিছন বিজ্ঞাপনত অভিনয় কৰিছিল। ১৯৯৭ চনত মুক্তি পোৱা পৰদেশৰ যোগে তেওঁ চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে আৰু আৰু শ্ৰেষ্ঠ নবাগতাৰ ফিল্মফেয়াৰ বঁটা পায়। দাগ (১৯৯৯), ধড়কন (২০০০), কুৰুক্ষেত্ৰ (২০০০), বাগৱানকে (২০০৩) ধৰি কেইবাখনো ছবিত অভিনয় তেওঁ নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱাৰ লগতে দিল ক্যা কৰে (১৯৯৯), লজ্জা (২০০১) আৰু দোবাৰা (২০০৪) ছবি কেইখনে সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে।
মহিমা চৌধুৰী | |
---|---|
২০১৮ চনত মহিমা | |
জন্ম | দাৰ্জিলিং, পশ্চিম বংগ, বাৰত[1] |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৯৭-বৰ্তমানলৈ |
দাম্পত্যসঙ্গী | ববী মুখাৰ্জী (বি. ২০০৬; বিবি. ২০১৩)[2] |
সন্তান | আৰিয়ানা |
প্ৰাৰম্ভিক জীৱন
সম্পাদনা কৰকমহিমা চৌধৰীৰ জন্ম হৈছিল ভাৰতৰ পশ্চিম বংগৰ দাৰ্জিলিঙত। দশম শ্ৰেণীলৈকে তেওঁ কুৰচিয়াঙৰ ডাউ হিলত পঢ়িছিল আৰু পিছত দাৰ্জিলিঙৰ লৰেটো কলেজত নামভৰ্তি কৰে। [1] ২০০৬ চনত স্থপতিবিদ ববী মুখাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০১৩ চনত দুয়োৰো বিচ্ছেদ ঘটে। ২০২২ চনত মহিমাৰ স্তন কেন্সাৰ ধৰা পৰে আৰু চিকিৎসা কৰা হয়। [3]
অভিনয় জীৱন
সম্পাদনা কৰকমহিমাই পৰদেশত (১৯৯৭) এগৰাকী গাঁৱলীয়া ছোৱালীৰ পৰা আৰম্ভ কৰি বিভিন্ন ছবিত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে। তেওঁৰ আন ভূমিকা আছিল দাগ: দ্য ফায়াৰ (১৯৯৯),[4] য'ত তেওঁ দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল; প্যাৰ কোই খেল নেহীত (১৯৯৯) তেওঁ এগৰাকী বিধৱা নাৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। ধড়কনত (২০০০) তেওঁ আন এগৰাকী মহিলাৰ সৈতে উন্মাদভাৱে প্ৰেমত পৰা এজন মানুহৰ মৰমিয়াল বন্ধু: দীৱানেত তেওঁ এটা চোৰৰ প্ৰেমত পৰা গায়িকাৰ চৰিত্ৰত, কুৰুক্ষেত্ৰত তেওঁ এজন আৰক্ষী বিষয়াৰ জেদী পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে। লজ্জাত তেওঁ অভিনয় কৰিছে যৌতুকৰ বিৰুদ্ধে যুজিবলৈ বাধ্য হোৱা এগৰাকী কইনা চৰিত্ৰত; য়ে তেৰা ঘৰ য়ে মেৰা ঘৰত (২০০১) মহিমাক এগৰাকী জেদী ভাড়াতীয়াৰ ৰূপত দেখা যায়, যি গৰাকীয়ে কোনো মূল্যৰ বিনিময়ত নিজৰ ঘৰ এৰি দিব নিবিচাৰে। ওম জয় জগদীশত তেওঁ এজনী মৰমিয়াল গৃহিণী; দিল হ্যায় তুমহাৰাত (২০০২) তেওঁ সেইজনী ভনীয়েক, যিয়ে নিজৰ ভনীয়েকৰ সুখৰ বাবে যিকোনো কামেই কৰিব পাৰে; দোবাৰাত হতাশগ্ৰস্ত গৃহিণী; দ্য ফিল্মত এগৰাকী হতাশ সংগ্ৰামী চিত্ৰনাট্যকাৰ; জমিৰ: দ্য ফায়াৰ উইথিনত এগৰাকী পক্ষাঘাতগ্ৰস্ত নৃত্যশিল্পী, ফিল্ম ষ্টাৰত তেওঁ এগৰাকী উত্তেজিত, অহংকাৰী, ম্লান হৈ পৰা অভিনেত্ৰী; হোম ডেলিভাৰীত (২০০৫) এগৰাকী দক্ষিণ ভাৰতীয় ছুপাৰষ্টাৰ আৰু ছৌতেন: দ্য আদাৰ উইমেনত (২০০৬) এগৰাকী হতাশগ্ৰস্ত গৃহিণীৰ চৰিত্ৰত অভিনয় কৰিছে যিয়ে তেওঁৰ সতীয়া জীয়ৰীৰ ল’ৰাবন্ধুজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছে।
২০১০ চনত মহিমাই নাইটছব্ৰিজ মিডিয়া প্ৰডাকচনৰ এখন ছবি পুশ্বাৰত অভিনয় কৰিছিল। ছবিখনৰ পৰিচালন আছিল আছাদ ৰাজা। তেওঁ ওম পুৰী আৰু সঞ্জয় কাপুৰ অভিনীত থ্ৰিলাৰ মুম্ভাই - দ্য গেংষ্টাৰতো কাম কৰিছিল।
তথ্যউৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 Chhetri, Vivek (21 December 2011). "Hills smile to conquer 'camera' & hearts". The Telegraph. http://www.telegraphindia.com/1111221/jsp/siliguri/story_14908019.jsp#.V4gEoqKs-W4.
- ↑ The Indian Express (11 April 2021). "Mahima Chaudhry opens up about troubled marriage, suffering two miscarriages: 'It was due to not being in a happy space'" (en ভাষাত). Archived from the original on 8 May 2022. https://web.archive.org/web/20220508174434/https://indianexpress.com/article/entertainment/bollywood/mahima-chaudhry-faced-a-troubled-marriage-suffered-two-miscarriages-read-what-the-actor-shared-7262301/। আহৰণ কৰা হৈছে: 8 May 2022.
- ↑ "Mahima Chaudhry on her breast cancer", The Times of India. Retrieved 14 July 2022.
- ↑ Chopra, Anupama (22 February 1999). "Film Without Fire". India Today. Archived from the original on 21 November 2000. https://web.archive.org/web/20001121002700/http://www.india-today.com/itoday/22021999/cinema.html.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত মহিমা চৌধুৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- মহিমা চৌধুৰী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- এক্সত Mahima Chaudhry