মহিলাৰ বিৰুদ্ধে হিংসা (ইংৰাজী: Violence against women), যাক লিংগ-আধাৰিত হিংসা[1] আৰু যৌন আধাৰিত হিংসা বুলিও কোৱা হয়।[2] ই হৈছে মুখ্যতঃ একমাত্ৰ মহিলা বা ছোৱালীৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক কাৰ্য। এনে ধৰণৰ হিংসাক প্ৰায়ে ঘৃণামূলক অপৰাধৰ এক প্ৰকাৰ বুলি গণ্য কৰা হয়।[3] মহিলাৰ বিৰুদ্ধে হিংসাৰ এক দীঘলীয়া ইতিহাস আছে, যদিও সময়ৰ লগে লগে এনে ধৰণৰ হিংসাৰ ঘটনা আৰু তীব্ৰতা সলনি হৈছে আৰু আজিও সমাজভেদে পৃথক হিংসাকাৰ্য্য দেখা যায়। এনে ধৰণৰ হিংসা সাধাৰণতে সমাজত হওঁক বা পাৰস্পৰিক সম্পৰ্কত হওঁক প্ৰায়ে মহিলাৰ বশ্যতাৰ এক প্ৰণালী হয়। এনে ধৰণৰ হিংসা অপৰাধীৰ হিংসাত্মক প্ৰকৃতিৰ ফলত, শ্ৰেষ্ঠতা দেখুওৱাৰ অভিপ্ৰায়, বিদ্বেষ বা একে ধৰণৰ মনোভাৱৰ পৰা উদ্ভৱ হ'ব পাৰে আৰু বিশেষকৈ মহিলাৰ বিৰুদ্ধে হয়।

প্ৰতি ১০০,০০০ জনসংখ্যাত মহিলাৰ হত্যাকাণ্ড দেখুওৱা পৃথিৱীৰ এখন মানচিত্ৰ, ২০১৯
 
জিন ইগনেছ ইচিডোৰ গেৰাৰ্ডৰ পৰা এটা দৃষ্টান্ত জেজে গ্ৰেণ্ডভিলৰ চেণ্ট প্ৰোভাৰবছ (১৮৪৫)। শিৰোনাম আছিল "কুই আইমে বিয়েন চেটি বিয়েন"('যিয়ে প্ৰেম কৰে, তেওঁ ভাল শাস্তিও দিয়ে)। এগৰাকী মহিলাক প্ৰহাৰ কৰা এজন পুৰুষক পিছফালে দেখুওৱা হৈছে
 
ডাইনী জ্বলোৱা, ষ্টকত থকা আনসকলৰ সৈতে
 
সতীদাহ প্ৰথা (এক হিন্দু প্ৰথা যাৰ দ্বাৰা এগৰাকী বিধৱা তেওঁৰ স্বামীৰ অন্ত্যেষ্টিক্ৰিয়াত নিজকে বলি দান দিয়ে)।

ইতিহাস চালে দেখা যায়, মহিলাৰ বিৰুদ্ধে হিংসাৰ বিষয়ে তথ্য কম। ইয়াৰ আংশিক কাৰণ হৈছে মহিলাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ হিংসা (বিশেষকৈ ধৰ্ষণ, যৌন নিৰ্যাতন, আৰু ঘৰুৱা হিংসা) কম প্ৰতিবেদিত হয়। প্ৰায়ে সামাজিক নিয়ম, নিষিদ্ধতা, কলঙ্ক, আৰু বিষয়টোৰ সংবেদনশীলতাৰ বাবে এইবোৰ ৰাজহুৱাভাৱে প্ৰকাশ কৰা নহয়।[4][5] সেইবাবে আজিও নিৰ্ভৰযোগ্য তথ্যৰ অভাৱত মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ এক স্পষ্ট ছবিৰৰ পৰ্যাপ্ত তথ্য নাই। [6]

যদিও মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ উদাহৰণ ইতিহাসত কম পোৱা যায়, এইটো স্পষ্ট যে বেছিভাগ হিংসা স্বীকাৰ কৰা হৈছিল, ক্ষমা কৰা হৈছিল আৰু আনকি আইনসঙ্গতৱে অনুমোদনো জনোৱা হৈছিল।[7] উদাহৰণ স্বৰুপে ৰোমান আইনে পুৰুষসকলক তেওঁলোকৰ পত্নীক শাস্তি দিয়াৰ অধিকাৰ দিছিল, আনকি মৃত্যুলৈকে,[8] আৰু ডাইনীহত্যা, ডাইনী দাহ, আদি প্ৰথাক গীৰ্জা আৰু ৰাজ্য উভয়ে ক্ষমা কৰিছিল।[7]

মহিলাৰ বিৰুদ্ধে হিংসাৰ ঐতিহাসিক দৃষ্টিভংগীত মহিলাসকলক সম্পত্তি হিচাপে আৰু আনৰ অধীনত থকাৰ দৃষ্টিকোণত প্ৰকাশ কৰা হয় । [9] মহিলাৰ বিৰুদ্ধে হিংসাৰ পৰিসৰ আৰু ইতিহাস ব্যাখ্যা কৰিবলৈ সচৰাচৰ পিতৃতান্ত্ৰিকতা আৰু বিশ্বব্যৱস্থা য'ত লিংগ অসমতা সদায় বিদ্যমান আৰু চিৰস্থায়ী, তেনেধৰণৰ বাখ্যা ব্যৱহাৰ হয়।[5][6] মহিলাৰ বিৰুদ্ধে হিংসা দূৰীকৰণৰ ওপৰত ৰাষ্ট্ৰসংঘৰ ঘোষণাপত্ৰত (১৯৯৩) কোৱা হৈছে, "মহিলাৰ বিৰুদ্ধে হিংসা হৈছে পুৰুষ আৰু মহিলাৰ মাজত ঐতিহাসিকভাৱে অসমান ক্ষমতাৰ এক প্ৰকাশ, যাৰ ফলত পুৰুষৰ দ্বাৰা মহিলাৰ ওপৰত আধিপত্য আৰু বৈষম্য আৰু মহিলাৰ সম্পূৰ্ণ উন্নতি প্ৰতিৰোধ কৰা হয়। মহিলাৰ বিৰুদ্ধে হিংসা হৈছে এক গুৰুত্বপূৰ্ণ সামাজিক প্ৰণালী যাৰ দ্বাৰা পুৰুষৰ তুলনাত মহিলাসকলক পুৰুষৰ অধীনস্থ হ'বলৈ বাধ্য কৰা হয়।" [10][11] ৰাষ্ট্ৰসংঘৰ মতে, "পৃথিৱীৰ এনে কোনো অঞ্চল নাই, কোনো দেশ নাই আৰু এনে কোনো সংস্কৃতি নাই য'ত হিংসাৰ পৰা মহিলাৰ স্বাধীনতা সুৰক্ষিত কৰিব পৰা গৈছে।[6] পৃথিৱীৰ কিছুমান প্ৰান্তত, প্ৰায়ে উন্নয়নশীল দেশবোৰত বিভিন্ন ধৰণৰ হিংসা প্ৰচলিত। উদাহৰণ স্বৰূপে, যৌতুক হিংসা আৰু কইনা জ্বলোৱা ভাৰত, বাংলাদেশ আৰু নেপাল প্ৰচলিত। এচিড নিক্ষেপ কৰাৰ দৰে হিংসাকাৰ্য্য এই দেশবোৰৰ, লগতে কম্বোডিয়াকে ধৰি দক্ষিণ-পূব এছিয়াৰ সৈতেও জৰিত। অনাৰ কিলিং মধ্য প্ৰাচ্য আৰু দক্ষিণ এছিয়াৰ সৈতে সম্পৰ্কিত। মহিলাৰ যৌনাঙ্গৰ বিকৃতকৰণ বেছিভাগ আফ্ৰিকাত, আৰু কিছু পৰিমাণে মধ্য প্ৰাচ্য আৰু এছিয়াৰ আন কিছুমান অঞ্চলত এতিয়াও দেখা যায়। অপহৰণৰ দ্বাৰা বিবাহ ইথিওপিয়া, মধ্য এছিয়া আৰু ককেছাছত পোৱা যায়। কইনাৰ মূল্য পৰিশোধ সম্পৰ্কীয় উৎপীড়ন (যেনে হিংসা আৰু বলপূৰ্বক বিবাহ) চাব-চাহাৰা আফ্ৰিকা আৰু ওচেনিয়াৰ কিছু অংশত প্ৰচলিত।[12][13]

প্ৰতিৰোধৰ ব্যৱস্থা

সম্পাদনা কৰক
  • ১৯৭৯ চনত মহিলাৰ বিৰুদ্ধে সকলো ধৰণৰ বৈষম্য দূৰীকৰণ সন্মিলন হয় যʼত ১২ আৰু ১৯ নং পৰামৰ্শৰ আধাৰত মহিলাৰ ক্ষেত্ৰত বৈষম্যক এক প্ৰকাৰৰ হিংসা হিচাপে স্বীকৃতি দিয়ে।[14]
  • ১৯৯৩ চনৰ মানৱ অধিকাৰৰ ওপৰত হোৱা বিশ্ব সন্মিলনত, মহিলাৰ বিৰুদ্ধে হোৱা হিংসাক মানৱ অধিকাৰ উলংঘন কাৰ্য্য হিচাপে বিবেচনা কৰা হয়, আৰু যি পিছত ৰাষ্ট্ৰসংঘৰ ঘোষণাৰ অংশ হৈ পৰিছিল ।[14]
  • ১৯৯৩ চনত মহিলাৰ বিৰুদ্ধে হিংসা দূৰীকৰণৰ ওপৰত ৰাষ্ট্ৰসংঘৰ ঘোষণা আছিল মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ স্পষ্ট সংজ্ঞা আৰু সমাধান কৰা প্ৰথম আন্তৰ্জাতিক ঘোষণাপত্ৰ। এই দস্তাবেজখনে বিশেষকৈ মহিলাৰ বিৰুদ্ধে হিংসা আৰু লিংগ অসমতাৰ বিষয়টো ঐতিহাসিক কালৰ পৰা হৈ অহা অহা বুলি প্ৰথম উল্লেখ কৰা হয়। ।[14]। এই ঘোষণাপত্ৰ, লগতে একে বছৰৰ বিশ্ব সন্মিলনক প্ৰায়ে এক "টাৰ্ণিং পইণ্ট" হিচাপে গণ্য কৰা হয় য'ত আন্তৰ্জাতিকভাৱে মহিলাৰ বিৰুদ্ধে হোৱা হিংসাক অধিক গুৰুত্বসহকাৰে লোৱা আৰম্ভ হয়, আৰু তাৰ পিছত এই সমস্যাটোৰ বিশ্বৰ চাৰিওফালে অধিক দেশ একত্ৰিত হৈ গুৰুত্ব দিবলৈ আৰম্ভ কৰে।[15][16]
  • ১৯৯৪ চনৰ জনসংখ্যা আৰু বিকাশৰ ওপৰত হোৱা আন্তৰ্জাতিক সন্মিলনত মহিলাৰ বিৰুদ্ধে হোৱা হিংসাক প্ৰজনন, স্বাস্থ্য আৰু অধিকাৰৰ সৈতে সংযুক্ত কৰা হয়, আৰু লগতে মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে হোৱা হিংসা কেনেদৰে প্ৰতিৰোধ আৰু সঁহাৰি দিব লাগে সেই বিষয়ে চৰকাৰক পৰামৰ্শ প্ৰদান কৰা হয়।
  • ১৯৯৬ চনত, বিশ্ব স্বাস্থ্য সভাই হিংসাক এক মুখ্য ৰাজহুৱা স্বাস্থ্য সমস্যা বুলি ঘোষণা কৰিছিল, আৰু অন্তৰংগ সঙ্গীহিংসা আৰু যৌন হিংসা অন্তৰ্ভুক্ত কৰিছিল, যি দুটা প্ৰকাৰৰ হিংসা প্ৰায়ে মহিলাৰ বিৰুদ্ধে হিংসা হিচাপে সংঘটিত হৈছিল। ইয়াৰ পিছত ২০০২ চনত বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন। [17] ৰাষ্ট্ৰসংঘই মহিলাৰ বিৰুদ্ধে হিংসা দূৰ কৰাৰ পদক্ষেপসমূহক সমৰ্থন কৰিবলৈ ট্ৰাষ্ট ফাণ্ডো সৃষ্টি কৰিছিল।[18]
  • ১৯৯৯ চনত, ৰাষ্ট্ৰসংঘই মহিলাৰ বিৰুদ্ধে সকলো ধৰণৰ বৈষম্য দূৰীকৰণসন্মিলনৰ বৈকল্পিক প্ৰটোকল গ্ৰহণ কৰে আৰু ২৫ নৱেম্বৰক মহিলাৰ বিৰুদ্ধে হিংসা দূৰীকৰণৰ বাবে আন্তৰ্জাতিক দিৱস হিচাপে মনোনীত কৰে[17]
  • ২০০২ চনত, হিংসাক এক মুখ্য ৰাজহুৱা স্বাস্থ্য সমস্যা হিচাপে ঘোষণা কৰি বিশ্ব স্বাস্থ্য সংস্থাই হিংসা আৰু স্বাস্থ্যৰ ওপৰত প্ৰথম বিশ্ব প্ৰতিবেদন প্ৰকাশ কৰিছিল, য'ত বহু প্ৰকাৰৰ হিংসা আৰু সেইবোৰৰ স্বাস্থ্যৰ ওপৰত হোৱা প্ৰভাৱ অন্তৰভুক্ত আছিল। ইয়াৰ ভিতৰত আছিল মহিলাসকলক বিশেষকৈ প্ৰভাৱিত কৰা হিংসা। প্ৰতিবেদনখনত বিশেষভাৱে ১৯৭০ ৰ দশকৰ পৰা ১৯৯০ ৰ দশকলৈ মহিলাৰ বিৰুদ্ধে লিংগ-আধাৰিত হিংসাৰ সঁহাৰি দিয়াৰ বাবে সমাজ সংগঠন আৰু সহায় কাৰ্য্য বৃদ্ধিৰ কথা উল্লেখ কৰা হৈছিল।[16]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Russo, Nancy Felipe; Pirlott, Angela (November 2006). "Gender-based violence: concepts, methods, and findings". Annals of the New York Academy of Sciences (Taylor and Francis and Oxfam) খণ্ড 1087 (Violence and Exploitation Against Women and Girls): 178–205. doi:10.1196/annals.1385.024. PMID 17189506. 
  2. Sexual and Gender-based Violence (WHO)
  3. Citations:
  4. Krug, Etienne G.; Dahlberg, Linda L.; Mercy, James A.; Zwi, Anthony B.; Lozano, Rafael (2002). World report on violence and health. Geneva, Switzerland: World Health Organization. ISBN 9789241545617. Also available as: Krug, Etienne G.; Dahlberg, Linda L.; Mercy, James A.; Zwi, Anthony B.; Lozano, Rafael (5 October 2002). "The world report on violence and health". The Lancet. Elsevier. 360 (9339): 1083–1088. doi:10.1016/S0140-6736(02)11133-0. PMID 12384003. S2CID 20828803.
  5. 5.0 5.1 Watts, Charlotte; Zimmerman, Cathy (6 April 2002). "Violence against women: global scope and magnitude". The Lancet (Elsevier) খণ্ড 359 (9313): 1232–1237. doi:10.1016/S0140-6736(02)08221-1. PMID 11955557. 
  6. 6.0 6.1 6.2 UN (2006). In-depth study on all forms of violence against women. Report of the Secretary-General.. United Nations General Assembly. A/61/122/Add. http://www.un.org/womenwatch/daw/vaw/violenceagainstwomenstudydoc.pdf1। আহৰণ কৰা হৈছে: 2 December 2013. 
  7. 7.0 7.1 Ireland, Patricia (1996). No Safe Place: Violence Against Women (script). PBS documentary. https://www.pbs.org/kued/nosafeplace/script/script.html। আহৰণ কৰা হৈছে: 2 December 2013. 
  8. Stedman, Berne (August 1917). "Right of husband to chastise wife". The Virginia Law Register (University of Virginia School of Law) খণ্ড 3 (4): 241–248. doi:10.2307/1106112.  Also available at HeinOnline. Full text available here [1].
  9. Toren, Christina (1994). "Transforming love: representing Fijian hierarchy". Sex and violence: issues in representation and experience. প্ৰকাশক London New York: Routledge. পৃষ্ঠা. 18–39. ISBN 9780415057349. https://books.google.com/books?id=KGXezlZnjF8C&pg=PA36. 
  10. UN. Declaration on the Elimination of Violence against Women. United Nations. A/RES/48/104. https://www.un.org/documents/ga/res/48/a48r104.htm. 
  11. UNFPA. "Addressing gender-based violence: advancing human rights". United Nations Population Fund (UNFPA). Archived from the original on 21 October 2014. https://web.archive.org/web/20141021001255/http://www.unfpa.org/rights/violence.htm। আহৰণ কৰা হৈছে: 15 September 2021. 
  12. "Papua New Guinea: police cite bride price major factor in marital violence". Island Business. 21 November 2011. Archived from the original on 18 February 2015. https://web.archive.org/web/20150218182845/http://www.violenceisnotourculture.org/News-and-Views/papua-new-guinea-police-cite-bride-price-major-factor-marital-violence. 
  13. "An exploratory study of bride price and domestic violence in Bundibugyo District, Uganda". Centre for Human Rights Advancement (CEHURA) and South African Medical Research Council. April 2012. http://www.mrc.ac.za/gender/Bridepricedomesticviolence.pdf। আহৰণ কৰা হৈছে: 6 August 2014. 
  14. 14.0 14.1 14.2 "Global norms and standards: Ending violence against women". UN Women. http://www.unwomen.org/en/what-we-do/ending-violence-against-women/global-norms-and-standards। আহৰণ কৰা হৈছে: 2 December 2013. 
  15. Venis, Sarah; Horton, Richard (6 April 2002). "Violence against women: a global burden". The Lancet (Elsevier) খণ্ড 359 (9313): 1172. doi:10.1016/S0140-6736(02)08251-X. PMID 11955533. 
  16. 16.0 16.1 Garcia-Moreno, Claudia (2005). WHO multi-country study on women's health and domestic violence against women: initial results on prevalence, health outcomes and women's responses. প্ৰকাশক Geneva, Switzerland: World Health Organization. ISBN 9789241593588. https://www.who.int/reproductivehealth/publications/violence/24159358X/en/. 
  17. 17.0 17.1 Krug, Etienne G.; Dahlberg, Linda L.; Mercy, James A.; Zwi, Anthony B.; Lozano, Rafael (2002). World report on violence and health. প্ৰকাশক Geneva, Switzerland: World Health Organization. ISBN 9789241545617. https://books.google.com/books?id=db9OHpk-TksC. 
    Also available as:
  18. Fried, Susana T. (2003). "Violence against women". Health and Human Rights Journal (Harvard University Press) খণ্ড 6 (2): 88–111. doi:10.2307/4065431.  Pdf. Archived 2019-11-29 at the Wayback Machine