মহীচন্দ্ৰ বৰা
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট গল্পকাৰ মহীচন্দ্ৰ বৰা[১৮৯৪-১৩ জুন ১৯৬৫]৷ তদুপৰি গল্পৰ লগতে তেখেতে কবিতাও ৰচনা কৰিছিল৷ সাহিত্যৰ উপৰিও তেখেত ৰাজনীতিৰ দিশতো সক্ৰিয় আছিল৷ তেখেত আৱাহন যুগৰ এগৰাকী উল্লেখযোগ্য গল্পকাৰ৷ হলিৰাম ডেকা আৰু ত্ৰৈলোক্যনাথ গোস্বামীৰ পিছতে মহীচন্দ্ৰ বৰাই গল্প ৰচনা কৰি আধুনিক অসমীয়া গল্প সাহিত্যৰ ধাৰাটোক বিশেষভাৱে সমৃদ্ধ কৰি তুলিছিল ৷[1]
জন্ম
সম্পাদনা কৰকমহীচন্দ্ৰ বৰাৰ জন্ম হৈছিল ১৮৯৪ চনত নগাঁৱ জিলাৰ দেৱ নাৰিকলি গাঁৱত৷ তেখেতৰ পিতৃৰ নাম মলাৰাম বৰা আৰু মাতৃৰ নাম লাহেশ্বৰী বৰা৷[1]
শিক্ষাজীৱন
সম্পাদনা কৰকমহীচন্দ্ৰ বৰা শৈশৱৰে পৰাই এগৰাকী মেধাসম্পন্ন ছাত্ৰ আছিল৷ তেখেতে প্ৰাথমিক স্কুল পৰ্যায়তে পৰীক্ষা দি প্ৰাথমিক বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছিল৷ সেই সময়তে প্ৰৱেশিকা পৰীক্ষাত তেখেতে অসমৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল৷ পৰৱৰ্তী সময়ত বি.এ পৰীক্ষাত ডিষ্টিংশ্যনসহ উত্তীৰ্ণ হৈছিল৷ আইনৰ পৰীক্ষাতো বৰাদেৱে প্ৰথম শ্ৰেণী লাভ কৰি কৃতিত্ব লভিবলৈ সক্ষম হৈছিল৷[1]
সাহিত্য কৰ্ম
সম্পাদনা কৰকমহীচন্দ্ৰ বৰাই পোনপ্ৰথমে আলোচনী ৰ পাতত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে৷ আলোচনীৰ পাতত লিখা ‘মিতাৰ মৰম’ গল্পটো আছিল তেখেতৰ প্ৰথম গল্প৷ পৰৱৰ্তী সময়ত তেখেতে আৱাহনৰ পাতত গল্প লিখিবলৈ আৰম্ভ কৰে৷ আৱাহনৰ পাতত ‘কাউন্সিল বয়কট’, ছৰ্দাৰ বিল’ আদি কেইবাটাও উল্লেখযোগ্য গল্প লিখি গল্পকাৰ হিচাপে পৰিচিত আৰু প্ৰতিষ্ঠিত হৈ পৰিল৷ তেখেতে ‘ৰামধেনু’ৰ পাততো গল্প লিখিছিল৷ ১৯৫০ চনৰ তৃতীয় বছৰ ষষ্ঠ সংখ্যাৰ ৰামধেনুত তেখেতে ‘নিৰীক্ষণ’ নামৰ এটা গল্প লিখিছিল৷ মৰণোত্তৰভাৱে প্ৰকাশিত তেখেতৰ গল্প সংকলটি হ’ল উকীলৰ জন্ম ৰহস্য[১৯৭০]৷ তেখেতৰ একমাত্ৰ কবিতা সংকলনটিৰ নাম ‘শান্তিশতক’৷[2]
বিশিষ্ট ব্যক্তিৰ মত
সম্পাদনা কৰকড॰ সত্যেন্দ্ৰনাথ শৰ্মা-- “আমোদজনক পৰিস্থিতি আৰু বাকচাতুৰ্যৰ দ্বাৰা ব্যঙ্গ বেছি প্ৰোজ্জ্বল ৷” কৃষ্ণকান্ত সন্দিকৈ-- “দেশৰ কামত আপোনাৰ সময়ৰ নাটনি হৈছে ৷ আপুনি লিখিবলৈ নেৰিব৷ বেজবৰুৱাৰ আসনখন আপুনিহে পূৰাব পাৰিব ৷” ড॰ কবীন ফুকন-- “চল্লিশৰ সংকটৰ কালত গল্প সংখ্যাত হীন হৈ পৰিছিল৷ যুদ্ধৰ সময়ত হলিৰাম ডেকা, মহীচন্দ্ৰ বৰা, ত্ৰৈলোক্যনাথ গোস্বামীৰ কেইটিমান গল্প প্ৰকাশিত হৈছিল৷ ”[3]