মহৰি
মহৰি নাটকখন দুৰ্গাপ্ৰসাদ মজিন্দাৰবৰুৱাৰ এখন ধেমেলীয়া নাট। মহৰি মজিন্দাৰ বৰুৱাৰ প্ৰথম নাট। মহৰি নাটকখন ১৮৯২ খৃষ্টাব্দত ৰচিত হৈ ১৮৯৬ খৃষ্টাব্দত প্ৰকাশ হয়।[1] দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাই ১৮৯৩ চনত বিহু উপলক্ষে 'মহৰি'ক ৰাইজৰ আগত থিয় কৰাই আনন্দ লাভ কৰে আৰু সেই চনৰ অসমীয়া সাহিত্য সভাৰ বছৰেকীয়া উৎসৱত অভিনয় কৰা হয়। মৌলিক ধেমেলীয়া নাট স্বৰূপে 'মহৰি' অসমীয়া ধেমেলীয়া নাট্য সাহিত্য ক্ষেত্ৰত প্ৰথম।[2] নাট্যকাৰে নিজেই নাটকখনৰ পাতনিত উল্লেখ কৰিছে " আমাৰ ধেমালি কৰিব লগীয়া নাট নাই বুলি ক'লেও মিছা কোৱা নহয়।"[3] মহৰি তিনি অঙ্কযুক্ত নাট। দৃশ্যবোৰক দৰ্শন নাম দিয়া হৈছে। প্ৰথম অংকৰ দৰ্শনৰ সংখ্যা পাঁচ, দ্বিতীয় অংকৰ তিনি, আৰু তৃতীয় অংকৰ ছয়। নাটকখনত এটাও গীত নাই।
মহৰি | |
---|---|
লিখক | দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা |
চৰিত্ৰসমূহ |
|
মূল ভাষা | অসমীয়া ভাষা |
বিষয় | ধেমেলীয়া নাট |
নাট্যকাৰৰ পৰিচয়
সম্পাদনা কৰকদুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাৰ ১৮৭০ চনত শিৱসাগৰ জিলাৰ বেতবাৰীৰ শুকান পুখুৰীত জন্ম হয়। তেওঁৰ পিতাকৰ নাম নৰোত্তম মজিন্দাৰ বৰুৱা। দুৰ্গাপ্ৰসাদে যোৰহাট চৰকাৰী হাইস্কুলত পঢ়িছিল। দুৰ্গাপ্ৰসাদে চাৰিখন নাটক লিখিছিল। সেইবোৰ হ'ল 'মহৰি', 'বৃষকেতু', 'গুৰু-দক্ষিণা', আৰু 'নিগ্ৰো'।[4] ইয়াৰে 'কলিযুগ' নাটকখন বেণুধৰ ৰাজখোৱাৰ লগত যুটিয়াভাৱে ৰচনা কৰা।[5]
নাটকখনৰ চৰিত্ৰসমূহ
সম্পাদনা কৰক- ভাবিৰাম শৰ্মা
- জিউৰাম
- মিঃ ফক্স
- মাকৰি মেম
- হলিৰাম
- আব্দুল ৰহমান
- ভেকোলা
- সুমথিৰা
- বাপিৰাম কোচ
কাহিনী
সম্পাদনা কৰকভাবিৰাম শৰ্মা পঞ্চম শ্ৰেণীলৈকে পঢ়া এজন ল'ৰা। পিতাকৰ মৃত্যুৰ পিছত কিছুদিন অনাই বনাই ঘূৰি ফুৰাৰ পাছত কম দিনতে ধনী হোৱাৰ মানসেৰে চাহ বাগিচাত চাকৰি কৰাৰ মন মেলে। খুড়ায়েক জিউৰাম উকিলৰ বন্ধু আছিল ঔ গুৰি চাহ বাগিচাৰ বৰচাহাব মিঃ ফক্স। উকিল জিউৰামৰ হতুৱাই এখন পৰিচয় পত্ৰ লিখি লৈ ভাবিৰামে মিঃ ফক্সৰ লগত সাক্ষাত কৰে। পঞ্চম মানলৈকে পঢ়া ভাবিৰামে ইংৰাজী নাম মাত্ৰহে জানিছিল। ভাবিৰামে ইংৰাজী কিমান জানে ফক্সে মৌখিক ভাবে পৰীক্ষা কৰি গম পালে যে ভাবিৰামে ইংৰাজী একো নাজানে। তথাপি জিউৰাম উকিলৰ খাতিৰত ভাবিৰামক মহৰি কামত নিয়োগ কৰিলে। এয়া বৰমহৰি হলিৰামে পেটে ভালপোৱা নাছিল। কেইদিনমান যোৱাৰ পিছত এদিনখন মিঃ ফক্সে চাহ ঘৰলৈ 'হেমাৰ' (Hammer) লাগে বুলি ভাবিৰামলৈ লিখি পঠিয়ালে। ভাবিৰামে একো বুজিব নোৱাৰি কৰত এখন পঠিয়াই দিলে। এনে কাৰ্যত মিঃ ফক্সৰ খং উঠা বুলি ভাবিৰামে ক্ষন্তেক পিচতে জানিব পাৰিলে। এই চেলুতে হলিৰামে ভাবিৰামক চাহ বাগিচাৰ পৰা পলাই ঘৰমুৱা হ'বলৈ উপদেশ দিলে আৰু ভতিজা ল'ৰাক তাৰ ঠাইত চাকৰি দিয়াৰ বাবে চাহাবক খাটনি ধৰিলে। ভাবিৰামে নিজৰ দৰমহাৰ টকা নোলোৱাকৈ কপাল থুকি নিজৰ ঘৰলৈ পলাই গ'ল।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ শৰ্মা, সত্যেন্দ্ৰনাথ (৮-ম সংস্কৰণ ২০০০). "মহৰি". অসমীয়া নাট্য সাহিত্য. প্ৰকাশক ৰিহাবাৰী গুৱাহাটী: সৌমাৰ প্ৰকাশ. পৃষ্ঠা. ৩০৮.
- ↑ ভট্যাচাৰ্য্য, ড॰ শ্ৰীহৰিচন্দ্ৰ (১৯৮৮). "দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা". প্ৰকাশক গুৱাহাটী -১. পৃষ্ঠা. ২০৩.
- ↑ দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা (১৮৯৬). "পাতনি". মহৰি. প্ৰকাশক শিৱসাগৰ. পৃষ্ঠা. ১.
- ↑ ভট্যাচাৰ্য্য, ড॰ শ্ৰীহৰিচন্দ্ৰ (১৯৮৮). "দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা". অসমীয়া নাট্য সাহিত্যৰ জিলিঙনি. প্ৰকাশক গুৱাহাটী -১: লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ২০৪.
- ↑ শৰ্মা, সত্যেন্দ্ৰনাথ (৮-ম সংস্কৰণ ২০০০). "মহৰি". অসমীয়া নাট্য সাহিত্য. প্ৰকাশক ৰিহাবাৰী গুৱাহাটী: সৌমাৰ প্ৰকাশ. পৃষ্ঠা. ৩০৮.