বেণুধৰ ৰাজখোৱা (ইংৰাজী: Benudhar Rajkhowa) (১৮৭২-১৯৫৫) বিশিষ্ট সাহিত্যিক, গল্পকাৰ, প্ৰবন্ধকাৰ। বেণুধৰ ৰাজখুৱাই ইংৰাজ চৰকাৰৰ পৰা ৰায়চাহাব খিতাপ লাভ কৰিবলৈ সমৰ্থ হৈছিল। ১৮৮৯ চনৰ পৰা নাটক ৰচনাৰ কাম আৰম্ভ কৰে আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ লগলাগি বিজুলী নামৰ আলোচনীখন প্ৰকাশত বিশেষ অৰিহণা যোগাইছিল। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বিশেষ বৰঙনিৰ বাবে বেণুধৰ ৰাজখোৱাক অসম সাহিত্য-সংস্কৃতিৰ মুখ্য অনুষ্ঠান অসম সাহিত্য সভাই ১৯২৬ চনৰ অক্টোবৰ মাহত ধুবুৰীত অনুষ্ঠিত হোৱা বাৰ্ষিক অধিবেশনত সভাপতিত্ব কৰিছিল[1]। পাছলৈ ৰাজখোৱা শিৱসাগৰৰ আধুনিক মঞ্চ আন্দোলনৰ লগত জড়িত হৈ পৰিছিল। তেওঁ নিজা নাটক কেইখনিতে সমাজৰ সৰু-সুৰা দোষ হাঁহিয়াতৰ পাত্ৰ কৰি সমাজক শুধৰোৱাৰ সৰু আশা এটি মনতে পুহি ৰাখিছিল। ঠায়ে ঠায়ে সুন্দৰ প্ৰহসনমূলক পৰিস্থিতি সৃষ্টি কৰাত তেওঁ পটুতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল।[2]

বেণুধৰ ৰাজখোৱা
জন্ম ডিচেম্বৰ, ১৮৭২
খোৱাঙ, ডিব্ৰুগড়, অসম
মৃত্যু ১৯৫৫ চন
পেছা উপায়ুক্ত, গল্পকাৰ, প্ৰবন্ধকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতক

জন্ম আৰু পৰিয়ালসম্পাদনা কৰক

বেণুধৰ ৰাজখোৱাৰ জন্ম হয় ১৮৭২ চনৰ ডিচেম্বৰ মাহত। তেওঁৰ পিতৃৰ নাম সুচান্দৰাম ৰাজখোৱা আৰু মাকৰ নাম হীৰাৱতী ৰাজখোৱা।

শিক্ষাসম্পাদনা কৰক

বেণুধৰ ৰাজখুৱাই প্ৰাথমিক শিক্ষা আৰু মাধ্যমিক শিক্ষা ডিব্ৰুগড়ত গ্ৰহণ কৰে আৰু তাৰ পাছত ৰাজখোৱা কলিকতালৈ উচ্চ শিক্ষা গ্ৰহণৰ বাবে যায়। ১৮৯৬ চনত কলিকতাৰ পৰা স্নাতক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু অসমলৈ ঘূৰি আহে। অসমত বিভিন্ন বিভাগৰ বেলেগ বেলেগ চাকৰি কৰি ১৯৩১ চনত উপায়ুক্তৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। এখেত ১৯২৬ চনত ধুবুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ নৱম অধিবেশনৰ সভাপতি আছিল।[2]

মৃত্যুসম্পাদনা কৰক

আজীৱন সাহিত্য সাধনাৰে অসমীয়া সাহিত্যক প্ৰচুৰ সম্ভাৰ প্ৰদান কৰি এইজনা সাহিত্যিকে ১৯৫৫ চনত ইহ সংসাৰ ত্যাগ কৰে।[2]

সাহিত্যিক অৱদানসম্পাদনা কৰক

এখেতৰ কেইখন মান কবিতা পুথিৰ নাম হৈছে-

  1. চন্দ্ৰ সম্ভৱ (১৮৯৫),
  2. পঞ্চ কবিতা( ১৮৯৫),
  3. দশগীত( ১৮৯৯),
  4. সৰু লৰাৰ গান (১৯০১),
  5. ডেকা-গাভৰু (১৮৮৯),
  6. সেউতি কিৰণ (১৮৯৪),
  7. অসমীয়া ভাই (১৯০১),
  8. দৰবাৰ (১৯০২),
  9. দুৰ্যোধনৰ উৰুভঙ্গ (১৯০৩),
  10. কলিযুগ(১৯০৪),
  11. বাঁহী (১৯০৬),
  12. দক্ষযজ্ঞ (১৯০৮),
  13. কুৰি শতিকাৰ সভ্যতা (১৯০৮),
  14. লখিমী তিৰোতা (১৯০৯),
  15. অশিক্ষিতা ঘৈণী (১৯১২),
  16. বিপ্ৰ দামোদৰ (অসমীয়া খণ্ড)(১৯১৭),
  17. তিনি-ঘৈণী (১৯২৮),
  18. চোৰৰ সৃষ্টি (১৯৩১),
  19. যমপুৰী (১৯৩১),
  20. টোপনিৰ পৰিণাম (১৯৩২)
আত্মজীৱনী

মোৰ জীৱন দাপোন (১৯৬৯)[3]



তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  2. 2.0 2.1 2.2 ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশন. পৃষ্ঠা. ৩৬, ৩৭. 
  3. Amaresh Datta (1987). Encyclopaedia of Indian Literature: A-Devo. Sahitya Akademi. পৃষ্ঠা. 273–. ISBN 978-81-260-1803-1. http://books.google.com/books?id=ObFCT5_taSgC&pg=PA273। আহৰণ কৰা হৈছে: 28 November 2012. 

বাহ্যিক সংযোগসম্পাদনা কৰক