মাগুৰী মতাপুং বিল

অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন বিল

মাগুৰী মতাপুং বিল বা মাগুৰী বিল অসমতিনিচুকীয়া জিলাত অৱস্থিত এখন বিল তথা আৰ্দ্ৰভূমি। ই ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই কাষত অৱস্থিত। এই বিলখন বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ প্ৰাকৃতিক আৱাসস্থলী আৰু স্থানীয় সম্প্ৰদায়সমূহৰ জীৱিকাৰ উৎস।[1][2] মাগুৰী মতাপুং বিলক বোম্বে প্ৰাকৃতিক ইতিহাস ছচাইটিয়ে গুৰুত্বপূৰ্ণ পক্ষী এলেকা হিচাপে চিহ্নিত কৰিছে।

মাগুৰী মতাপুং বিল

মাগুৰী মতাপুং বিল
স্থান তিনিচুকীয়া জিলা, অসম, ভাৰত
কালি ৯.৬ বৰ্গ কি.মি. (3.7 বৰ্গ মাইল)[1]

নামৰ উৎপত্তি সম্পাদনা কৰক

বিলখনৰ নামক লৈ কেইবাটাও মতবাদ প্ৰচলিত হৈ আছে। কিছুমানৰ মতে এসময়ত বিলখনত এটা নিমখৰ পুং আছিল। পুংটোৰ পৰা নিগৰিত হোৱা লুণীয়া পানীয়ে বিলখনৰ উদ্ভিদ আৰু প্ৰাণীকুলৰ বিস্তৰ ক্ষতিসাধন কৰিছিল বাবে স্থানীয় ৰাইজে মিলি পুঙটো বন্ধ কৰিবৰ বাবে পূজা-আৰ্চনা কৰি এটা মতা ম’হ বলি দিছিল। এই মতা ম’হৰ ‘মতা’ আৰু নিমখ পুঙৰ ‘পুং’ শব্দ দুটা লৈ মতাপুং নামটোৰ উৎপত্তি হৈছে বুলি কোৱা হয়। আন এক মত অনুসৰি এই বিলখনৰ গাত এখন বহল পথাৰ লাগি আছিল। এই পথাৰখনত আছিল অসংখ্য মাদুৰী বন আছিল। স্থানীয় ৰাইজে সেয়েহে এই পথাৰখনক বুলিছিল মাদুৰী পথাৰ। পিছে নৈপৰীয়া হোৱা বাবে প্ৰতি বছৰ বাৰিষাৰ বানে পথাৰখন বুৰাই পেলাইছিল। লাহে লাহে পথাৰখনত খেতি কৰিব নোৱাৰা হ’ল। যাৰ বাবে স্থানীয় ৰাইজে পথাৰখনক মাদুৰী পথাৰ ৰ সলনি মাদুৰী বিল হিচাপে নামকৰণ কৰিলে। কালক্ৰমত এই মাদুৰী বিলেই মাগুৰী বিল হিচাপে পৰিচিত হ’ল।[3] কিছুমানৰ মতে আকৌ মাগুৰ মাছ বেছিকৈ পোৱা বাবে বিল খনৰ নাম মাগুৰী হোৱা বুলি কব খোজে।[1]

অৱস্থান সম্পাদনা কৰক

মাগুৰী মতাপুং বিল তিনিচুকীয়া চহৰৰ পৰা প্ৰায় ৯ কিঃমিঃ দূৰত আৰু ডিব্ৰুগড় বিমানবন্দৰৰ পৰা ৫০ কিলোমিটাৰ দূৰত অৱস্থিত। এই বিলখন গুইজান ফেৰী ঘাটৰ পৰা ৩.৮ কিঃমিঃ দূৰত অৱস্থিত। বিলখন ডিব্ৰু নদীৰ দক্ষিণ পাৰত অৱস্থিত। ই ডিব্ৰু নদীক এটা সৰু খালৰ মাজেৰে সংযোগ কৰে আৰু শেষত ব্ৰহ্মপুত্ৰ নদত পৰে।[4] [5]

জৈৱ-বৈচিত্ৰ্য সম্পাদনা কৰক

 
মাগুৰী বিলত জিঞা

মাগুৰী বিলত যথেষ্ট সংখ্যক স্থানীয় আৰু পৰিভ্ৰমী পক্ষী দেখিবলৈ পোৱা যায়। ই ২৮৫ বিধৰো অধিক প্ৰজাতিৰ দেশী-বিদেশী পক্ষীৰ বিচৰণস্থলী। বছৰটোৰ অক্টোবৰৰ পৰা মাৰ্চ মাহলৈ ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীবোৰৰ ইয়ালৈ আগমণ ঘটে। ইয়াৰে আঠটা আই ইউ চি এন ৰঙা তালিকাৰ বিপদাপন্ন প্ৰজাতিৰ চৰাই যেনে: কাকলি হাঁহ আৰু দেওহাঁহ। বিলখনত বিভিন্ন প্ৰজাতিৰ আলংকৰিক মাছৰ লগতে প্ৰায় ৬টা প্ৰজাতিৰ কাছ, কেইবাপ্ৰকাৰৰ সাপ, অন্য সৰীসৃপ, শিহু, উভচৰ প্ৰাণী, কীট-পতংগ আদি দেখিবলৈ পোৱা যায়। ইয়াৰোপৰি বিলখনৰ জলভাগত পানীমেটেকা, ভেট, পদুম, সৰুপুনি, বৰপুনি, আজানা আদি আৰু দাঁতি-কাষৰীয়া অঞ্চলবোৰত বিভিন্ন ধৰণৰ ঘাঁহ-বন, নল-খাগৰি, বৰতাৰ, ইকৰা ইত্যাদি জলজ উদ্ভিদ দেখা যায়।[3]

পৰ্যটন সম্পাদনা কৰক

পৰ্যটকসকলৰ পক্ষী নিৰিক্ষণৰ সুবিধাৰ্থে বিলখনৰ ওচৰে পাজৰে কেইবাটাও পৰ্যটন কুটীৰ গঢ় লৈ উঠিছে। ইয়াৰে কেইটামান হৈছে- কঁহুৱা ইক’-কেম্প, বনজুৰী কেম্প, মাগুৰী বাৰ্ডিং কেম্প, বনশ্ৰী ইক’-কেম্প, ৱেভ ইক’-টুৰিজম, গ্ৰীণ-বাড টুৰিষ্ট ল’জ আদি। এই কুটীৰ সমূহে পৰ্যটকসকলক খাদ্য, নিৱাস, যাতায়ত পৰিবহণ আদিয়ো উপলব্ধ কৰায়।[3]

প্ৰদূষণ সম্পাদনা কৰক

অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ বাঘজান তৈলখাদৰ পৰা মধুবনলৈ যোৱা তৈল পৰিবাহী পাইপলাইনৰপৰা তেল নিৰ্গত হৈ মাগুৰী বিল প্ৰদূষিত হৈছে।[6] ২০২০ চনৰ বাঘজানৰ অগ্নিকাণ্ডতো এই বিলখনৰ বিস্তৰ ক্ষতি সাধন হয়।[7]

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "Near the Baghjan Blowout, Assam's Critical Wetland Habitat Is Burning" (en ভাষাত). The Wire (India). https://science.thewire.in/uncategorised/baghjan-oil-blowout-maguri-motapung-beel-wetlands/। আহৰণ কৰা হৈছে: 7 November 2020. 
  2. "Maguri Motapung: an asset lost to flames" (en ভাষাত). Wetlands International. https://south-asia.wetlands.org/news/maguri-motapung-an-asset-lost-to-flames/। আহৰণ কৰা হৈছে: 7 November 2020. 
  3. 3.0 3.1 3.2 "মতাপুং মাগুৰী বিল: প্ৰীতিৰেখা গোঁহাই" (as ভাষাত). monikut.com. Archived from the original on 15 January 2022. https://web.archive.org/web/20220115105146/https://monikut.com/2018/12/%e0%a6%ae%e0%a6%a4%e0%a6%be%e0%a6%aa%e0%a7%81%e0%a6%82-%e0%a6%ae%e0%a6%be%e0%a6%97%e0%a7%81%e0%a7%b0%e0%a7%80-%e0%a6%ac%e0%a6%bf%e0%a6%b2-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a7%80%e0%a6%a4%e0%a6%bf/। আহৰণ কৰা হৈছে: 18 November 2020. 
  4. "Maguri Beel" (en ভাষাত). Tezpur University website. http://www.tezu.ernet.in/dba/new/Tourism%20Resources/Destinations/Natural%20Beauty/Maguri.htm। আহৰণ কৰা হৈছে: 7 November 2020. 
  5. "Avians attract tourists to beel" (en ভাষাত). The Telegraph. https://www.telegraphindia.com/north-east/avians-attract-tourists-to-maguri-motapung-beel/cid/1736755। আহৰণ কৰা হৈছে: 7 November 2020. 
  6. "মাগুৰী-মতাপুং বিলত খাৰুৱা তেলৰ প্ৰদূষণ বন্ধৰ দাবীত জিলা উপায়ুক্তলৈ স্মাৰকপত্ৰ" (as ভাষাত). assam.nenow.in. https://assam.nenow.in/a-memorandum-is-submitted-by-weco-to-the-dc-tinsukia-against-the-spillage-of-crude-oil/। আহৰণ কৰা হৈছে: 18 November 2020. 
  7. "প্ৰদূষিত হৈয়েই আছে মাগুৰী মটাপুং বিল" (as ভাষাত). janambhumi.in. Archived from the original on 26 November 2020. https://web.archive.org/web/20201126164201/https://janambhumi.in/VGxSSk1FMVVWVDA9/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%82%E0%A6%B7%E0%A6%BF%E0%A6%A4-%E0%A6%B9%E0%A7%88%E0%A6%AF%E0%A6%BC%E0%A7%87%E0%A6%87-%E0%A6%86%E0%A6%9B%E0%A7%87-%E0%A6%AE%E0%A6%BE%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A7%80-%E0%A6%AE%E0%A6%9F%E0%A6%BE%E0%A6%AA%E0%A7%81%E0%A6%82-%E0%A6%AC%E0%A6%BF%E0%A6%B2.html। আহৰণ কৰা হৈছে: 18 November 2020.