মাণিক বন্দ্যোপাধ্যায়
মাণিক বন্দ্যোপাধ্যায় [alias Banerjee] ( Manik Bandyopadhyay (সহায়·তথ্য); ১৯ মে' ১৯০৮ – ৩ ডিচেম্বৰ ১৯৫৬)এজন ভাৰতীয় বাংলা কথাসাহিত্যিক। তেওঁৰ প্ৰকৃত নাম আছিল প্ৰবোধকুমাৰ বেনাৰ্জী। প্ৰথম বিশ্বযুদ্ধৰ পিছত সমগ্ৰ বিশ্বতে মানৱীয় মূল্যবোধৰ জটিল মুহূৰ্তত বাংলা সাহিত্য জগতত এক নতুন বৈপ্লৱিক ধাৰা আৰম্ভ কৰা লেখকসকলৰ ভিতৰত মাণিক বেনাৰ্জী অন্যতম। তেওঁৰ ৰচনাৰ মূল বিষয়বস্তু আছিল মধ্যবিত্তীয় সমাজৰ কৃত্ৰিমতা, শ্ৰমিক মানুহৰ সংগ্ৰাম, নিয়তিবাদ ইত্যাদি। ফ্ৰয়েডীয় মনোবিশ্লেষণ আৰু মাৰ্ক্সীয় শ্ৰেণী তত্ত্বৰ দ্বাৰা তেওঁ গভীৰভাৱে প্ৰভাৱিত হৈছিল যি তেওঁৰ লেখাত বহিৰ্প্ৰকাশ হৈছিল। অতি কম জীৱনতে তেওঁ চল্লিশখন উপন্যাস আৰু তিনিশ চুটিগল্প ৰচনা কৰিছিল।[1]
মাণিক বন্দ্যোপাধ্যায় | |
---|---|
জন্ম | প্ৰবোধকুমাৰ বন্দ্যোপাধ্যায় ১৯ মে', ১৯০৮ ডুমকা, বেংগল প্ৰেচিডেন্সী, ব্ৰিটিছ ভাৰত |
মৃত্যু | ০৩ ডিচেম্বৰ, ১৯৫৬ (৪৮ বছৰ) কলিকতা, পশ্চিমবংগ,ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | লেখক |
দাম্পত্যসঙ্গী | কমলা বন্দ্যোপাধ্যায় |
তেখেতৰ পুতুলনাচেৰ ইতিকথা, দিবাৰাত্ৰিৰ কাব্য,পদ্মা নদীৰ মাঝি আদি উপন্যাস আৰু অত্সী মামী, প্ৰাগঐতিহাসিক,ছোট বকুলপুৰৰ যাত্ৰী আদি গল্পসংকলন বাংলা সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ সম্পদ হিচাপে বিবেচিত হৈছে। ইংৰাজীৰ বাহিৰেও তেওঁৰ ৰচনাসমূহ বহু বিদেশী ভাষালৈ অনুবাদ কৰা হৈছে। ১৯৫৬ চনৰ ৩ ডিচেম্বৰত আঠচল্লিশ বছৰ বয়সত বিংশ শতিকাৰ অন্যতম শক্তিশালী লেখকৰ মৃত্যু হয়।[2]
প্ৰাৰম্ভিক জীৱন
সম্পাদনা কৰক১৯০৮ চনৰ ১৯ মে'ত বিহাৰৰ বৰ্তমানৰ ঝাৰখণ্ড ৰাজ্যৰ সাঁওতাল পৰগনাৰ ডুমকা চহৰত মাণিক বেনাৰ্জীয়ে জন্মগ্ৰহণ কৰিছিল। মাণিক বেনাৰ্জীৰ পূৰ্বপুৰুষৰ ঘৰ বিক্ৰমপুৰ (বৰ্তমানৰ মুনছিগঞ্জ) ঢাকাৰ লৌহজং গৌড়িয়া গাঁৱত। তেওঁৰ পিতৃ এগৰাকী চৰকাৰী বিষয়া আছিল। মাণিক বেনাৰ্জীৰ জন্মৰ সময়ত তেওঁ ঝাৰখণ্ডত নিয়োজিত হৈ আছিল। তেওঁৰ জন্মপত্ৰিকাত নাম আছিল আধাৰচন্দ্ৰ। তেওঁৰ পিতৃ প্ৰদত্ত নাম আছিল প্ৰবোধকুমাৰ আৰু তেওঁৰ উপনাম আছিল মাণিক। তেওঁৰ পিতৃৰ নাম হৰিহৰ বন্দ্যোপাধ্যায় আৰু মাতৃৰ নাম আছিল নীৰদাসুন্দৰী দেৱী। চৈধ্যটা সন্তানৰ ভিতৰত তেওঁ অষ্টমজন আছিল।[3]
শিক্ষা আৰু কৰ্মজীৱন
সম্পাদনা কৰক১৯২৬ খ্ৰীষ্টাব্দত মাণিক বন্দ্যোপাধ্যায়ে মেদিনীপুৰ জিলা স্কুলৰ পৰা আৰু ১৯২৮ খ্ৰীষ্টাব্দত বাঁকুড়া ওয়েসলিয় মিছন কলেজৰ পৰা আই.এছ.চি. পৰীক্ষাত উত্তীৰ্ণ হয়। পৰৱৰ্তী সময়ত গণিত বিষয়ত অনাৰ্ছ লৈ কলিকতা প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰে।[4] ১৯৩৯ খ্ৰীষ্টাব্দত তেওঁ এটা প্ৰেছ আৰু প্ৰকাশন প্ৰতিষ্ঠান স্থাপন কৰে যিটো কেইদিনমানৰ ভিতৰতে বন্ধ হৈ পৰে। ১৯৩৮ চনত সুৰেন্দ্ৰনাথ চেটাৰ্জীৰ কন্যা কমলা দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। মাণিক বেনাৰ্জীয়ে ১৯৪৪ চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগদান কৰে। এই সময়ৰ পৰাই তেওঁৰ লেখাত সাম্যবাদৰ প্ৰভাৱ দেখা যায়। ১৯৪৬ চনত তেওঁ প্ৰগতি লেখক সন্থাৰ যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হয়। ১৯৪৬ চনত ভাৰতৰ দাঙ্গা বিৰোধী আন্দোলনত ভূমিকা পালন কৰাৰ লগতে ১৯৫৩ চনত প্ৰগতি লেখক আৰু শিল্পী সন্মিলনৰ সভাপতিত্ব কৰে।[5]
গ্ৰন্থতালিকা
সম্পাদনা কৰকউপন্যাস
সম্পাদনা কৰক
|
|
|
|
ছোটগল্প
সম্পাদনা কৰক
|
|
|
|
নাটক
সম্পাদনা কৰক- ভিটেমাটি (১৯৪৬)
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Subodh Kapoor (2002). The Indian Encyclopaedia: Mahi-Mewat. Cosmo Publications. পৃষ্ঠা. 4605. ISBN 978-81-7755-272-0. https://books.google.com/books?id=mc6C5dVHbGAC&pg=PA4605.
- ↑ "The India-Pakistan masterpiece that fell through the cracks" (en-GB ভাষাত). BBC News. 2016-06-04. https://www.bbc.com/news/world-asia-india-36417007.
- ↑ বাংলা সাহিত্য পৰিচয় ও সাহিত্যটীকা, ড. পাৰ্থ চট্টোপাধ্যায়, তুলসী প্ৰকাশনী, কলকাতা, পৃ. ৫৭৬-৮৭
- ↑ Mortuza, Shamsad (2018-05-21). "Manik Bandopadhyay: A Hunger Artist" (en ভাষাত). The Daily Star. https://www.thedailystar.net/in-focus/hunger-artist-1579245.
- ↑ লেখক পৰিচিতি, পদ্মানদীৰ মাঝি - কলেজ সংস্কৰণ