মাতা গংগা
মাতা গংগা (মৃত্যু ১৪ মে' ১৬২১) আছিল পঞ্চম শিখ গুৰু গুৰু অৰ্জনৰ পত্নী আছিল।[1][2] গুৰু-মহল উপাধি প্ৰদান কৰা চাৰিগৰাকী পত্নীৰ ভিতৰত তেওঁ অন্যতম।[3]
প্ৰাৰম্ভিক জীৱন
সম্পাদনা কৰকগংগাৰ জন্ম হৈছিল ফিলাউৰৰ পৰা প্ৰায় দহ কিলোমিটাৰ পশ্চিমে অৱস্থিত মাউ গাঁৱৰ এগৰাকী স্থানীয় লোক পিতৃ কিষাণ চান্দৰ ঘৰত।[2]
বিবাহ
সম্পাদনা কৰক১৫৮৯ চনৰ ১৯ জুনত তেওঁৰ জন্ম গাঁৱত অৰ্জনৰ সৈতে তেওঁৰ বিয়া হৈছিল।[2] তেওঁ অৰ্জনৰ দ্বিতীয় পত্নী আছিল, কিয়নো ইয়াৰ পূৰ্বে প্ৰায় দহ বছৰ আগতে ১৫৭৯ চনত অৰ্জনে মাতা ৰাম দেইক বিয়া কৰাইছিল।[4]
শিখ জ্ঞানৰ এজন সাখীৰ মতে, মাতা গংগাই বাবা বুদ্ধৰ পৰা আশীৰ্বাদ বিচাৰি সাক্ষাৎ কৰিছিল কাৰণ দম্পতীহালে সন্তান জন্ম দিয়াৰ বাসনা থকাৰ[5][6] পিছতো বহুদিনৰ পৰা এই দম্পতিহাল সন্তানহীন হৈ আছিল।[4] পৃথিৱী চান্দৰ ঈৰ্ষাপৰায়ণ পত্নী কাৰ্মোৱে দম্পতীহালক সন্তানহীন বুলি উপহাস কৰিছিল আৰু দাবী কৰিছিল যে, অৰ্জন আৰু গংগাই নিজৰ জৈৱিক উত্তৰাধিকাৰী উৎপন্ন কৰিব নোৱাৰাৰ বাবে “গুৰু’’ৰ আসন অৱশেষত তেওঁৰ নিজ পুত্ৰ মেহৰবনৰ হাতলৈ যাব।[5] এই মন্তব্যই মাতা গংগাক আমনি কৰিছিল আৰু সেয়েহে তেওঁ স্বামীক নিজৰ পুত্ৰ সন্তান জন্ম দিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল।[5] কিন্তু অৰ্জনে নম্ৰতাৰে তেওঁৰ পত্নীক বাবা বুদ্ধৰ পৰা পুত্ৰৰ আকাংক্ষা পূৰণ কৰিবলৈ প্ৰাৰ্থনা কৰিবলৈ ক'লে।[5]
যিহেতু বাবা বুদ্ধ এজন বৃদ্ধ আৰু অকলশৰীয়া ব্যক্তি আছিল, মাতা গংগাই তেওঁৰ ওচৰলৈ খালী ভৰিৰে গৈ আশীৰ্বাদ বিচাৰিছিল।[4] বাবা বুদ্ধৰ আশীৰ্বাদ বিচাৰি গংগাই কৰা প্ৰথম প্ৰচেষ্টা বিফল হৈছিল, কাৰণ তেওঁৰ লগত কোলাহলেৰে ভৰা গাড়ী আৰু এটা ছোৱালীৰ দল আহিছিল, যি আড়ম্বৰপূৰ্ণ আছিল আৰু বাবা বুদ্ধৰ দৃষ্টিকোণৰ পৰা শিখ গুৰুৰ পৰিয়ালৰ অনুপযুক্ত প্ৰৱেশ হিচাপে দেখা দিছিল৷[5] বাবা বুদ্ধই গংগাই লগত লৈ অহা উপহাৰো গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল।[5] বাবা বুদ্ধই কৈছিল যে, শিখ গুৰুৱেহে কাৰোবাক আশীৰ্বাদ দিব পাৰে, তেওঁ নহয়; আৰু এইদৰে গংগাই বিচৰা আশীৰ্বাদ নোপোৱাকৈ বিফল মনোৰথ হৈ ঘৰলৈ উভতি আহিছিল।[5]
স্বামী অৰ্জনক এই ঘটনাৰ কথা কোৱাৰ পিছত গুৰুৱে গংগাক আশীৰ্বাদ বিচাৰি কোনো সাধু ব্যক্তিৰ ওচৰলৈ যোৱাৰ সঠিক পদ্ধতি পালনৰ নিৰ্দেশ দিলে।[5] বাবা বুদ্ধৰ পৰা আশীৰ্বাদ বিচাৰি দ্বিতীয় বাৰৰ বাবে গংগাই নিজৰ শস্য গুড়ি কৰি, খাদ্য প্ৰস্তুত কৰি সাধাৰণ ব্যঞ্জন তৈয়াৰ কৰিলে আৰু মনে মনে ঈশ্বৰৰ নাম লৈ, খাদ্যখিনি মূৰৰ ওপৰত তুলি বাবা বুদ্ধৰ ওচৰলৈ লৈ গ’ল, আৰু এই যাত্ৰাত কোনো সংগী নোহোৱাকৈ তেওঁ অকলে আছিল।[5] বাবা বুদ্ধ এইবাৰ অতিশয় সন্তুষ্ট হৈছিল আৰু গংগাই নিজে প্ৰস্তুত কৰা খাদ্যৰ পৰা পিঁয়াজৰ গুটি পৃথক কৰি থাকোঁতে বাবই তেওঁক এজন ওখ, সাহসী, সুন্দৰ আৰু শক্তিশালী পুত্ৰ সন্তান জন্ম দিবলৈ আশীৰ্বাদ দিছিল।[5] ১৫৯৫ চনৰ ১৯ জুনত এই দম্পতীয়ে ৱাদলীত (অমৃতসৰৰ ওচৰতে অৱস্থিত) হৰগোবিন্দ নামৰ এজন পুত্ৰ সন্তান জন্ম দিয়ে।[2] হৰগোবিন্দৰ জন্মৰ খবৰটো কৰ্মো আৰু পৃথ্বী চান্দৰ বাবে সহ্য কৰাটো কঠিন খবৰ আছিল, যিসকলে আশা কৰিছিল যে, এই দম্পতীহাল কোনো সন্তান নোহোৱাকৈয়ে থাকিব যাতে তেওঁলোকে নিজৰ পুত্ৰক শিখ গুৰুৰ সঠিক উত্তৰাধিকাৰী হিচাপে দাবী কৰিব পাৰে।[5]
মৃত্যু
সম্পাদনা কৰক১৬২১ চনৰ ১৪ মে'ত বকালাত (যাৰ নাম পিছলৈ 'বাবা বকালা' ৰখা হয়) তেওঁৰ মৃত্যু হয়।[2] মাতা গংগাৰ মৃতদেহ দাহ কৰাতকৈ তেওঁৰ ইচ্ছামতে বিয়াছ নদীত ৰখা হৈছিল।[2] তেওঁৰ মৃতদেহটো বৈ যোৱা পানীত ৰখাৰ কামনা কৰাৰ কাৰণ আছিল যে, তেওঁৰ স্বামী অৰ্জন মোগল সাম্ৰাজ্যৰ কাৰাগাৰত বন্দী হোৱাৰ সময়ত নদীত নিৰুদ্দেশ হৈছিল।[2] বকালাত অৱস্থিত এখন শ্মশানত তেওঁৰ এটা প্ৰতীকী দাহ কৰা হৈছিল৷[2]
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ Singh, Jaspal; Gill, M.K. (1992). "9. Mata Ganga". The Guru Consorts. Radha Publications. পৃষ্ঠা. 89–118. ISBN 9788185484112.
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 Singh, Harbans. The Encyclopedia of Sikhism. 2: E-L. Punjabi University, Patiala. পৃষ্ঠা. 50.
- ↑ Gill, Mahinder Kaur (1992). The Guru Consorts. Radha Publications. পৃষ্ঠা. 120. ISBN 9788185484112. "Mata Bhani, Mata Ganga, Mata Kishan Kaur and Mata Gujri, are the four consorts who were honoured as the Guru Mahals."
- ↑ 4.0 4.1 4.2 Jain, Harish C. (2003). The Making of Punjab. Unistar Books. পৃষ্ঠা. 275–277.
- ↑ 5.00 5.01 5.02 5.03 5.04 5.05 5.06 5.07 5.08 5.09 Singh, Prithi Pal (2006). The History of Sikh Gurus. Lotus Press. পৃষ্ঠা. 67–69. ISBN 9788183820752.
- ↑ Jain, Harish (2003). The Making of Punjab. Unistar Books. পৃষ্ঠা. 275.