মাধুৰ্য বৰা ভাৰতৰ এজন অসমীয়া ট্ৰায়েথলন খেলুৱৈ। ২০১৩ চনত তেওঁ দক্ষিণ এছীয় ট্ৰায়েথলন চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰে।[1]

মাধুৰ্য বৰা
ব্যক্তিগত তথ্যাৱলী
সম্পূৰ্ণ নাম মাধুৰ্য কুমাৰ বৰা
উচ্চতা 64 in (163 cm)
ওজন ৫৬ কেজি (সাঁচ:Convert/lbs)
ক্ৰীড়া
দেশ ভাৰত

কেৰিয়াৰ সম্পাদনা কৰক

স্কুলীয়া দিনৰেপৰা তেওঁ বিভিন্ন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ২০০০ চনত ২০ বছৰ বয়সত তেওঁ প্ৰথমবাৰ আনুষ্ঠানিক ট্ৰায়েথলন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ২০০০ চনৰপৰা তেওঁ একেৰাহে ১০ বছৰ অসমৰ ৰাজ্যিক চেম্পিয়ন হৈ ৰয়। ২০০৯ চনৰপৰা তেওঁ উন্নত প্ৰশিক্ষণৰ কাৰণে বাংগালুৰুত থাকিবলৈ লয়। ২০১২চনৰ ৰাষ্ট্ৰীয় ট্ৰায়েথলন চেম্পিয়নশ্বিপতো তেওঁ পদক অৰ্জন কৰে। ২০১৩ চনত দক্ষিণ এছীয় ট্ৰায়েথলন চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়।[1][2] তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন হ'ল ১০কে শিতানত ৩৭ আৰু হাফ মাৰাথন শিতানত ১:২৭:২৬ (কাবেৰী ট্ৰেইল মাৰাথন)[3]। তেওঁ বৰ্তমান ২০১৬ চনৰ ৰিঅ' অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই আছে।

পদক সম্পাদনা কৰক

২০১৩

  • দক্ষিণ এছীয় ট্ৰায়েথলন চেম্পিয়নশ্বিপ, পোখাৰা, নেপাল - ৰূপ[2]
  • মহীশূৰ থন্নুৰ ট্ৰায়েথলন - প্ৰথম স্থান

২০১২

  • ৰাষ্ট্ৰীয় ট্ৰায়েথলন চেম্পিয়নশ্বিপ - দ্বিতীয় স্থান (দলীয়), তৃতীয় স্থান (ব্যক্তিগত)
  • কাবেৰী ট্ৰেইল মাৰাথন - দ্বিতীয় স্থান
  • হায়দৰাবাদ অ'পেন ট্ৰায়েথলন - প্ৰথম স্থান
  • চেন্নাই অ'পেন ট্ৰায়েথলন - প্ৰথম স্থান
  • বাংগালোৰ আলট্ৰা ২৫ কি.মি. দৌৰ - প্ৰথম স্থান

২০০০-২০০৯

  • একেৰাহে ১০ বছৰ অসমৰ ৰাজ্যিক চেম্পিয়ন

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 "India win two medals at South Asian Triathlon Championship". ১ এপ্ৰিল ২০১৩. http://ibnlive.in.com/news/india-win-two-medals-at-south-asian-triathlon-championship/382503-5-138.html। আহৰণ কৰা হৈছে: ২৯ নৱেম্বৰ ২০১৪. [সংযোগবিহীন উৎস]
  2. 2.0 2.1 "Interview with Triathlon athlete Madhurjya Borah: “Sports prepare you for life”". Sports keeda. ১১ জুন ২০১৩. http://www.sportskeeda.com/triathlon/interview-with-triathlon-athlete-madhurjya-borah-sports-prepare-you-for-life। আহৰণ কৰা হৈছে: ২৯ নৱেম্বৰ ২০১৪. 
  3. "MADHURJYA BORAH". Life is Calling. Archived from the original on 2014-07-22. https://web.archive.org/web/20140722055659/http://www.lifeiscalling-sports.com/mysore-running-mascots/madhurjya-borah/। আহৰণ কৰা হৈছে: ২৯ নৱেম্বৰ ২০১৪. 

বাহ্যিক সংযোগ সম্পাদনা কৰক