হাইদৰাবাদ

ভাৰতৰ তেলঙ্গানা ৰাজ্যৰ ৰাজধানী
(হায়দৰাবাদৰ পৰা পুনঃনিৰ্দেশিত)

হাইদৰাবাদ (তেলেগু: హైదరాబాదు, উৰ্দু: حیدرآباد;[2]) ভাৰতৰ তেলঙ্গানা ৰাজ্যৰ ৰাজধানী। এই চহৰক "চিটি অব পাৰ্লছ" বুলি জনা যায়। হাইদৰাবাদৰ আয়তন ৬৫০ বৰ্গকিঃমিঃ আৰু জনসংখ্যা ৬৮ লাখ।

হাইদৰাবাদ
హైదరాబాదు
حیدرآباد
মহানগৰ
ঘড়ীৰ কাটাৰ দিশত বাওঁফালৰ পৰা: ৰমজানৰ নিশা বজাৰৰ সময়ত চাৰমিনাৰ, কুতুব শাহৰ সমাধি, বুদ্ধ মূৰ্তি হুছেইন সাগৰত, ফলকনামা পেলেচ, গাচিবৌলি আৰু বিড়লা মন্দিৰত আকাশৰ ৰেখা
উপনাম: 
চিটি অব পাৰ্লছ
ভাৰতবৰ্ষৰ তেলঙ্গানা ৰাজ্যত হাইদৰাবাদ চহৰৰ অৱস্থান
ভাৰতবৰ্ষৰ তেলঙ্গানা ৰাজ্যত হাইদৰাবাদ চহৰৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য তেলঙ্গানা
অঞ্চল দক্ষিণ ভাৰত, ডেক্কান
জিলা হাইদৰাবাদ, ৰাংগা ৰেড্ডী আৰু মেদক
স্থাপিত ১৫৯১
প্ৰতিস্থাপক মহম্মদ কুলি কুতুব শ্বাহ
চৰকাৰ
 • ধৰণ Mayor–Council
 • পৰিচালনা Greater Hyderabad Municipal Corporation
Hyderabad Metropolitan Development Authority
 • সাংসদ Bandaru Dattatreya, Asaduddin Owaisi, Malla Reddy, and Konda Vishweshwar Reddy
কালি
 • মহানগৰ
৬৫০ বৰ্গকিমি (২৫০ বৰ্গমাইল)
 • মেট্ৰ’
৭,১০০ বৰ্গকিমি (২,৭০০ বৰ্গমাইল)
উচ্চতা
৫০৫ মিটাৰ (১,৬৫৭ ফুট)
জনসংখ্যা
 (2011)
 • মহানগৰ
৬৮,০৯,৯৭০
 • স্থান ৬ষ্ঠ
 • ঘনত্ব ১০,৪৭৭/km (২৭,১৪০/sq mi)
 • মেট্ৰ’ 77,49,334
 • মেট্ৰ' ৰেংক
৬ষ্ঠ

অৰ্থনীতি

সম্পাদনা কৰক

হাইদৰাবাদ ভাৰতৰ অন্যতম তথ্য প্ৰযুক্তিৰ কেন্দ্ৰ। ইয়াত বহুতো বহুজাতিক কোম্পানীৰ কাৰ্য্যালয় অৱস্থিত।

হাইদৰাবাদ ভাৰতৰ বাকী চহৰসমূহৰ লগত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযুক্ত। প্ৰধান ঘাইপথ সমূহ হৈছে ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, ৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ২০২ নং ৰাষ্ট্ৰীয় ঘাইপথ। হাইদৰাবাদৰ প্ৰধান বাছ আস্থান হৈছে মহাত্মা গান্ধী বাছ আস্থান। চহৰখনত ৰাজ্যিক পৰিবহণ নিগমৰ ৪০০০ খনতকৈও অধিক বাছ চলাচল কৰে।

চহৰখনৰ প্ৰধান ৰেল যাতায়ত ব্যৱস্থাৰ ভিতৰত মাল্টিমডেল ট্ৰান্সপ'ৰ্ট চিষ্টেম (এম এম টি এছ) উল্লেখযোগ্য। ভাৰতীয় ৰেলদক্ষিণ মধ্য ৰে'লৱে মণ্ডলৰ মুখ্য কাৰ্যালয় হাইদৰাবাদৰ নিকটৱৰ্ত্তী চেকেন্দ্ৰাবাদত অৱস্থিত। চেকেন্দ্ৰাবাদ ৰে'লৱে ষ্টেচন হাইদৰাবাদৰ প্ৰধান ব্যস্ততম আৰু বৃহত্তম ৰে'লৱে ষ্টেচন। ইয়াৰোপৰি আন দুটা প্ৰধান ৰেল ষ্টেচন হৈছে - হাইদৰাবাদ ডেক্কান ৰে'লৱে ষ্টেচন (নামপল্লী) আৰু কাচিগুড়া ৰে'লৱে ষ্টেচন। ২০১৭ চনৰ নৱেম্বৰত হাইদৰাবাদ মেট্ৰ' ৰে'ল সেৱাৰ শুভাৰম্ভ ঘটে। এই ক্ষিপ্ৰ ৰে'লসেৱাই চহৰ খনৰ যাতায়ত ব্যৱস্থাত এক নতুন মাত্ৰা প্ৰদান কৰে।

হাইদৰাবাদ চহৰৰ পৰা প্ৰায় ২৪ কিঃমিঃ দক্ষিণে অৱস্থিত ছামছাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে চহৰখনৰ প্ৰধান বিমানবন্দৰ। এই বিমানবন্দৰৰ পৰা দেশ তথা বিদেশৰ বিভিন্ন স্থানলৈ দৈনিক যথেষ্ট সংখ্যক বিমান চলাচল কৰে। ই দেশৰ অন্যতম ব্যস্ত বিমানবন্দৰ। পূৰ্বতে বেগমপেট বিমানবন্দৰৰ জৰিয়তে হাইদৰাবাদৰ বিমান সেৱা চলিছিল।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "INDIA STATS : Million plus cities in India as per Census 2011". National Informatics CentrePress Information Bureau, Mumbai. http://pibmumbai.gov.in/scripts/detail.asp?releaseId=E2011IS3। আহৰণ কৰা হৈছে: 20 August 2015. 
  2. সাঁচ:Lexico

বাহ্যিক সংযোগ

সম্পাদনা কৰক