মামৰে ধৰা তৰোৱাল
অসমীয়া উপন্যাস
মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত এখন অসমীয়া উপন্যাস। পটভূমি উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাৰ সাই একুৱাডাক্টত কাম কৰা শ্ৰমিকসকলৈ ৰচনা কৰা হৈছিল উপন্যাসখনৰ বিষয়বস্তুৰ মূল উৎস। বান্ধ নিৰ্মাণস্থলীত লাভ কৰা চাক্ষুষ অভিজ্ঞতাৰ আধাৰত উপন্যাসখন তেওঁ ৰচনা কৰিছে। প্ৰথম সংস্কৰণ ১৯৮০ চন
মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস | |
---|---|
লেখক | মামণি ৰয়ছম গোস্বামী |
দেশ | ![]() |
ভাষা | অসমীয়া ভাষা |
প্ৰকাশক | শ্ৰীৰাজেন্দ্ৰ মোহন শৰ্মা |
প্ৰকাশ | ১৯৮০ চন |
পৃষ্ঠা সংখ্যা | ২৩২ |

চৰিত্ৰসমূহ
সম্পাদনা কৰকউপন্যাসখনৰ প্ৰধান চৰিত্ৰসমূহ:
|
- বামু-ৰামু
- ঠাকুৰ চাহাব
- শাস্ত্ৰী
- বলবীৰ স্বামী
পটভূমি
সম্পাদনা কৰকশ্ৰমিকসকলক ‘চাটাই’ কৰা কাম আৰম্ভ কৰাত তাৰেই প্ৰতিবাদত শ্ৰমিক লীডাৰ সকলে শ্ৰমিক আন্দোলন গঢ়ি তুলিছে। দীৰ্ঘদিনীয়া ধৰ্মঘটৰ ফলত শ্ৰমিকসকলৰ নাজল-নাথল অৱস্থা হোৱা আৰু অৱশেষত সুযোগ সন্ধানী ধুৰন্ধৰ লীডাৰসকলে শ্ৰমিকসকলক প্ৰতাৰণা কৰি মূৰ পোলোকা মৰা কাহিনীৰে উপন্যাসখন গঢ়ি তুলিছে।
বঁটা আৰু সন্মান
সম্পাদনা কৰকউপন্যাসখনৰ বাবে গোস্বামীয়ে ১৯৮২ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে। ২০০০ চনত জ্ঞানপীঠ বঁটা বিজয়ী।
লগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.