মায়াৱতী
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
মায়াৱতী হ'ল ভাৰতৰ এগৰাকী ৰাজনৈতিক মহিলা। তেঁও আগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীও আছিল। তেঁও বহুজন সমাজ পাৰ্টি (BSP)ৰ নেত্ৰীও আছিল। ২০০৭ চনৰ বিধানসভা নিৰ্বাচনত তেঁওৰ দলে ৰাজ্যত সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু তেঁও মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়। ইয়াৰ আগতেও মায়াৱতীয়ে তিনিবাৰকৈ সৰু-সৰু কাৰ্যকালৰ বাবে ১৯৯৫ চন, ১৯৯৭ চন আৰু ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থনৰ লগতে ২০০২ চনৰ পৰা ২০০৩ চনলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয়। তেঁও প্ৰথমগৰাকী দলিত মহিলা যিয়ে ভাৰতৰ কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰী হয়।
মায়াৱতী | |
---|---|
मायावती | |
এখন সংবাদমেলত অংশগ্ৰহণ কৰা মূহুৰ্তত মায়াৱতী | |
National president of the বহুজন সমাজ পাৰ্টি | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৮ চেপ্তেম্বৰ ২০০৩ | |
পূৰ্বসূৰী | কাঞ্চীৰাম |
উত্তৰ প্ৰদেশত ৰাজ্যসভাৰ সাংসদ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ৩ এপ্ৰিল ২০১২ | |
সমষ্টি | উত্তৰ প্ৰদেশ |
উত্তৰ প্ৰদেশৰ ১৭ম মুখ্যমন্ত্ৰী | |
কাৰ্যকাল ৩ জুন ১৯৯৫ – ১৮ অক্টোবৰ ১৯৯৫ | |
পূৰ্বসূৰী | মুলায়ম সিং যাদৱ |
উত্তৰসূৰী | ৰাষ্ট্ৰপতিৰ শাসন |
সমষ্টি | হাৰোৰা |
কাৰ্যকাল ২১ মাৰ্চ ১৯৯৭ – ২১ চেপ্তেম্বৰ ১৯৯৭ | |
পূৰ্বসূৰী | ৰাষ্ট্ৰপতিৰ শাসন |
উত্তৰসূৰী | কল্যাণ সিং |
সমষ্টি | হাৰোৰা |
কাৰ্যকাল ৩ মে ২০০২ – ২৯ আগষ্ট ২০০৩ | |
পূৰ্বসূৰী | ৰাষ্ট্ৰপতিৰ শাসন |
উত্তৰসূৰী | মুলায়ম সিং যাদৱ |
কাৰ্যকাল ১৩ মে ২০০৭ – ৭ মে ২০১২ | |
পূৰ্বসূৰী | মুলায়ম সিং যাদৱ |
উত্তৰসূৰী | অখিলেশ যাদৱ |
ব্যক্তিগত তথ্য | |
জন্ম | মায়াৱতী প্ৰভু দাস ১৫ জানুৱাৰী, ১৯৫৬ (৬৮ বছৰ) নতুন দিল্লী |
ৰাজনৈতিক দল | বহুজন সমাজ পাৰ্টি |
বাসস্থান | লক্ষ্ণৌ |
শিক্ষানুষ্ঠান | |
পেচা | ৰাজনীতিবিদ |
ব্যক্তিগত জীৱন
সম্পাদনা কৰক১৯৫৬ চনৰ ১৫ জানুৱাৰীত নতুন দিল্লীৰ এটা দলিত পৰিয়ালত মায়াৱতীৰ জন্ম হৈছিল। মায়াৱতীৰ সম্পূৰ্ণ নাম হ'ল মায়াৱতী প্ৰভু দাস। তেঁওৰ পিতৃৰ নাম প্ৰভু দয়াল আৰু মাতৃৰ নাম ৰামৰতী। তেঁওৰ পিতৃ আছিল এজন ভাৰতীয় ডাক বিভাগৰ এজন কৰ্মচাৰী। মায়াৱতীৰ ছজন ভাতৃ আৰু দুজনী ভনীয়েক আছিল। তেঁওৰ পৈতৃক গাঁও হ'ল বাদলপুৰ যি উত্তৰ প্ৰদেশৰ গৌতমবুদ্ধ নগৰ জিলাত অৱস্থিত। বি.এ. পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে দিল্লীৰ কালিন্দী কলেজৰ পৰা এল.এল.বি. উপাধি গ্ৰহণ কৰে। ইয়াৰ উপৰিও তেখেতে বি.এড. ডিগ্ৰী গ্ৰহণ কৰে। ৰাজনীতিলৈ অহাৰ আগতে তেঁও দিল্লীৰ এখন বিদ্যালয়ত শিক্ষিকা হিচাপে কাম কৰিছিল। মায়াৱতীয়ে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবেও অধ্যয়ন কৰিছিল, কিন্তু ১৯৭৭ চনত দলিত ৰাজনৈতিক নেতা কাঞ্চীৰামক লগ পোৱাৰ পাছত তেখেতে সম্পূৰ্ণ ৰাজনীতিজ্ঞ হোৱাৰ নিৰ্ণয় লয়।
ৰাজনৈতিক জীৱন
সম্পাদনা কৰকমায়াৱতীয়ে নিজৰ প্ৰথম নিৰ্বাচনৰ পাতনি মেলিছিল উত্তৰ প্ৰদেশৰ মুজফ্ফৰনগৰৰ কৈৰানা লোকসভাত। তেঁও অবিবাহিত আৰু নিজৰ সমৰ্থকবোৰৰ মাজত তেঁও 'বহনজী' নামেৰে পৰিচিত। ২০০৭ চনৰ ১৩ মে'ত তেঁও উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ ৰূপত চতুৰ্থবাৰৰ বাবে শপত গ্ৰহণ কৰে।
তথ্যসূত্ৰ
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰক- আনুষ্ঠানিক বায়'ডাটা
- মায়াৱতীৰ ফেচবুক পৃষ্ঠা
- বহুজন সমাজ পাৰ্টী Archived 2019-09-28 at the Wayback Machine