মায়া হৈছে ১৯৯৪ চনত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম।[1] এন কে প্ৰডাক্‌চনৰ বেনাৰত এলবামটি প্ৰযোজনা কৰে দেব কুমাৰে।[2] জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা এলবামটিৰ গীতৰ কথা জুবিন গাৰ্গ, কপিল ঠাকুৰ আৰু হীৰেন ভট্টাচাৰ্যৰ। গীতকেইটিত কণ্ঠদান কৰে জুবিন গাৰ্গ আৰু কবিতা কৃষ্ণমূৰ্তিয়ে।[3] জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা এইটো দ্বিতীয় শ্ৰব্য এলবাম।[4]

মায়া
Untitled
জুবিন গাৰ্গ কালক্ৰম
অনামিকা মায়া আশা


গীতৰ তালিকা সম্পাদনা কৰক

এলবামটিত মুঠ ৮ টা গীত আছে। গীতসমূহ হ'ল[3]-

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "মায়া"  জুবিন গাৰ্গজুবিন গাৰ্গ ৫.০৮
2. "নিৰিবিলি গধুলি"  জুবিন গাৰ্গজুবিন গাৰ্গ, কবিতা কৃষ্ণমূৰ্তি ৪.৩৮
3. "জোনাকে"  কপিল ঠাকুৰজুবিন গাৰ্গ ৫.৫০
4. "ফুলেৰে সজালোঁ"  হীৰেন ভট্টকবিতা কৃষ্ণমূৰ্তি ৪.৫৫
5. "দূৰে দূৰে"  জুবিন গাৰ্গজুবিন গাৰ্গ ৫.৩০
6. "উজাগৰী"  জুবিন গাৰ্গজুবিন গাৰ্গ, কবিতা কৃষ্ণমূৰ্তি ৪.৫১
7. "জোনাক গলা"  জুবিন গাৰ্গজুবিন গাৰ্গ ৫.৩৯
8. "উন্মনা"  জুবিন গাৰ্গজুবিন গাৰ্গ ৪.৩২
মুঠ দৈৰ্ঘ্য:
৪১.০৩

শ্ৰোতাৰ সঁহাৰি সম্পাদনা কৰক

১৯৯২ চনত অনামিকাৰে আত্মপ্ৰকাশ কৰা জুবিনৰ মায়া দ্বিতীয় এলবাম। অনামিকাৰ দৰে মায়ায়ো শ্ৰোতাৰ ভাল সঁহাৰি লাভ কৰে আৰু ই জুবিন গাৰ্গক জনপ্ৰিয়তাৰ শিখৰলৈ আৰু এখোজ লৈ যায়। মায়াৰ আকৰ্ষণীয় সংগীত আৰু নতুন ধৰণৰ সুৰে সৰ্বসাধাৰণ শ্ৰোতাৰ মাজত সমাদৰ লাভ কৰে।[1]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "Maya". Future Sounds. http://www.futuresounds.in/store/maya/। আহৰণ কৰা হৈছে: 5 মাৰ্চ 2015. 
  2. "Zubeen Garg". Net Library. http://netlibrary.net/articles/zubeen_garg। আহৰণ কৰা হৈছে: 5 মাৰ্চ 2015. 
  3. 3.0 3.1 "Maya". Music India Online. Archived from the original on 2017-05-25. https://web.archive.org/web/20170525132758/http://mio.to/album/Maya। আহৰণ কৰা হৈছে: 5 মাৰ্চ 2015. 
  4. "Zubeen Garg". Online Sivasagar. http://onlinesivasagar.com/music/zubeen-garg.html। আহৰণ কৰা হৈছে: 5 মাৰ্চ 2015. 

বাহ্যিক সংযোগ সম্পাদনা কৰক