মাল্যবান

ৰামায়ণৰ চৰিত্ৰ

মাল্যবান (ইংৰাজী: Malyavan) লংকাৰ সম্ৰাট ৰাৱণৰ মুখ্য ৰাজকীয় উপদেষ্টা আছিল। মাল্যবান লংকাৰ বৌদ্ধিক আৰু ৰাজকীয় বৃত্তৰ ভিতৰত এক সন্মানীয় ব্যক্তি আছিল। তেওঁ আছিল সুকেশৰ পুত্ৰ আৰু সুমালী আৰু মালীৰ ভাই তথা ৰাৱণৰ ককা৷

মাল্যবান
ৰামায়ণৰ চৰিত্ৰ
দাম্পত্য সঙ্গী সুন্দৰী[1]
মাতৃ দেৱৱতী[2]
পিতৃ সুকেশ

শিৱৰ পৰা বৰ প্ৰাপ্ত কৰি সুকেশৰ তিনি পুত্ৰ সুমালী, মাল্যবান আৰু মালী অহংকাৰী হৈ পৰিছিল আৰু দেৱতা, ঋষি-মুনিসকলক অত্যাচাৰ কৰিবলৈ লৈছিল৷ অত্যাচাৰ সহিব নোৱাৰি গন্ধৰ্ব, দেৱতাসকলে শিৱৰ ওচৰত গৈ সুকেশৰ তিনি পুত্ৰক বধ কৰিবলৈ কয় যদিও শিৱই সুকেশক লালনপালন কৰা হেতু সিহঁতক বধ কৰিবলৈ অস্বীকাৰ কৰে আৰু ভগৱান বিষ্ণুৰ ওচৰলৈহে যাবলৈ কয়৷

দেৱতাসকলে মালীৰ ৰাজ্য আক্ৰমণ কৰাৰ আগতে গোপন সূত্ৰে মালীয়ে এই খবৰ পায় আৰু সিঁহতেও দেৱতাসকল আক্ৰমণ কৰিবলৈ সাজু হৈ যায়৷ পিছত ভগৱান বিষ্ণু আৰু ৰাক্ষসসকলৰ মাজত এক ভয়ানক যুদ্ধ আৰম্ভ হয়৷ অৱশেষত বিষ্ণুৱে সুদৰ্শন চক্ৰৰে মালীক বধ কৰে৷ মালীৰ মৃত্যু হোৱা দেখি মাল্যবান আৰু সুমালী যুদ্ধ ক্ষেত্ৰৰ পৰা পলাই যায়৷

ইয়াৰ পিছত ভগৱান বিষ্ণুৰ আদেশ মতে লংকাত কুবেৰে শাসন কৰিছিল। প্ৰকৃততে মাল্যবান ৰাৱণৰ প্ৰকৃত ককাক সুমালীৰ ডাঙৰ ভায়েক আছিল; যি এসময়ত লংকাৰ ৰজা আছিল, যাক ৰাৱণে পিছত কুবেৰৰ পৰা পুনৰ জয় কৰিছিল।

ৰাৱণৰ সৈতে তেওঁৰ ৰাজকীয় সম্পৰ্কৰ উপৰিও তেওঁ ৰাৱণৰ ককাদেউতা আছিল৷ সেয়েহে ৰাৱণৰ সৈতে তেওঁৰ দ্বৈত সম্পৰ্ক আছিল।[1] দ্বিতীয় সম্পৰ্কত তেওঁ ৰাৱণক প্ৰটোকলৰ কক্ষৰ বাহিৰত ৰাজী কৰিবলৈ চেষ্টা কৰা আৰু ককাক হিচাপে পৰামৰ্শ দিয়াৰ বাবে জনাজাত আছিল। ৰাৱণে তেওঁৰ সম্পৰ্ক আৰু বুদ্ধিমত্তাৰ বাবে তেওঁক যথেষ্ট সন্মান কৰিছিল।

মাল্যবান ভগৱান ৰামৰ সৈতে যুদ্ধৰ বিৰুদ্ধ আছিল আৰু তেওঁ সীতাক পঠিয়াই দিবলৈ ৰাৱণক ৰাজী কৰিবলৈ চেষ্টা কৰিছিল৷ অৱশ্যে তেওঁৰ সকলো পৰামৰ্শ ৰাৱণে নাকচ কৰিছিল। ৰাৱণৰ মৃত্যুৰ পিছত, মাল্যবানে তেওঁৰ পদ বিৰাজ কৰে আৰু ৰাৱণৰ সৰু ভায়েক আৰু মাল্যবানৰ তৃতীয় নাতি বিভীষণে লংকাৰ মুখ্য উপদেষ্টা হয়।

তথ্যসূত্ৰ

সম্পাদনা কৰক