সুকেশ (ইংৰাজী: Sukesa) লংকাৰ এগৰাকী ৰাক্ষস ৰজা আছিল৷ তেওঁ গন্ধৰ্ব ৰাজকুমাৰী দেৱৱতীক বিবাহ কৰাইছিল৷[1] তেওঁৰ তিনিটা সন্তান আছিল ক্ৰমে- সুমালী, মাল্যবান আৰু মালী

সুকেশ
লংকাৰ ৰজা
উত্তৰসূৰী মালী
দাম্পত্য সঙ্গী
  • দেৱৱতী
সন্তান
মাতৃ সালকণ্টকটা (মাতৃ); পাৰ্বতী (পালিত মাতৃ)
পিতৃ বিধুৎকেশ (পিতৃ); শিৱ (পালিত পিতৃ)

সুকেশ আছিল বিধুৎকেশ আৰু সালকণ্টকটাৰ সন্তান৷ সুকেশৰ জন্ম হোৱাৰ পিছত বিধুৎকেশ আৰু সালকণ্টকটায়ে ৰতিক্ৰিয়া কৰিবলৈ নিজ সন্তান সুকেশক এৰি থৈ যায়৷ শিৱ আৰু পাৰ্বতী আকাশমাৰ্গৰে গৈ থাকোঁতে সুকেশক দেখে আৰু সিহঁতে তাক লালন-পালন কৰে৷ সুকেশৰ প্ৰকৃত পিতৃ বিধুৎকেশ আছিল হেতি আৰু কালৰ ভনিয়েক ভয়াৰ সন্তান, যি সন্ধ্যাৰ জীয়ৰী সালকণ্টকটাক বিবাহ কৰাইছিল৷

সুকেশৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ মালীয়ে লংকাৰ সিংহাসনত আৰোহণ কৰে৷[2]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. http://ancientvoice.wikidot.com/src-vrm:ram7-5.
  2. চন্দ্ৰ, ড° দীপক শৰ্মা (২০১৩). দশানন ৰাৱণ. অসম পাবলিচিং কোম্পানী. পৃষ্ঠা. ১২. ISBN 978-81-86384-43-5.