মাহ-প্ৰসাদ অসমৰ মহাপুৰুষীয়া নামধৰ্মৰ নামঘৰ আৰু আৰু আন কীৰ্তন-প্ৰসংগসমূহত ভগৱানক উদ্দেশ্যি নিবেদন কৰা নৈবেদ্য৷ প্ৰসাদ মানে অনুগ্ৰহ, কৃপা, প্ৰসন্নতা আদি৷ বিষ্ণু নিৱেদিত দ্ৰব্য বা গুৰুজনাৰ ভুক্তাৱশিষ্টকে প্ৰসাদ বোলে৷ ভগৱন্তৰ প্ৰীতিৰ উদ্দেশ্যে তেওঁৰ গ্ৰহণযোগ্য ফল-মূলাদি বা আঞ্চলিকভাৱে উৎপন্ন নিবেদনযোগ্য দ্ৰব্য নিবেদন কৰিলে সিয়েই প্ৰসাদত পৰিণত হয়৷ অসমৰ সত্ৰসমূহত স্থানীয়ভাৱে উৎপন্ন মগুমাহ, চাউল, বুটমাহ, নাৰিকল, আদা, কল আদি একত্ৰিকৰণ কৰি নিবেদন কৰিলে সিয়েই নৈবেদ্য বা প্ৰসাদ হয়৷ ভাৰতৰ আন ঠাইত নৈবেদ্যৰ সামগ্ৰী বেলেগ বেলেগ৷[1] অসমত স্থানীয়ভাৱে মগুমাহ উৎপন্ন হয়৷ সেয়ে, প্ৰসাদত মগুমাহক মুখ্য উপকৰণ হিচাপে লোৱা হয় আৰু সেয়ে ইয়াৰ নাম মাহ-প্ৰসাদ বা ঠাইভেদে মাহ-চাউল৷ শংকৰদেৱে স্থাপন কৰা সত্ৰত স্থানীয়ভাৱে উৎপন্ন হোৱা মাহ-কল আদি প্ৰসাদৰূপে শিষ্যক যোগান ধৰি ইয়াক পুষ্টিকাৰক দ্ৰব্যলৈ ৰূপান্তৰিত কৰিছিল৷[2] ফলা বা গোটা মগুমাহ পানীত তিয়াই কোমল কৰি, ভালদৰে ধুই, প্ৰায়ে সেইধৰণে কোমল কৰা কেঁচা বুটৰ লগত মিহলাই মাহ-প্ৰসাদ তৈয়াৰ কৰা হয়। নৈবেদ্য হিচাপে উৎসৰ্গা কৰাৰ সময়ত অলপ ভিজোৱা চাউলো কাষত দিয়াৰ নিয়ম আছে যদিও নিমখ মিহলোৱা নহয়। পাচত প্ৰসাদ হিচাপে ভকতৰ মাজত বিতৰণ কৰাৰ সময়ত জুঁতিৰ বাবে প্ৰয়োজনীয় নিমখ, সৰু সৰু টুকুৰা কৰা আদা আৰু নাৰিকল মিহলাই দিয়া হয়। সাধাৰণতে কলপাতত এই মাহ প্ৰসাদৰ লগত কল, কুঁহিয়াৰ,কমলা, আপেল, ৰবাব টেঙা আদি বিভিন্ন ঋতুফলো দিয়া দেখা যায়।

নামঘৰত ভকতসকলক দিয়া এবিধ মাহ-প্ৰসাদ। পৰম্পৰাগতভাৱে কলপাত নাইবা কলৰ দোন প্ৰভৃতি বস্তু মাহ প্ৰসাদ দিয়া পাত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। এই চিত্ৰত এনে এখন কলপাত পাত্ৰ হিছাপে দিয়া দেখা গৈছে।

পুষ্টিগুণ সম্পাদনা কৰক

মাহ-প্ৰসাদত যথেষ্ট পুষ্টিগুণ আছে৷ মাহপ্ৰসাদৰ প্ৰধান উপকৰণ বুট, মগু আৰু নাৰিকলত প্ৰোটিন, কেলচিয়াম, আইৰণ, ফচফৰাচ আৰু ভিটামিন ’এ’ থাকে৷ এই আটাইকেইবিধ উপকৰণৰ পৰা পোৱা এইবোৰ পুষ্টি দ্ৰব্যই শৰীৰ সুস্থ কৰি ৰাখে৷ আন আন উপকৰণ, যেনে, কল, আপেল, টিঁয়হ, মধুৰীআম, কুঁহিয়াৰ আদিত থকা পানী আৰু ভিটামিন ’চি’য়ে শৰীৰৰ আইৰণ আহৰণত সহায় কৰাৰ উপৰি শৰীৰৰ ’কলাজেন’ কোষৰ বাবেও ই উপকাৰী৷ প্ৰসাদৰ সকলো উপাদানত বিভিন্ন মাত্ৰাত ভিটামিন ’বি’ পোৱা যায়; যাক শৰীৰে খাদ্যৰ জৰিয়তে সংগ্ৰহ কৰি লয়৷ অন্যান্য ফল-মূলবোৰতো বিভিন্ন খাদ্যপ্ৰাণ মজুত থকাত ই উপভোক্তাৰ বাবে যথেষ্ট উপকাৰী হিচাপে পৰিগণিত হৈছে৷ আনকি, প্ৰসাদত ব্যৱহৃত নিমখো মানৱ শৰীৰৰ বাবে অতি আৱশ্যকীয় উপাদান৷[3]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. দেৱগোস্বামী, নাৰায়ণ চন্দ্ৰ (২০০৫). সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৫৫২. 
  2. পাটবাউসী, শ্ৰীশ্ৰীশঙ্কৰদেৱ থান, (১৯৯৯). বাউসী বিলায়েত. অসম সাহিত্য সভা. পৃষ্ঠা. গ-২১. 
  3. শইকীয়া, ডা° শিল্পী (২০১৬). "মাহ-প্ৰসাদ আৰু আমাৰ স্বাস্থ্য". শিলালিপি.