মিজো ভাষা

ভাৰতৰ মিজোৰাম ৰাজ্যত প্ৰচলিত এটি ভাষা


মিজো ভাষা ভাৰতৰ মিজোৰাম ৰাজ্যত প্ৰচলিত এটি ভাষা। ই চীনা-তিব্বত ভাষাপৰিবাৰৰ তিব্বত-বৰ্মী উপপৰিবাৰৰ কুকি-চীন দলৰ এটা ভাষা। মিজোভাষীসকল মূলত মিজোৰামত বাস কৰিলেও তাৰ বাহিৰেও ভাৰতৰ মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্যত, বাংলাদেশৰ পাৰ্বত্য চট্টগ্ৰামত আৰু উত্তৰ-পশ্চিম ম্যানমাৰৰ চীন পৰ্বত অঞ্চলত মিজো ভাষাভাষীসকল বাস কৰে। ই মূলতঃ লুচেই উপভাষাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে যদিও ইয়াৰ আশে-পাশে থকা মিজো বংশৰ পৰাও বহু শব্দৰ উৎপত্তি হৈছে। [1] মিজো ভাষাৰ বিভিন্ন উপভাষাত ৭ লাখতকৈও বেছি মানুহে কথা পাতে। ভাষাটো লুচাই ভাষা নামেৰেও পৰিচিত।

মিজো
থলুৱা অঞ্চল ভাৰত, বাংলাদেশ, ম্যানমাৰ
অঞ্চল মিজোৰাম, ত্ৰিপুৰা, অসম, মণিপুৰ
স্থানীয় ভাষিক
৭ লাখৰ বেছি
ভাষা পৰিয়াল
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
মিজোৰাম (ভাৰত)
ভাষা সংকেত
ISO 639-2 lus
ISO 639-3 lus

লিখন পদ্ধতি

সম্পাদনা কৰক

এই ভাষাৰ বৰ্ণবিলাক হ'ল: a, â, á, à, aw, b, ch, d, e, ê, é, è, f, g, ng, h, i, ì, í, j, k, l, m, n, o, p, r, s, t, u, û, v, আৰু z। মিজো এটা সুৰপ্ৰধান ভাষা; অৰ্থাৎ একেই শব্দ কোৱাৰ সুৰৰ ওপৰত ভিত্তি কৰি অৰ্থ পৰিৱৰ্তন হ'ব পাৰে।

অধিক জানিবলৈ চাওক

সম্পাদনা কৰক

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. mzuir.inflibnet.ac.in (PDF)