মিনতি হাজৰিকা (ইংৰাজী: Minati Hazarika) হৈছে এগৰাকী অসমীয়া কবি, ঔপন্যাসিক, প্ৰবন্ধকাৰ।

মিনতি হাজৰিকা
জন্ম ১৯৩৯
অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

জন্ম আৰু বংশৰ পৰিচয়

সম্পাদনা কৰক

১৯৩৯চনৰ ৩১ জুলাইত যোৰহাট নগৰত মিনতি হাজৰিকাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম ৰাধানাথ হাজৰিকা।[1]

যোৰহাট দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ প্ৰথম দলৰ ছাত্ৰী। তেওঁ ১৯৬১ চনত অসমীয়া বিষয়ত এম-এ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু পৰৱৰ্তী স্ময়ত বি-টি পৰীক্ষাতো উত্তীৰ্ণ হয়শাজৰিকাই ১৯৯০ চনত "অসম মধ্যযুগৰ চৰিত পুথিৰ এটি অধ্যয়ন" শিতানত গৱেষণা কৰি পি-এইচ-ডি ডিগ্ৰি লাভ কৰে।[2]

চাকৰি জীৱন

সম্পাদনা কৰক

যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ত তেওঁ ১৯৬২ চনত প্ৰৱক্তা ৰূপে চাকৰি জীৱন আৰম্ভ কৰে আৰু ১৯৯৯ চনত অৱসৰ গ্ৰহণ কৰে।[3]

সাহিত্যৰাজি

সম্পাদনা কৰক
  • মমতাৰ বাতৰি (১৯৬৭)
  • নেপাল দেশৰ সাধু ( ১৯৭০)
  • ভীম চৰিত (১৯৭৮)
  • দূৰ-দূৰণিৰ সাধু (১৯৮৬)
  • মহৎ লোকৰ লৰালি কাল (১৯৮৯)
  • নাৰী ৰত্ন (১৯৯৩)
  • আকবৰ বিৰবল ৰ কাহিনী (১৯৯৪)
  • টুন টুনিৰ সাধু
  • ৰামাই পণ্ডিতৰ শূন্য পুৰাণৰ লেখিকা।[4]

সম্পাদিত গ্ৰন্থ

সম্পাদনা কৰক
  • মহাপুৰুষ মাধৱদেৱ বিৰচিত চোৰধৰা আৰু পিম্পৰা গুচোৱা আৰু মাধৱ কন্দলীৰ অযোধ্যা কাণ্ড ৰামায়ণ(১৯৯৪)
  • মহাপুৰুষ শংকৰদেৱে বিৰচিত কীৰ্তনৰ অন্তৰ্গত গজেন্দ্ৰোপাখ‍্যান, বলিছলন আৰু দামোদৰ বিপ্ৰাখ‍্যান।[5]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড),সম্পা: বিশ্বেশ্বৰ হাজৰিকা,দ্বিতীয় প্ৰকাশ:২০১৬,পৃষ্ঠা নং:৪৬১
  2. অসমীয়া সাহিত্যৰ বুৰঞ্জী(প্ৰথম খণ্ড),সম্পা: বিশ্বেশ্বৰ হাজৰিকা,দ্বিতীয় প্ৰকাশ:২০১৬,পৃষ্ঠা নং:৪৬১
  3. অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড),সম্পা: বিশ্বেশ্বৰ হাজৰিকা,দ্বিতীয় প্ৰকাশ:২০১৬, পৃষ্ঠা নং:৪৬১
  4. অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড),সম্পা: বিশ্বেশ্বৰ হাজৰিকা,দ্বিতীয় প্ৰকাশ:২০১৬,পৃষ্ঠা নং:৪৬১
  5. অসমীয়া সাহিত্যৰ বুৰঞ্জী(প্ৰথম খণ্ড),সম্পা: বিশ্বেশ্বৰ হাজৰিকা,দ্বিতীয় প্ৰকাশ:২০১৬,পৃষ্ঠা নং:৪৬১