মু'ঙ মাও (ইংৰাজী: Möng Mao; টাই-নোৱা: ᥛᥫᥒᥰ ᥛᥣᥝᥰ; চীনা: 勐卯;ছান: မိူင်းမၢဝ်း;মান ভাষা: မိုင်းမော; ) এখন জনগোষ্ঠীয় টাই ৰাষ্ট্ৰ আছিল যিয়ে কেইবাখনো সৰু টাই ৰাজ্য বা মুখীয়াল পদ নিয়ন্ত্ৰণ কৰিছিল, যি বৰ্তমানৰ ম্যানমাৰ, চীন, অসমত পৰে।[1] মূলতঃ চীনৰ য়ুনানৰ দেহং অঞ্চলত অৱস্থিত, ইয়াৰ ৰাজধানী অধিকাংশ সময়ত নাম মাও নদীৰ সীমান্ত (আধুনিক ৰুইলি/মেং মাওত) পৰিছিল।[2] ৰাজধানী অঞ্চলৰ মূল নদীৰ নাম মাও, যাক শ্বেলি নদী বুলিও কোৱা হয়।[3]

মু'ঙ মাও লু'ঙ
勐卯
টাই ৰাষ্ট্ৰসমূহৰ ভিতৰত এখন ৰাষ্ট্ৰ
ᥛᥫᥒᥰ ᥛᥣᥝᥰ
মু'ঙ মাও লু'ঙৰ মানচিত্ৰ
মু'ঙ মাও লু'ঙৰ মানচিত্ৰ
Boroughs আহোম ৰাজ্য
চৰকাৰ
 • ধৰণ ৰাজতন্ত্ৰ
 • পৰিচালনা টাই জাতি
 • চাওফা চ্যু-খান-ফা

মুঙ মাও হৈছে টাই নুৱা আৰু ছান ভাষাৰ এটা নাম, যাক মুঙ মাও লুঙ (টাই নুৱা:ᥛᥫᥒᥰ ᥛᥣᥝᥰ ᥘᥨᥒᥴ; ছান:မိူင်းမၢဝ်းလူင်) বুলিও কোৱা হয়, যাৰ অৰ্থ "মহান মুঙ মাও"।[4] "মুঙ" মানে দেশ বা ঠাই আৰু "মাও" মানে "মূৰ ঘূৰোৱা"।[4] চাওফা চাও ইউ টিঙৰ মাতৃৰ এটা চৰাইক আকাশত দেখি মূৰ ঘুৰাইছিল বাবে এই দেশৰ নাম মুঙ মাও (মূৰ ঘূৰৱা দেশ) হৈছিল।[5] আজিকালি চৰকাৰী ভাবে চীনত ৰুইলি চহৰৰ চৰকাৰী নাম টাই নুৱা ভাষাত মুঙ মাও আৰু মান দেশৰ এখন চহৰৰ নাম মুঙ-মাও চহৰ।[6]

চীনা সাহিত্যত মুঙ মাওক লু-ছান (চীনা ভাষা: 麓川) বুলি কোৱা হৈছিল, প্ৰথমবাৰৰ বাবে ইউয়ানছিত প্ৰশাসনিক বিভাগৰ নাম "লুচুয়ান প্ৰশাসন" (চীনা ভাষা: 麓川路)হিচাপে লিপিবদ্ধ কৰা হৈছিল।[7] কিছু চীনা সাহিত্যত মুঙ মাওক বাইয়ি (চীনা ভাষা: 百夷) বুলিও কোৱা হৈছিল কিন্তু বেছিভাগ সময়তে বাইয়ি শব্দই য়ুনানৰ দক্ষিণ-পশ্চিমৰ সকলো টাই জনগোষ্ঠীক সামূহিকভাৱ, বা বিশেষভাৱে দাই লোকসকলক বুজায়।[8]মণিপুৰী সাহিত্যৰ চেথাৰল কুম্বাবা ত মু'ঙ মাওক পঙ নামে বুজায়।[9]

এই অঞ্চলৰ বুৰঞ্জী, মং মাও বুৰঞ্জী, বহু পিছত লিখা হৈছিল। [10]কিছুমান পণ্ডিতে মং মাওক পং ৰাজ্য আৰু চীনা বুৰঞ্জীত উল্লেখ কৰা লু শ্বৱান ৰাজ্যৰ সৈতে একে বুলি দাবী কৰে।[10] পং ৰাজ্য কিংবদন্তি আৰু বুৰঞ্জীত লিখিত আৰু ইয়াৰ নামৰ সৈতে প্ৰায় খেলিমেলিৰ সৃষ্টি হয়।[11] ১২৫৪ চনৰ আশে-পাশে য়ুনানৰ ডালি ৰাজ্য মংগোল ইউয়ান বংশৰ হাতত পৰাজিত হোৱাৰ পাছত মং মাওৰ উত্থান হয়।[11] মং মাও ৰাজ্যই য়ুনানৰ দক্ষিণ-পশ্চিম সীমান্তত বাস কৰা জনগোষ্ঠীসমূহৰ বৈচিত্ৰ্যৰ ওপৰত কিছু ঐক্যৰ কথা প্ৰকাশ কৰিছিল।[11] কিছু লেখকসকলে মু'ঙ মাওক চীন-ম্যানমাৰ সীমান্তৰ টাই ৰাজ্যৰ গোটেই গোটটোক বুজাবলৈ ব্যৱহাৰ কৰে, য'ত লুচুয়ান-পিংমিয়ান (铱川平緬), মু'ঙ ইয়াং (চীনা: 孟養; পিনয়ন: Mengyang) ), আৰু... চেনৱি (চীনা: 木邦; pinyin: mubāng) অন্তৰ্গত।[12] এই ক্ষুদ্ৰ টাই ৰাজ্যসমূহৰ মাজত ক্ষমতাৰ কেন্দ্ৰটো সঘনাই সলনি হৈছিল।।[13] কেতিয়াবা এজন চাওফাৰ অধীনত একত্ৰিত হৈছিল, কেতিয়াবা পৃথক ৰাজ্য হিচাপে আছিল। [14] শান পণ্ডিত ছাই কাম ম'ঙে কোৱাৰ দৰে: "কেতিয়াবা এই সৰু টাইৰাজ্যবোৰৰ ইখনে আনতকৈ আগুৱাবলৈ চেষ্টা কৰিছিল আৰু কেতিয়াবা সকলোবোৰ মিলি একত্ৰিত হৈছিল..." কিছু টাই ঠাল আন স্থানলৈ গুচি গৈছিল, কিন্তু ইয়াৰে বেছিভাগেই মাও নদীৰ উপত্যকাত ঠন ধৰি উঠিছিল যি বৰ্তমান চীনৰ "শ্বেলি" নদী বুলি জনাজাত।[15] মু'ঙ মাও বংশাৱলীৰ বিভিন্ন সংস্কৰণত মু'ঙ মাও শাসকসকলৰ বংশাৱলী প্ৰদান কৰা হৈছে।।[16]ইলিয়াছে (১৮৭৬) বহু আগতে লিপিবদ্ধ কৰা শ্বান বংশাৱলী পৰম্পৰাত এখন দীঘলীয়া তালিকা দিয়া হৈছে য’ত প্ৰথমজন শাসক আছিল ৫৬৮ খ্ৰীষ্টাব্দৰ। [17]পিছে মু'ঙ মাওৰ পিছৰ শাসকসকলৰ বাবে ইলিয়াছে দিয়া তাৰিখবোৰ বৰ ভালদৰে মিল নাখাই।[18]

টাই আহোম বংশধৰ

সম্পাদনা কৰক

চাওলুং চ্যু-কা-ফা মূলতঃ মু'ঙ মাওৰ টাই ৰাজকোঁৱৰ আছিল, ১২২৮ চনত অসমৰ বৰ্তমানৰ চৰাইদেউ অঞ্চলত প্ৰতিষ্ঠা হোৱা এই ৰাজ্যখন প্ৰায় ছশ বছৰ ধৰি অস্তিত্ব লাভ কৰিছিল, সন্মানীয় চাওলুং (শান: ၸဝ်ႈလူင်) হিচাপে তেঁও অসমৰ বুৰঞ্জীত সংলগ্ন হৈ আছে।[19][20]

লগতে চাওক

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Barpujari, H.K. (1990). The Comprehensive History of Assam: From the Pre-historic Times to the Twelfth Century A.D.. The Comprehensive History of Assam. Publication Board, Assam. পৃষ্ঠা. 54. https://books.google.co.in/books?id=DPxiXshxdP4C। আহৰণ কৰা হৈছে: 2024-09-10. 
  2. Mong, S.K. (2004). The History and Development of the Shan Scripts. Silkworm Books. ISBN 978-974-9575-50-5. https://books.google.co.in/books?id=fmdkAAAAMAAJ। আহৰণ কৰা হৈছে: 2024-09-10. 
  3. Andaya, B.W.; Andaya, L.Y. (2015). A History of Early Modern Southeast Asia, 1400-1830. Cambridge University Press. পৃষ্ঠা. 71. ISBN 978-0-521-88992-6. https://books.google.co.in/books?id=0Rh2BgAAQBAJ&pg=PA71। আহৰণ কৰা হৈছে: 2024-09-10. 
  4. 4.0 4.1 孟尊贤 (Meng Zunxian) (2007). 傣汉词典 (Dai han ci dian) [Tai Nuea - Chinese Dictionary] (in Chinese). Kunming: Yunnan Nationalities Publishing House. ISBN 978-7-5367-3790-7.
  5. Translated by 龚肃政 (Gong Suzheng); Explained by 杨永生 (Yang Yongsheng) (1988). "银云瑞雾的勐果占璧简史 (Yin yun rui wu de meng guo zhan bi jian shi)" [Chronicle of Guo-zhan-bi]. 勐果占璧及勐卯古代诸王史 (Meng guo zhan bi ji meng mao gu dai zhu wang shi) (in Chinese). Kunming: Yunnan Nationalities Publishing House. pp. 1–51. ISBN 7-5367-0352-X.
  6. Wang Jingliu (2014). 佤汉大词典 [Wa - Chinese Dictionary]. Kunming: Yunnan Nationalities Publishing House. p. 1169. ISBN 978-7-5367-6031-8.
  7. 尤中 (You Zhong) (1987). "明朝"三征麓川"叙论" [Introduction of Three Conquests Luchuan by Ming]. 思想战线 (Thinking) (in Chinese) (4): 58-64+57
  8. 胡绍华 (Hu Shaohua) (1984). "试述"百夷"含义的历史演变" [A discuss of the historical evolution of the meaning of "Baiyi"]. 中央民族学院学报 (Journal of Minzu University of China) (in Chinese) (3): 85-89. doi:10.15970/j.cnki.1005-8575.1984.03.022.
  9. Saroj Nalini Arambam Parratt (2005). The Court Chronicle of the Kings of Manipur: The Cheitharon Kumpapa. London: Routledge. ISBN 0-203-44427-2.
  10. 10.0 10.1 Elias, 1876; Daniels, 2006; Bian-zhang-ga, 1990; Witthayasakphan and Zhao Hongyun, 2001
  11. 11.0 11.1 11.2 Yos Santasombat, Lak Chang: A Reconstruction of Tai Identity in Daikong, p. 3-4
  12. Wade, Geoff. tr. (2005) Southeast Asia in the Ming Shi-lu: an open access resource, Singapore: Asia Research Institute and the Singapore E-Press, National University of Singapore,http://epress.nus.edu.sg/msl/
  13. Kam Mong, Sai (2004) The History and Development of the Shan Scripts, Chiang Mai; Silkworm Books.
  14. Kam Mong, Sai (2004) The History and Development of the Shan Scripts, Chiang Mai; Silkworm Books.
  15. Kam Mong, Sai (2004) The History and Development of the Shan Scripts, Chiang Mai; Silkworm Books.
  16. Jane M. Ferguson (2021). "Repossessing Shanland: Myanmar, Thailand, and a Nation-State Deferred"
  17. Jane M. Ferguson (2021). "Repossessing Shanland: Myanmar, Thailand, and a Nation-State Deferred"
  18. Jane M. Ferguson (2021). "Repossessing Shanland: Myanmar, Thailand, and a Nation-State Deferred"
  19. (Lahkar 2024:46)
  20. (Choudhury 2022:36)

উৎস প্ৰসংগ

সম্পাদনা কৰক