চাওফা (আহোম: 𑜋𑜧𑜨 𑜇𑜡; চীনা:召法;ছান:ၸဝ်ႈၾႃႉ,অৰ্থ: স্বৰ্গদেউ, স্বৰ্গৰ ৰজা)[1] হ'ল আহোম ৰাজ্য, শান ৰাজ্য, দাঈ ৰাজ্য, থাই ৰাজ্য আৰু খামটিসকলৰ টাইবংশানুক্ৰমিক টাইশাসকসকলক সূচাই ব্যৱহাৰ কৰা ৰাজকীয় উপাধি। কেৱল টাই বংশৰ মানুহেহে এই উপাধি লাভ কৰে। অসমীয়া ভাষাত ইয়াক স্বৰ্গদেউ বুলিও কোৱা হয়। চীনৰ দাঈ আৰু শান সকলে (যাৰ কিছু অংশ বাৰ্মাত পৰে) এই উপাধি ব্যৱহাৰ কৰে।[1] অসমৰ আহোম ৰাজ্যৰ সকলো শাসকক চাও-ফা; স্বৰ্গদেউ বুলি কোৱা হয়। থাই ভাষাটো চাওফা (เจ้าฟ้า) শব্দৰ প্ৰয়োগ হয় যি থাই শাসক সূচায়। কিছু টাই বুৰঞ্জীৰ মতে ২য় শতিকা খ্ৰীঃপূৰ্বৰ আগৰ পৰাই টাই শাসক সকলে এই শব্দটো ব্যৱহাৰ কৰি আহিছে।[2]

লগতে চাওকসম্পাদনা কৰক

তথ্যসূত্ৰসম্পাদনা কৰক