ড° মুকুন্দ ৰাজবংশী (ইংৰাজী: Dr.Mukunda Rajbongshi) হৈছে এগৰাকী অসমীয়া লেখক৷ তেখেতৰ ঘৰ লখিমপুৰ জিলাত৷ ডঃ মুকুন্দ ৰাজবংশী উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ গণিত বিষয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আছিল আৰু লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল। বৰ্তমান তেখেত জিনিয়াছ একাডেমীৰ পৰিচালন সম্পাদক হিচাপে কৰ্মৰত৷

মুকুন্দ ৰাজবংশী
জন্ম ১৯৪১ , ০১
অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা অসমীয়া
নাগৰিকত্ব ভাৰতীয়
শিক্ষা গণিত বিষয়ত পি.এইচ.ডি
সহযোগী অমিয়া ৰাজবংশী

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

ডঃ মুকুন্দ ৰাজবংশীৰ জন্ম হৈছিল ১৯৪১ চনৰ ১ নৱেম্বৰ তাৰিখে ,ডিব্ৰুগড়ত।[1]

শিক্ষা সম্পাদনা কৰক

ডঃ মুকুন্দ ৰাজবংশীদেৱে ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত এম. এছ.চি. আৰু ১৯৮২ চনত হায়দৰাৱাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু পি.এইচ.ডি ডিগ্ৰী লাভ কৰে।[2]

চাকৰি জীৱন সম্পাদনা কৰক

ডঃ মুকুন্দ ৰাজবংশীদেৱ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ গণিত বিষয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আছিল আৰু লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ। বৰ্তমান তেওঁ উত্তৰ লখিমপুৰ অৱস্থিত জিনিয়াছ একাডেমি জুনিয়ৰ কলেজৰ পৰিচালন সম্পাদক।[3]

সাহিত্যকৰ্ম সম্পাদনা কৰক

"সফল জীৱনৰ অভিমুখে", "আধুনিক শিক্ষাৰ বালিচাপৰিত"," বিজ্ঞান সংস্কৃতি" আদি।[4]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "আধুনিক শিক্ষাৰ বালিচাপৰিত", লেখক: ডঃ মুকুন্দ ৰাজবংশী, প্ৰকাশ: ২০২১,পৃষ্ঠা:২৮
  2. "আধুনিক শিক্ষাৰ বালিচাপৰিত", লেখক: ডঃ মুকুন্দ ৰাজবংশী, প্ৰকাশ: ২০২১,পৃষ্ঠা:২৮
  3. "আধুনিক শিক্ষাৰ বালিচাপৰিত", লেখক: ডঃ মুকুন্দ ৰাজবংশী, প্ৰকাশ: ২০২১,পৃষ্ঠা:২৮
  4. "আধুনিক শিক্ষাৰ বালিচাপৰিত", লেখক: ডঃ মুকুন্দ ৰাজবংশী, প্ৰকাশ: ২০২১,পৃষ্ঠা:২৮