মেঘালয় চৰকাৰ

ভাৰতীয় ৰাজ্য চৰকাৰ

মেঘালয় চৰকাৰ (ইংৰাজী: Government of Meghalaya) বা মেঘালয় ৰাজ্য চৰকাৰ হ'ল ভাৰতৰ মেঘালয় ৰাজ্য আৰু ইয়াৰ ১২খন জিলাৰ সৰ্বোচ্চ শাসক কৰ্তৃপক্ষ৷[1] ইয়াত মেঘালয়ৰ ৰাজ্যপালৰ নেতৃত্বত এটা কাৰ্যবাহী, ন্যায়পালিকাৰ আৰু বিধানসভা শাখা আছে।

মেঘালয় চৰকাৰ
মুখ্য চৰকাৰী কাৰ্যালয় শ্বিলং
কাৰ্যবাহী
ৰাজ্যপাল ফাগু চৌহান
মুখ্যমন্ত্ৰী কনৰাড চাংমা
বিধান সভা
সদন
  • মেঘালয় বিধানসভা
অধ্যক্ষ টমাছ এ. চাংমা
উপাধ্যক্ষ টিমোথি শ্বিৰা
সদনৰ সদস্যবৃন্দ ৬০
ন্যায়পালিকা
উচ্চ ন্যায়ালয় মেঘালয় উচ্চ ন্যায়ালয়
মুখ্য ন্যায়াধীশ এছ. বৈদ্যনাথন

ভাৰতৰ আন ৰাজ্যৰ দৰে মেঘালয় ৰাজ্যৰ মুৰব্বীজন হ’ল ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শমতে নিযুক্ত কৰা ৰাজ্যপাল। ৰাজ্যপালৰ পদটো বহুলাংশে আনুষ্ঠানিক। মুখ্যমন্ত্ৰী চৰকাৰৰ মুৰব্বী আৰু প্ৰায়বোৰ কাৰ্যকৰী ক্ষমতা তেওঁৰ হাততেই ন্যস্ত থাকে। শ্বিলং, মেঘালয়ৰ ৰাজধানী আৰু ইয়াতেই ৰাজ্যখনৰ বিধানসভা আৰু সচিবালয় আছে। মেঘালয়ৰ শ্বিলঙত অৱস্থিত মেঘালয় উচ্চ ন্যায়ালয়ে মেঘালয় ৰাজ্যত উত্থাপিত গোচৰৰ ক্ষেত্ৰত অধিকাৰ আৰু ক্ষমতা প্ৰয়োগ কৰে।

বৰ্তমানৰ মেঘালয় বিধানসভাখন এক-সদনীয় বিধায়িনীসভা। ই ৬০ গৰাকী বিধানসভাৰ সদস্যৰে গঠিত। ইয়াৰ কাৰ্যকাল ৫ বছৰ, যদিহে সোনকালে ভংগ নহয়।[2]

  1. "The Government Of Meghalaya". Unacademy. https://unacademy.com/content/railway-exam/study-material/general-awareness/the-government-of-meghalaya/। আহৰণ কৰা হৈছে: 29 July 2024. 
  2. "Meghalaya Legislative Assembly". Legislative Bodies in India. National Informatics Centre, Government of India. http://legislativebodiesinindia.nic.in/meghalaya.htm। আহৰণ কৰা হৈছে: 2008-05-10. 
  • Government and politics in Meghalaya, by R. S. Lyngdoh. Sanchar Pub. House, 1996. আই.এচ.বি.এন. 81-7203-029-0.

বাহ্যিক সংযোগ

সম্পাদনা কৰক