মেচাকি
মেচাকি বা মেচাকি পাত (বৈজ্ঞানিক নাম: Sarcochlamys pulcherrima) পূব এচিয়াৰ বিভিন্ন অঞ্চল যেনে দক্ষিণ চীন, ভাৰত, ম্যানমাৰ, থাইলেণ্ড আৰু ইণ্ডোনেচিয়া আদি দেশৰ এবিধ থলুৱা চিৰসেউজ সপুষ্পক উদ্ভিদ। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত মেচাকি সহজলভ্য। উদ্ভিদবিধক খাছি ভাষাত খাজাঠ্চিৰ, মিচিং ভাষাত অম্বে আৰু মিজো ভাষাত লেংঅ'-চি-কাত নামেৰে জনা যায়।[1][2]
মেচাকি Sarcochlamys pulcherrima | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Tracheophyta |
(অশ্ৰেণীকৃত): | Magnoliopsida |
বৰ্গ: | Rosales |
পৰিয়াল: | Urticaceae |
গণ: | Sarcochlamys |
প্ৰজাতি: | Sarcochlamys pulcherrima |
সমাৰ্থক | |
Sarcochlamys pulcherrima Gaud. |
বিৱৰণ
সম্পাদনা কৰকজেকা পলসুৱা মাটি মেচাকিৰ বাবে উপযুক্ত। ই এবিধ গুল্মজাতীয় উদ্ভিদ আৰু এজোপা পূৰ্ণাংগ গছ ২-৬ মিটাৰ পৰ্যন্ত ওখ হয়। ধাৰ থকা দীঘলীয়া পাতসমূহৰ মূৰটো জোঙা আৰু ই ১৩-১৭ ছেমি দীঘল হয়। পাতৰ মূল শিৰাৰ সমানে দুডাল অতিৰিক্ত শিৰা থাকে। পাতৰ তল অংশ মিহি শুংযুক্ত আৰু ওপৰফাল মসৃণ। এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত গছসমূহত হালধীয়া ৰঙৰ ফুল ধৰে।[2]
ব্যৱহাৰ
সম্পাদনা কৰকমেচাকিৰ কুমলীয়া কোঁহ, পাত আৰু ফল বনৌষধি তথা খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয়ে তেওঁলোকৰ পৰম্পৰাগত ৰন্ধন-প্ৰকৰণত মেচাকিৰ ব্যৱহাৰ কৰে। বহু লোকে ডায়েৰীয়া আৰু ডিচেণ্ট্ৰি ৰোগত ইয়াৰ পাত ঔষধি হিচাপে ব্যৱহাৰ কৰে।[2]
মেচাকিৰ পাত পোহনীয়া তৃণভোজী জন্তুৰ আহাৰ হিচাপেও ব্যৱহাৰ হয়।[2]
ইয়াৰ গা-গছৰ পৰা আঁহ উলিয়াই ৰছী আদি তৈয়াৰ কৰা হয়। পাত আৰু ঠেঙুলিৰ পৰা প্ৰাকৃতিক ৰং আহৰণ কৰা হয়।[1]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 "Sarcochlamys pulcherrima". Tropical.theferns.info. http://tropical.theferns.info/viewtropical.php?id=Sarcochlamys+pulcherrima। আহৰণ কৰা হৈছে: 27 July 2020.
- ↑ 2.0 2.1 2.2 2.3 "Dogal Tree". s of India. http://www.flowersofindia.net/catalog/slides/Dogal%20Tree.html। আহৰণ কৰা হৈছে: 27 July 2020.