মেমং নাৰাঙ (ইংৰাজী: Indian Wild Orange) হ'ল টেঙাবিধৰ গাৰো নাম৷ স্পেনিজত কোৱা হয় Naranja Salvaje de India ৷ [1]

various Citrus fruits

বৰ্গীকৰণ সম্পাদনা কৰক

  • Taxonomy - Citrus Indica Tanaka
  • Genus - citrus
  • Family - Rutaceae
  • Sub Family - Aurantioideae[1]

ইতিহাস সম্পাদনা কৰক

এই ফলবিধ টানাকা (Tanaka) নামৰ স্পেনিজ উদ্ভিদ বিজ্ঞানী এজনে ১৯২৪ চনত আবিষ্কাৰ কৰিছিল৷ তেওঁ অসমনগাওঁ,খাছি পাহাৰ আৰু মণিপুৰত দেখা পাইছিল৷ এই মেমং নাৰাং ফলবিধ ১৯৮১ চনত ভগ সিঙে তেওঁৰ কিতাপ "Establishment of first Gene Sanctuary in India for Citurs in Garo Hills" ত উল্লেখ কৰা মতে গাৰো পাহাৰত এতিয়াও বনৰীয়াভাৱে পোৱা যায়৷ গাৰো ভাষাত মেমং মানে 'ভূত' আৰু 'নাৰাং' মানে সুমথিৰা৷ অৰ্থাৎ 'ভূতৰ সমথিৰা'৷[1]

উৎপত্তিস্থল সম্পাদনা কৰক

গাৰো পাহাৰত থকা নকৰেক সংৰক্ষিত বনাঞ্চলত এই দুষ্প্ৰাপ্য আৰু বিপন্ন প্ৰজাতিৰ সুমথিৰাবিধ পোৱা যায়৷ এই বনাঞ্চলক ভাৰত চৰকাৰে ১৯৮৪ চনত প্ৰথম টেঙাফলৰ জিন অভয়াৰণ্য বুলি ঘোষণা কৰে৷[1]

বিৱৰণ সম্পাদনা কৰক

এই টেঙা ফলবিধৰ গছজোপা ৩ৰপৰা ৬ ফুট পৰ্যন্ত ওখ হয় আৰু গছৰ ডালবোৰ গা-গছৰ লগত প্ৰায় ৯০ ডিগ্ৰি কোণীয়াকৈ ওলায়৷ গছৰ ডালবোৰ কাঁইটযুক্ত আৰু কাঁইটবোৰ ২ৰপৰা ৪ছেণ্টিমিটাৰ দীঘল হয়৷ গছজোপাৰ পাতবোৰ দুইৰপৰা তিনি ছেণ্টিমিটাৰমান দীঘল আৰু দুইৰপৰা চাৰি ছেণ্টিমিটাৰমান বহল হয়,পাতৰ আগ আৰু গুৰি ক্ৰমান্বয়ে জোঙা হৈ আহে৷ পাতবোৰৰ ওপৰফালতো তলৰফালতকৈ গাঢ় সেউজীয়া হয়৷ ফুলবোৰ সৰু সৰু বগা ৰঙৰ পাঁচটা পাহিযুক্ত হয়৷ সুমথিৰাবোৰ এটা বগৰীৰ সমান ডাঙৰ হয় (২৫ - ৩৪ মিলিমিটাৰ ব্যাসৰ),কেঁচা অৱস্থাত গাঢ় সেউজীয়া আৰু পকিলে সুমথিৰা ৰঙৰ হয়৷ এই সুমথিৰাবিধৰ বাকলিৰ ওপৰভাগ মিহি আৰু তৈলগ্ৰন্থি যুক্ত হয়৷[1]

ঔষধি গুণ সম্পাদনা কৰক

পৰম্পৰাগতভাৱে এই ফলবিধ গাৰোসকলে মানুহৰ লগতে ঘৰচীয়া জন্তুৰ পেটৰ অসুখ আৰু জণ্ডিছত বহুলভাৱে ব্যৱহাৰ কৰে৷ পকা ফলবোৰ শুকুৱাই গুৰি কৰি সংৰক্ষণ কৰা হয় আৰু বসন্ত বেমাৰৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰে৷[1]

লোকবিশ্বাস সম্পাদনা কৰক

লোকবিশ্বাস মতে মানুহৰ মৃত্যুৰ পাছত মৃতকৰ শৰীৰৰ ওপৰত এই ফলবিধ থোৱা হয় যাতে ফলবিধে মৃতকৰ আত্মাক ভূত হোৱাৰপৰা ৰক্ষা কৰে৷

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 ড° স্বপ্নালী বৰা (১-১৫ ফেব্ৰুৱাৰি ২০১৪). "মেমং নাৰাঙৰ বিষয়ে কিছু কথা". প্ৰান্তিক খণ্ড ৩৩শ বছৰ (৫ম সংখ্যা): পৃষ্ঠা ২৭. 

বাহ্যিক সংযোগ সম্পাদনা কৰক