মেলিণ্ডা আন গেট্‌ছ (বিবাহৰ পূৰ্বে ফ্ৰেন্স; ১৫ আগষ্ট, ১৯৬৪; ইংৰাজী: Melinda Ann Gates)[1] হৈছে এগৰাকী আমেৰিকান সমাজহিতৈষী আৰু মাইক্ৰছ'ফ্টৰ ভূতপূৰ্ব মহাপ্ৰবন্ধক।[2] ২০০০ চনত, পতি বিল গেট্‌ছৰ লগলাগি মেলিণ্ডাই বিল এণ্ড মেলিণ্ডা গেট্‌ছ ফাউণ্ডেছনৰ সহ-প্ৰতিষ্ঠা কৰে; যিটো ২০১৫ চনলৈকে পৃথিৱীৰ সৰ্ববৃহৎ ব্যক্তিগত লোকহিতৈষী সংস্থা হিচাপে পৰিগণিত হৈছিল।[3] ফৰ্বছ আলোচনীয়ে মেলিণ্ডাক ক্ৰমাগতভাৱে পৃথিৱীৰ এগৰাকী শক্তিশালী মহিলা হিচাপে তালিকাভুক্ত কৰি আহিছে।[4]

মেলিণ্ডা গেট্‌ছ
DBE
জন্ম মেলিণ্ডা এন ফ্ৰেন্স
১৫ আগষ্ট, ১৯৬৪ (৫৯ বছৰ)
ডালাছ, টেক্সাছ, আমেৰিকা
বাসগৃহ মেডিনা, ৱাশ্বিংটন, আমেৰিকা
ৰাষ্ট্ৰীয়তা আমেৰিকান
শিক্ষা ডিউক বিশ্ববিদ্যালয়,(কলাৰ স্নাতক আৰু এমবিএ)
পেচা বিল এণ্ড মেলিণ্ডা গেট্‌ছ ফাউণ্ডেছনৰ সহ-প্ৰতিষ্ঠাতা আৰু সহ-অধ্যক্ষ
দাম্পত্যসঙ্গী বিল গেট্‌ছ (বি. ১৯৯৪)
সন্তান
ৱেবছাইট
Profile

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

১৯৬৪ চনৰ ১৫ আগষ্ট তাৰিখে টেক্সাচৰ ডালাচত মেলিণ্ডা এন ফ্ৰেন্সৰ জন্ম হৈছিল।[5][6] এৰোস্পেচ অভিযন্তা ৰেয়মণ্ড জোচেফ ফ্ৰেন্স জুনিয়ৰ আৰু গৃহিনী মাতৃ ইলেইন এগনেচ আমাৰলেণ্ডৰ তেওঁ দ্বিতীয়গৰাকী সন্তান আছিল। তেওঁলোকৰ চাৰিটা সন্তান আছিল। মেলিণ্ডাৰ এগৰাকী জ্যেষ্ঠা ভগ্নী আৰু দুগৰাকী কনিষ্ঠ ভ্ৰাতৃ আছে।[7]

মেলিণ্ডা এগৰাকী কেথোলিক।[8][9][10][11] তেওঁ ছেইণ্ট মণিকা কেথোলিক স্কুলত পঢ়িছিল, য'ত তেওঁ শ্ৰেণীৰ ভিতৰত শীৰ্ষস্থানপ্ৰাপ্ত ছাত্ৰী আছিল।[12][13] চৌধ্য বছৰ বয়সত, মেলিণ্ডাক পিতৃয়ে এপল-টুৰ লগত পৰিচয় কৰাই দিয়ে যিয়ে তেওঁক কম্পিউটাৰ গেম আৰু "BASIC" প্ৰগ্ৰামিং লেংগুৱেজৰ প্ৰতি আকৰ্ষিত কৰি তোলে।[14]

১৯৮২ চনত তেখেতে "উৰচুলিন একাডেমী অৱ ডালাছ"ৰ পৰা ভেলেডিক্টৰিয়ান হিচাপে স্নাতক হয়।[15] ১৯৮৬ চনত ডিউক বিশ্ববিদ্যালয়ৰ পৰা তেখেতে কম্পিউটাৰ বিজ্ঞান আৰু অৰ্থনীতিত এটা স্নাতক ডিগ্ৰী অৰ্জন কৰে। আৰু ১৯৮৭ চনত ডিউকৰ ফুকুৱা স্কুল অৱ বিজনেচৰ পৰা এমবিএ ডিগ্ৰী লাভ কৰে।[16] ডিউকত থাকোঁতে, মেলিণ্ডা "কাপ্পা আলফা থেটাৰ ভগ্নীসংঘ, বিটা ৰ' চেপটাৰ"ৰ সদস্যা আছিল।[17]

কৰ্মজীৱন সম্পাদনা কৰক

মেলিণ্ডাৰ প্ৰথমটো চাকৰি আছিল শিশুক গণিত আৰু কম্পিউটাৰ বিজ্ঞানৰ টিউছন লোৱাটো।[18]স্নাতক শিক্ষাৰ সমাপ্তিৰ পাছত, মেলিণ্ডাই মাইক্ৰ'ছফ্টত বিপণন প্ৰবন্ধক হিচাপে যোগদান কৰে য'ত তেখেতে বিভিন্ন ধৰণৰ মাল্টিমিডিয়া প্ৰকল্পৰ বিকাশৰ তদাৰক কৰিছিল।[19] তাৰ ভিতৰত ছিনেমেনিয়া, এনকাৰ্টা, পাব্লিছাৰ, বব, মানি, ৱৰ্ক আৰু ৱৰ্ড আছিল প্ৰধান।[19][20] জনপ্ৰিয় যাত্ৰা-বুকিং ৱেবছাইট এক্সপেডিয়াতো তেখেতে কাম কৰিছিল। পৰৱৰ্তী কালত গেট্‌ছে মাইক্ৰ'ছফ্ট ববৰ ছফ্টৱেৰ উপস্থাপনৰ সময়ত মনত পেলাইছিল-"সেইয়া আছিল মই কৰা কঠিন কামবোৰৰ ভিতৰত অন্যতম। " .[21] অৱশ্যে, প্ৰগ্ৰামটো ব্যৱসায়িক দিশত বিফল হৈছিল। কুৰি শতিকাৰ শেষৰটো দশকত, তেখেতেক "ইনফৰ্মেছন প্ৰডাকটছ"ৰ মহাপ্ৰবন্ধক হিচাপে নিযুক্তি দিয়া হয়। সেইটো পদত তেখেত ১৯৯৬ চনলৈকে থাকে।[2] নিজৰ পৰিয়াল আৰম্ভ কৰা আৰু প্ৰতিপালন কৰাৰ মানসেৰে তেখেতে মাইক্ৰ'ছফ্ট ত্যাগ কৰে।

১৯৯৬ চনৰ পৰা ২০০৩ চনলৈকে গেট্‌ছে ডিউক বিশ্ববিদ্যালয়ৰ ট্ৰাষ্টি বৰ্ডত সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।[22] তেখেতে "বিল্ডাৰবাৰ্গ গ্ৰুপ"ৰ বাৰ্ষিক সন্মিলনীত উপস্থিত থাকে আৰু "ৱাশ্বিংটন পোষ্ট" কোম্পানীৰ পৰিচালনা সভাৰ আসন এখনত ২০০৪ চনৰ পৰা অধিষ্ঠিত হয়।[23] "ড্ৰাগষ্ট'ৰ ডট কম"ৰ পৰিচালনা সভাতো তেখেতৰ এটা স্থান আছিল, পিছে ২০০৬ চনৰ আগষ্টত তেখেতে সেইটো স্থান ত্যাগ কৰে। তাৰপিছত তেখেতে সমাজসেৱাৰ লগত জড়িত হৈ পৰে।[24] ২০০০ চনৰ পৰা তেখেতে ৰাজহুৱা প্ৰেক্ষাপটত সক্ৰিয় হৈ পৰে। তেওঁ কয়, "As I thought about strong women of history, I realized that they stepped out in some way."[19] এনেধৰণৰ চিন্তাধাৰাই তেখেতক "বিল এণ্ড মেলিণ্ডা গেট্‌ছ সংস্থা" কাৰ্যনীতি অনুসৰণ আৰু লক্ষ্যপূৰণ কৰাত অৰিহণা যোগাই আহিছে। ২০১৪ পৰ্যন্ত, বিল গেট্‌ছ আৰু মেলিণ্ডা গেট্‌ছে তেওঁলোকৰ সংস্থাটোলৈ ২৮ বিলিয়ন ডলাৰ ধনৰাশি দান হিচাপে আগবঢ়াইছে।[25] ২০১৫ চনত মেলিণ্ডাই "পাইভটেল ভেনছুৰছ"(Pivotal Ventures) সুকীয়াকৈ স্থাপন কৰে, যি এটা স্বতন্ত্ৰ উদ্যোগ। তেওঁলোকৰ লক্ষ্য হৈছে- "আমেৰিকান মহিলা আৰু তেওঁলোকৰ পৰিয়ালে মুখামুখি হোৱা নানান সমস্যা চিনাক্ত কৰা, তেওঁলোকৰ অৱস্থা উন্নত কৰা, আৰু অভিনৱ সমাধানসূত্ৰ উদ্ভাৱন কৰা। "[26]

লেখিকা হিচাপে সম্পাদনা কৰক

২০১৯ চনত, মেলিণ্ডা গেট্‌ছে লেখিকা ৰূপে আত্মপ্ৰকাশ কৰে। কিতাপখনৰ নাম আছিল: 'The Moment of Lift: How Empowering Women Changes the World'। ভূতপূৰ্ব ৰাষ্ট্ৰপতি বাৰাক অ'বামাই এটা কমেডি স্কেচৰ জৰিয়তে এই কিতাপখনৰ প্ৰচাৰত সহায় কৰিছিল।[27][28] এই গ্ৰন্থখনে নাৰীসকলৰ উপাৰ্জনবিহীন কৰ্মৰাজীক স্বীকৃতি দিব নিবিচৰা ব্যৰ্থতাৰ ওপৰত আলোকপাত কৰে। তাৰ বাবে গ্ৰন্থখনে নাৰীবাদী অৰ্থনীতিবিদ ডেম মেৰিলিন ৱাৰিঙৰ 'If Women Counted' গ্ৰন্থখনৰ সহায় লয়।[29]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

 
মেলিণ্ডা গেট্‌ছ আৰু বিল গেট্‌ছ, ২০০৯ চনত

মাইক্ৰছফ্টৰ মুখ্য কাৰ্যবাহী বিষয়া বিল গেট্‌ছৰ লগত মেলিণ্ডাৰ সম্পৰ্কৰ সূত্ৰপাত ঘটে ১৯৮৭ চনত। নিউ ইয়ৰ্কৰ এখন বাণিজ্য মেলাত দুয়োৰে মাজত সাক্ষাৎ হৈছিল।[5][30] ১৯৯৪ চনত হাৱাইৰ লানাইত এক ব্যক্তিগত অভ্যৰ্থনাত দুয়োৰে মাজত বিবাহ সম্পন্ন হয়। তেওঁলোকৰ তিনিটা সন্তান। জেনিফাৰ, ফিবি আৰু ৰ'ৰি গেট্‌ছ।[31] তেওঁলোকৰ পৰিয়ালটো ৱাশ্বিংটনৰ মেডিনাস্থিত ৱাশ্বিংটন হ্ৰদৰ সমীপৱৰ্তী এটা "earth-sheltered mansion"ত বাস কৰে। তেওঁলোকৰ বাসগৃহটোৰ নাম হৈছে-Xanadu 2.0 (। )[32]

 
বিল গেট্‌ছ আৰু মেলিণ্ডা গেট্‌ছৰ বাসগৃহ Xanadu 2.0

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Harris, Paul (November 25, 2006). "A woman of substance". The Guardian. https://www.theguardian.com/media/2006/nov/26/theobserver। আহৰণ কৰা হৈছে: February 10, 2020. "Melinda Ann French was born in Dallas on 15 August 1964." 
  2. 2.0 2.1 "Melinda Gates". Gates Foundationgatesfoundation.org. https://www.gatesfoundation.org/Who-We-Are/General-Information/Leadership/Executive-Leadership-Team/Melinda-Gates। আহৰণ কৰা হৈছে: March 13, 2019. 
  3. Mathiesen, Karl (March 16, 2015). "What is the Bill and Melinda Gates Foundation?" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/environment/2015/mar/16/what-is-the-bill-and-melinda-gates-foundation. 
  4. "Power Women". Forbesforbes.com. https://www.forbes.com/lists/power-women/#3d5d9f225a95। আহৰণ কৰা হৈছে: March 13, 2019. 
  5. 5.0 5.1 "Office romance: how Bill met Melinda". The Independent. June 27, 2008. https://www.independent.co.uk/life-style/gadgets-and-tech/features/office-romance-how-bill-met-melinda-855292.html. 
  6. "Melinda Gates biography". A&E Television Networksbiography.com. March 15, 2018. https://www.biography.com/people/melinda-gates-507408। আহৰণ কৰা হৈছে: October 24, 2018. 
  7. "Melinda Gates goes public (pg. 2)" Archived May 1, 2012, at the Wayback Machine, cnn.com, January 7, 2008.
  8. Melinda Gates (April 2012). Let's put birth control back on the agenda. TEDxChange. Retrieved June 29, 2013. 
  9. "Melinda Gates: 'I'm a Catholic, but women need access to contraceptives'", Guardian.co.uk; retrieved June 29, 2013.
  10. "Catholic Melinda Gates defies the Vatican over birth control funds", independent.co.uk; retrieved June 29, 2013.
  11. Goodell, Jeff (March 13, 2014). "Bill Gates: The Rolling Stone Interview". Rolling Stone. https://www.rollingstone.com/culture/news/bill-gates-the-rolling-stone-interview-20140313?print=true। আহৰণ কৰা হৈছে: April 23, 2016. 
  12. Jeanne M. Lesinski (2009). Bill Gates: Entrepreneur and Philanthropist. Twenty First Century Books. পৃষ্ঠা. 61. ISBN 9781580135702. https://archive.org/details/billgatesentrepr0000lesi। আহৰণ কৰা হৈছে: March 10, 2011. "Melinda, a devout Catholic, wanted a religious wedding" 
  13. Business Week, Issues 3649–3652. McGraw-Hill. 1999. https://books.google.com/books?id=vo2ZAAAAIAAJ&q=Melinda+Gates+roman+catholic&dq=Melinda+Gates+roman+catholic। আহৰণ কৰা হৈছে: March 10, 2011. "Raised a Roman Catholic and educated at a girls' Catholic high school, Melinda was encouraged to pursue her love of science" 
  14. "Office romance: how Bill met Melinda" (en ভাষাত). The Independent. June 27, 2008. http://www.independent.co.uk/life-style/gadgets-and-tech/features/office-romance-how-bill-met-melinda-855292.html। আহৰণ কৰা হৈছে: March 13, 2019. 
  15. "Ursuline Receives Additional $2 Million Grant; Science, Math, Technology Building Task Force is Formed". Bill & Melinda Gates Foundation. https://www.gatesfoundation.org/Media-Center/Press-Releases/2007/05/Ursuline-Receives-Additional-2-Million-Grant-Science-Math-Technology-Building-Task-Force-is-Formed। আহৰণ কৰা হৈছে: September 22, 2017. 
  16. Mary Zeiss Stange; Carol K. Oyster; Jane E. Sloan (January 9, 2013). The Multimedia Encyclopedia of Women in Today's World. SAGE Publications. পৃষ্ঠা. 386–. ISBN 978-1-4522-7037-1. https://books.google.com/books?id=_BTKCgAAQBAJ&pg=PT386. 
  17. "The incredible life of Melinda Gates — one of the world's richest and most powerful women". November 1, 2017. https://www.businessinsider.nl/life-of-melinda-gates-2016-3/। আহৰণ কৰা হৈছে: March 24, 2018. 
  18. Staff, Fast Company (January 9, 2017). "How Melinda Gates Is Diversifying Tech" (en-US ভাষাত). Fast Company. https://www.fastcompany.com/3066355/how-melinda-gates-is-diversifying-tech। আহৰণ কৰা হৈছে: March 13, 2019. 
  19. 19.0 19.1 19.2 Cathleen., Small (2017). Melinda Gates : Philanthropist and Education Advocate.. প্ৰকাশক New York, NY: Cavendish Square Publishing LLC. ISBN 9781502627087. OCLC 1039680502. 
  20. "Office Romance: How Bill met Melinda". The Independent. 2008. https://www.independent.co.uk/life-style/gadgets-and-tech/features/office-romance-how-bill-met-melinda-855292.html। আহৰণ কৰা হৈছে: January 10, 2019. 
  21. "This failure taught me a lesson I'll never forget" (en ভাষাত). www.linkedin.com. https://www.linkedin.com/pulse/failure-taught-me-lesson-ill-never-forget-melinda-gates। আহৰণ কৰা হৈছে: March 13, 2019. 
  22. Gates Joins Trustees Archived August 2, 2012, at Archive.today, Fuqua.duke.edu; retrieved June 29, 2013.
  23. "Melinda French Gates Elected a Director of The Washington Post Company" (en ভাষাত). Graham Holdings Company. http://www.ghco.com/news-releases/news-release-details/melinda-french-gates-elected-director-washington-post-company। আহৰণ কৰা হৈছে: March 14, 2019. 
  24. "Officers and Directors". Drugstore.com. 2005. Archived from the original on February 7, 2006. https://web.archive.org/web/20060207063601/http://investor.shareholder.com/drugstore/management.cfm। আহৰণ কৰা হৈছে: February 14, 2008. 
  25. Bill Gates' philanthropy profile, forbes.com; retrieved April 23, 2016.
  26. Pivotal Ventures-Who we are, pivotalventures.org; retrieved April 17, 2020.
  27. Darrisaw, Michelle (May 10, 2019). "Barack Obama Is the Ultimate Funny Guy in a Video Made for Melinda Gates". Oprah Magazine. https://www.oprahmag.com/entertainment/a27434548/melinda-gates-moment-of-lift-book-tour-barack-obama/. 
  28. "Melinda Gates draws huge crowd for hometown finale of 'Moment of Lift' tour, with surprise intro". GeekWire. May 10, 2019. https://www.geekwire.com/2019/melinda-gates-draws-huge-crowd-hometown-finale-moment-lift-tour-surprise-intro/. 
  29. "Melinda Gates' 'The Moment of Lift'". ABC News. https://abcnews.go.com/US/book-excerpt-melinda-gates-moment-lift-empowering-women/story?id=62573695. 
  30. "Profile: Bill Gates". BBC News. January 26, 2004. http://news.bbc.co.uk/1/hi/business/3428721.stm. 
  31. Bose, Áine Cain, Debanjali. "Inside the life of Bill Gates' daughter Jennifer, an elite equestrian who stands to inherit 'a minuscule portion' of her father's $110 billion fortune and is engaged to accomplished Egyptian equestrian Nayel Nassar". Business Insider. https://www.businessinsider.com/microsoft-founder-bill-gates-daughter-jennifer-gates-life-2018-1। আহৰণ কৰা হৈছে: April 20, 2020. 
  32. https://www.thestreet.com/lifestyle/bill-gates-house-14711374