মোহন মন্ত্ৰ হৈছে সেই মন্ত্ৰ যাৰ দ্বাৰা কোনো ব্যক্তি বা সম্প্ৰদায়ক মোহিত কৰা হয়। ইয়াৰ জৰিয়তে মানুহৰ মানসিক কাৰ্যকলাপক প্ৰভাৱিত কৰি তাক বশ কৰা হয়। ৰাজ অভিষেকৰ সময়ত ৰজাক মোহন মন্ত্ৰৰ দ্বাৰা মন্ত্ৰমুগ্ধ কৰি পৰ্ণ বৃক্ষৰ পাতেৰে নিৰ্মিত ৰত্ন পিন্ধিবলৈ বাধ্য কৰাইছিল। এইক্ষেত্ৰত যিজন ৰজাৰ আগত গৈছিল, তেওঁ এই কথাত মুগ্ধ আৰু প্ৰভাৱিত হৈছিল। যুদ্ধৰ সময়ত, শত্ৰুৰ সৈন্যৰ ওপৰত মোহন মন্ত্ৰ ব্যৱহাৰ কৰা হৈছিল। ৰণদুন্দুভিৰওপৰত মোহন মন্ত্ৰৰ প্ৰয়োগ কৰা হৈছিল৷ যাৰ বাবে ৰণদুন্দুভিৰ ধ্বনি শুনি থকা বিৰোধী সৈন্যসকল মুগ্ধ আৰু ভয়াতুৰ হৈ উঠিছিল। কোনো বিশেষ ব্যক্তিৰ ওপৰত মোহন মন্ত্ৰ প্ৰয়োগ কৰিবলৈ বশীকৰণ মন্ত্ৰত কৰা ধৰণেৰে প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছিল। মোহন মন্ত্ৰৰ দ্বাৰা সাপকো নিষ্ক্ৰিয় কৰা হয়। [1]

তথ্যসূত্ৰ

সম্পাদনা কৰক