মোৰ দেশ আৰু মোৰ মানুহ হ'ল তিব্বতৰ ধৰ্মীয় আৰু ৰাজনৈতিক মুৰব্বী চতুৰ্দশ দালাই লামা টেনজিং গিয়াত্‍ ছোৰ আত্মজীৱনী My Land and My People (১৯৬২) গ্ৰন্থৰ অসমীয়া অনুবাদ। গ্ৰন্থখনত এজন দালাই লামাৰ জীৱনৰ এচোৱা কালৰ উপৰি তিব্বতৰ ৰাজনৈতিক আৰু ধৰ্মীয় ইতিহাসৰ বৰ্ণনা আছে।

মোৰ দেশ মোৰ মানুহ  
লেখক চতুৰ্দশ দালাই লামা
অনুবাদক ইন্দ্ৰাণী লস্কৰ
প্ৰকাৰ আত্মজীৱনী
প্ৰকাশক লয়াৰ্ছ বুক ষ্টল
প্ৰকাশ ২০১৭
মিডিয়া প্ৰকাৰ মুদ্ৰণ

পৰিচয় সম্পাদনা কৰক

My Land and My People গ্ৰন্থখন প্ৰকাশ পাইছিল ১৯৬২ চনত। এইখনেই আছিল চতুৰ্দশ দালাই লামাৰ প্ৰথম আত্মজীৱনী আৰু প্ৰকাশিত গ্ৰন্থ। বহুতো ভাৰতীয় আৰু ইউৰোপীয় ভাষালৈ অনূদিত হোৱা এই কিতাপখনৰ অসমীয়া অনুবাদ, 'মোৰ দেশ আৰু মোৰ মানুহ' খনেই হ'ল তেওঁৰ দ্বাৰা ৰচিত যিকোনো কিতাপৰ প্ৰথম অসমীয়া ভাষান্তৰ। ২০১৭ চনত কিতাপখন অসমীয়ালৈ অনুবাদ কৰিছে অসম প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া তথা অনুবাদক আৰু লেখক ইন্দ্ৰাণী লস্কৰে।

গ্ৰন্থকাৰৰ পৰিচয় সম্পাদনা কৰক

১৯৩৫ চনৰ ৬ জুলাইত এটা কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰে। তেওঁৰ প্ৰকৃত নাম আছিল লাম' ধন্দুপক। তিব্বতৰ ৰীতি অনুযায়ী তেওঁক মাত্ৰ দুবছৰ বয়সতে চতুৰ্দশ দালাই লামা বুলি চিনাক্ত কৰি স্বীকৃতি দিয়া হৈছিল। সেই সময়ত দালাই লামা সকল আছিল লিতৰ ৰাজনৈতিক আৰু আধ্যাত্মিক মুৰব্বী। পৰম্পৰাগত ৰীতিৰে তেওঁৰ শিক্ষা দীক্ষাও বৌদ্ধ মঠতে হৈছিল। ১৯৪৯-৫০ চনত চীনৰ তিব্বত আক্ৰমণৰ পিছত ১৯৫০ চনত চতুৰ্দশ দালাই লামাই তিব্বতৰ সম্পূৰ্ণ ৰাজনৈতিক দায়িত্ব লব লগা হৈছিল। চীনাসকলৰ সৈতে শান্তি স্থাপনৰ বাবে বহুবাৰ প্ৰচেষ্টা চলায় যদিও সকলো প্ৰচেষ্টা বিফল হোৱাত অৱশেষত ১৯৫৯ চনত চতুৰ্দশ দালাই লামাই তিব্বত ত্যাগ কৰি ভাৰতত নিৰ্বাসন ল'বলৈ বাধ্য হয়। তেতিয়াৰে পৰা তেওঁ হিমাচল প্ৰদেশৰ ধৰ্মশালাত বাস কৰি আছে।

২০১১ চনত গণতান্ত্ৰিকভাবে নিৰ্বাচিত নেতৃত্বৰ পোষকতাৰে তিব্বতৰ ওপৰত দালাই লামাৰ ৩৬৮ বছৰীয়া ৰাজনৈতিক প্ৰভাৱৰ অন্ত পেলাই চতুৰ্দশ দালাই লামাই তিব্বতৰ ৰাজনৈতিক মুৰব্বীৰ দায়িত্বৰ পৰা অব্যাহতি লয়। বিশ্বৰ বহুতে বিশ্ববিদ্যালয় সন্মানীয় ডক্টৰেট ডিগ্ৰী আৰু আন‌ বহুতো সন্মানীয় নাগৰিকত্বৰে সন্মানিত কৰিছে। পুণ্যাত্মা দলাই লামাক ১৯৮৯ চনৰ শান্তিৰ ন'বেল বঁটা, ১৯৫৯ চনৰ ৰমন মেগছেছে বঁটা, ২০০৬ চনৰ আমেৰিকান কংগ্ৰেছৰ গল্ড মেডেল আৰু ২০১২ বৰ্ষৰ টেম্পল'টন বঁটাৰে বিভূষিত হৈছে। তেওঁ 'দ্য মাইও এও লাইফ ইনষ্টিটিউট' নামৰ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠা কৰে। বৈজ্ঞানিক মননশীল দৃষ্টিভংগীৰে আধুনিক জীৱনৰ বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰাই এই প্ৰতিষ্ঠানৰ লক্ষ্য। তেওঁ স্থাপন কৰা 'দালাই লামা ন্যাসে' সাহায্য আৰু বৃত্তিৰ জৰিয়তে বহুতো ব্যক্তি আৰু সংগঠনক বিভিন্ন কল্যাণমুলক কামৰ বাৰে সহায় আগবঢ়াই আহিছে। চতুৰ্দশ দালাই লামাৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হল; Beyond Religion -Ethics for a Whole World (২০১২), The Universe in a Single Atom (২০০৫), Ethics for a New Millennium (১৯৯৯), The Art of Happiness (১৯৯৮), আৰু Freedon in Exile (১৯৯১)। ২০১৬ চনত চতুৰ্দশ দালাই লামাই আৰ্চ বিশ্বপ ডেচমণ্ড টুটুৰ সৈতে যুটীয়াভাৱে The Book of Joy নামৰ গ্ৰন্থখন ৰচনা কৰে।[1]

গ্ৰন্থখনৰ বিষয়বস্তু সম্পাদনা কৰক

কমিউনিষ্ট চীনৰ সামৰিক আৰু ৰাজনৈতিক আগ্ৰাসনৰ কাৰণে নিৰ্বাসনৰ পথ বাছি ল’বলৈ বাধ্য হোৱা এগৰাকী আধ্যাত্মিক আৰু ৰাজনৈতিক নেতাৰ এক মৰ্যাদাশালী আৰু ঐতিহাসিক বিৱৰণী। বৰ্তমানযুগত প্ৰকাশিত হোৱা তেনে বিৱৰণীসমূহৰ ভিতৰত এইখন আটাইতকৈ হৃদয়বিদাৰক বুলি সমালোচকে মন্তব্য কৰিছে। ইয়াত পুণ্যাত্মা তিব্বতৰ চতুৰ্দশ দালাই লামাই তেওঁৰ দুৰ্যোগপূৰ্ণ সংক্ষিপ্ত শাসনকালৰ লগতে চীনাসকলে তিব্বতীয়সকলৰ ওপৰত চলোৱা পৰিকল্পিত হত্যাকাণ্ড আৰু ধ্বংসলীলাৰ ঘটনাৱলীৰ কথা লিখিছে। এগৰাকী সংস্কৃতিৱান আৰু কৰুণাসিক্ত হৃদয়ৰ গৰাকী, চতুৰ্দশ দালাই লামা হ’ল এজন নিষ্ঠাবান সংস্কাৰক। এই গ্ৰন্থত তেওঁ জন্মগ্ৰহণ কৰা তিব্বতৰ অতি সাধাৰণ জীৱন-প্ৰণালী, কেনেকৈ তেওঁক তেওঁৰ আগৰজনৰ অৱতাৰ বুলি আৱিষ্কাৰ কৰা হৈছিল, আৰু কিদৰে তিব্বতৰ পৌৰাণিক নিয়ম অনুসৰি তেওঁক দালাই লামা বুলি ঘোষণা কৰা হৈছিল— আদি ঘটনাবোৰ বৰ্ণনা কৰিছে। চীনৰ আক্ৰমণৰ সময়ত আৰু পিছত আন্তৰ্জাতিক আইনজ্ঞসকলৰ আয়োগে পৰিস্থিতিৰ বিশদ অধ্যয়ন কৰি যিবোৰ কথা উন্মোচন কৰিছিল; তাৰো সবিশেষ এই গ্ৰন্থত প্ৰকাশ পাইছে। 'মোৰ দেশ আৰু মোৰ মানুহ' এক মৰ্মভেদী কাহিনী। তথাপিও এইখন গভীৰভাৱে অনুপ্ৰেৰণামূলক, কাৰণ ইয়াৰ সমগ্ৰ কাহিনীটোত এগৰাকী বৌদ্ধ ভিক্ষুৰ শান্ত-সমাহিত কৰুণাৰ সুৰ বিৰাজমান।[2]

অধ্যায়সমূহ সম্পাদনা কৰক

  1. খেতিয়কৰ ল'ৰাজন
  2. বুদ্ধত্বৰ অন্বেষণ
  3. মনৰ শান্তি
  4. আমাৰ প্ৰতিবেশী চীন
  5. বহিৰাক্ৰমণ
  6. কমিউনিষ্ট চীনত
  7. অৱদমন আৰু ক্ষোভ
  8. ভাৰতলৈ তীৰ্থযাত্ৰা
  9. বিদ্ৰোহ
  10. লাছাত মহাসঙ্কট
  11. পলায়ন
  12. নিৰ্বাসন
  13. বৰ্তমান আৰু ভৱিষ্যত
  14. পৰিশিষ্ট-১ তিব্বতৰ বৌদ্ধ ধৰ্মৰ এক পটভূমি
  15. পৰিশিষ্ট-২ চতুৰ্দশ দালাই লামাই ৰাষ্ট্ৰসংঘলৈ কৰা আৱেদনসমূহ

তদুপৰি আছে ভিন্ন সময়ৰ ৪৫ খন আলোকচিত্ৰ আৰু মানচিত্ৰ।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. লস্কৰ, ইন্দ্ৰাণী. মোৰ দেশ আৰু মোৰ মানুহ (অনুবাদ) (দ্বিতীয় তাঙৰণ সম্পাদনা). প্ৰকাশক গুৱাহাটী: লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. লেখকৰ বিষয়ে (বকলা পৃষ্ঠাৰ তথ্য). ISBN 978-81-7331-364-6. 
  2. লস্কৰ, ইন্দ্ৰাণী. মোৰ দেশ আৰু মোৰ মানুহ (অনুবাদ) (দ্বিতীয় তাঙৰণ সম্পাদনা). প্ৰকাশক গুৱাহাটী: লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. গ্ৰন্থখনৰ বিষয়ে (বকলা পৃষ্ঠাৰ তথ্য). ISBN 978-81-7331-364-6.