মো য়েন
গুৱান ময়ে (ইংৰাজী: Guan Moye; জন্ম: ১৭ ফেব্ৰুৱাৰী, ১৯৫৫), মো য়েন ছদ্মনামেৰে যি বেছিকৈ জনাজাত; এগৰাকী চীনা ঔপন্যাসিক আৰু চুটি গল্প লেখক। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাতৰি আলোচনী টাইমৰ ডনাল্ড মৰিছনে তেওঁক "সকলো চীনা লেখকৰ ভিতৰতে আটাইতকৈ বিখ্যাত, নিষিদ্ধ আৰু বহুলভাৱে পাইৰেটেড" বুলি উল্লেখ কৰিছে,[1] আনহাতে জিম লিচে তেওঁক ফ্ৰাঞ্জ কাফকা বা জোচেফ হেলাৰৰ ‘চীনা উত্তৰসুৰী’ বুলি অভিহিত কৰিছে।[2]
মো য়েন | |
---|---|
২০০৮ চনত মো য়ান | |
জন্ম | গুৱান ময়ে (管谟业) ১৭ ফেব্ৰুৱাৰী, ১৯৫৫ (৬৯ বছৰ) গাওমি, চানডং, চীন |
ছদ্মনাম | মো য়েন |
পেচা | লেখক, শিক্ষক |
ভাষা | চীনা |
ৰাষ্ট্ৰীয়তা | চীনা |
শিক্ষা | সাহিত্য আৰু কলাৰ স্নাতকোত্তৰ – বেইজিং সাধাৰণ বিশ্ববিদ্যালয় (১৯৯১) স্নাতক – পিপ’লচ লিবাৰেচন আৰ্মি আৰ্টচ কলেজ (১৯৮৬) |
সময় | ১৯৮১ৰ পৰা – বৰ্তমানলৈ |
উল্লেখনীয় কৰ্মৰাজি | ৰেড চোৰ্ঘাম ক্লান, দ্য ৰিপাব্লিক অৱ ৱাইন, লাইফ এণ্ড ডেথ আৰ ৱেৰিং মি আউট |
উল্লেখযোগ্য বঁটা | সাহিত্যত ন’বেল বঁটা ২০১২ |
দাম্পত্যসংগী | Du Qinlan (杜勤兰) (১৯৭৯ৰ পৰা বৰ্তমানলৈ) |
সন্তান | গুৱান চ্যাওচ্যাও (Guan Xiaoxiao) (管笑笑) (জন্ম:১৯৮১) |
গুৱান ১৯৮৭ চনত তেওঁৰ উপন্যাস ৰেড চোৰ্ঘাম ক্লানৰ বাবে পশ্চিমীয়া পঢ়ুৱৈসকলৰ মাজত সৰ্বাধিক পৰিচিত, যাৰ ভিতৰত ৰেড চোৰ্ঘাম আৰু চোৰ্ঘাম ৱাইনৰ খণ্ডসমূহ পিছলৈ ৰেড চোৰ্ঘাম চলচ্চিত্ৰৰ বাবে অভিযোজিত কৰা হৈছিল। ২০০৫ চনত, তেওঁ ইটালীত আন্তৰ্জাতিক ননিনো বঁটা লাভ কৰিছিল। ২০১২ চনত, মো য়েনক এজন লেখক হিচাপে তেওঁৰ কামৰ বাবে সাহিত্যৰ নবেল বঁটা প্ৰদান কৰা হৈছিল, "যি বিভ্ৰান্তিকৰ বাস্তৱবাদৰ সৈতে লোককাহিনী, ইতিহাস আৰু সমসাময়িক সাহিত্যক একত্ৰিত কৰে।"
সংক্ষিপ্ত জীৱনী
সম্পাদনা কৰকমো য়েনৰ জন্ম হৈছিল ১৯৫৫ চনত, চানডঙৰ গাওমি কাউণ্টিৰ ডালান টাউনশ্বিপত (যাক তেওঁ তেওঁৰ উপন্যাসত গাওমি কাউণ্টিৰ "নৰ্থইষ্ট টাউনশ্বিপ" হিচাপে কাল্পনিক ৰূপ দিছিল)। তেওঁৰ পৰিয়ালটো উচ্চ-মধ্যবিত্ত কৃষিজীৱী আছিল।[3] সাংস্কৃতিক বিপ্লৱ আৰম্ভ হোৱাৰ সময়ত মোৰ বয়স আছিল ১১ বছৰ, সেই সময়ত তেওঁ পথাৰত কাম কৰিবলৈ বুলি স্কুল এৰিছিল। ১৮ বছৰ বয়সত, তেওঁ এটা কপাহৰ কাৰখানাত কাম আৰম্ভ কৰিছিল। এই সময়ছোৱাত, যি গ্ৰেট লিপ ফৰৱাৰ্ডৰ পৰা সাংস্কৃতিক বিপ্লৱলৈ ক্ৰমান্বয়ে ৰাজনৈতিক প্ৰচাৰৰ সৈতে মিলিত হৈছিল, তেওঁৰ সাহিত্যৰ প্ৰৱেশাধিকাৰ মুখ্যতঃ মাও জেদঙৰ অধীনত সমাজতান্ত্ৰিক বাস্তৱবাদী শৈলীৰ উপন্যাসত সীমাবদ্ধ আছিল, যি মুখ্যতঃ শ্ৰেণী সংগ্ৰাম আৰু সংঘাতৰ বিষয়বস্তুৰ ওপৰত কেন্দ্ৰ কৰি লিখা হৈছিল।[4]
১৯৭৬ চনত সাংস্কৃতিক বিপ্লৱৰ শেষত, মোয়ে পিপলছ লিবাৰেচন আৰ্মী (পি এল এ)ত ভৰ্তি হয়, আৰু তেওঁ সৈনিক হৈ থাকোঁতে লিখিবলৈ আৰম্ভ কৰে। বিপ্লৱৰ পিছৰ এই যুগত যেতিয়া তেওঁ এজন লেখক হিচাপে আত্মপ্ৰকাশ কৰিছিল, চীনা সাহিত্যৰ গীতিমূলক আৰু মহাকাব্যিক ৰচনা, লগতে উইলিয়াম ফ’কনাৰ আৰু গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কুৱেজৰ দৰে বিদেশী লেখকৰ অনুবাদে তেওঁৰ কামত প্ৰভাৱ পেলাইছিল।[5]
১৯৮৪ চনত তেওঁ পি এল এ আলোচনীৰ পৰা সাহিত্য বঁটা লাভ কৰে, আৰু একে বছৰতে ‘পিপলছ লিবাৰেচন আৰ্মি আৰ্টছ কলেজ’ত পঢ়িবলৈ আৰম্ভ কৰে, য’ত তেওঁ প্ৰথমে মো য়েন ছদ্মনাম গ্ৰহণ কৰে।[6] তেওঁ ১৯৮৪ চনত তেওঁৰ প্ৰথম উপন্যাস আ ট্ৰেন্সপাৰেন্ট মূলা প্ৰকাশ কৰে আৰু ১৯৮৬ চনত ৰেড চোৰ্ঘাম মুক্তি দিয়ে আৰু ৰাষ্ট্ৰীয় ভাৱে স্বীকৃত ঔপন্যাসিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।[6] ১৯৯১ চনত তেওঁ ‘বেইজিং নৰ্মাল বিশ্ববিদ্যালয়’ৰ পৰা সাহিত্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Morrison, Donald (14 February 2005). "Holding Up Half The Sky". Time. Archived from the original on 27 June 2013. https://web.archive.org/web/20130627103433/http://www.time.com/time/magazine/article/0,9171,501050221-1027589,00.html.
- ↑ Leach, Jim (Jan–Feb 2011). "The Real Mo Yan". Humanities খণ্ড 32 (1): 11–13. http://www.neh.gov/humanities/2011/januaryfebruary/conversation/the-real-mo-yan.
- ↑ Leung, Laifong (2016) (en ভাষাত). Contemporary Chinese Fiction Writers: Biography, Bibliography, and Critical Assessment. Taylor & Francis Group. পৃষ্ঠা. 197.
- ↑ Anna Sun. "The Diseased Language of Mo Yan", The Kenyon Review, Fall 2012.
- ↑ Laughlin, Charles (17 December 2012). "What Mo Yan's Detractors Get Wrong". The New York Times. http://cn.nytimes.com/article/culture-arts/2012/12/17/c17moyan/en/?pagemode=print.[সংযোগবিহীন উৎস]
- ↑ 6.0 6.1 Williford, James (Jan–Feb 2011). "Mo Yan 101". Humanities খণ্ড 32 (1): 10. http://www.neh.gov/humanities/2011/januaryfebruary/feature/mo-yan-101.