মৌ (মাহিলি কাকত)

(মৌ (আলোচনী)ৰ পৰা পুনঃনিৰ্দেশিত)


মৌ (মাহিলি কাকত)(ইংৰাজী: The Bee) ১৮৮৬ চনৰ ডিচেম্বৰ মাহত হৰনাৰায়ণ বৰাৰ সম্পাদনাত কলিকতাৰপৰা প্ৰকাশ পোৱা এখন মাহিলি কাকত। চাৰিটা সংখ্যা প্ৰকাশ হৈ ১৮৮৭ খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত ‘মৌ’ৰ প্ৰকাশ বন্ধ হয়। মৌ বৰ বেছিদিন জীয়াই থাকিব নোৱাৰিলে যদিও ই অসমীয়া আলোচনীৰ ইতিহাসত এক বিশেষ স্থান অধিকাৰ কৰি আছে। চাৰিটা সংখ্যা প্ৰকাশ হোৱাৰ হোৱাৰ পাছতে কলিকতাবাসী এচাম অসমীয়া ছাত্ৰৰ বিৰোধিতাৰ বাবে 'মৌ'ৰ প্ৰকাশ বন্ধ কৰি দিব লগাত পৰে। হৰনাৰায়ণ বৰা কাকতখনৰ সম্পাদক নামতহে আছিল, অৰ্থ সাহায্যৰ পৰা আৰম্ভ কৰি সকলো দায়িত্ব ককায়েক বলিনাৰায়ণ বৰাইবহন কৰিছিল।[1]আন কথাত হৰিনাৰায়ণ বৰা উঠি সম্পাদক আৰু বলিনাৰায়ণ বৰা বহি সম্পাদক আছিল।[2]

মৌ
সম্পাদক হৰনাৰায়ণ বৰা
প্ৰকাশনৰ হাৰ মাহেকীয়া
প্ৰকাশক বলিনাৰায়ণ বৰা
দেশ ভাৰত
ভাষা অসমীয়া


লক্ষ্য আৰু উদ্দেশ্য সম্পাদনা কৰক

'মৌ'ৰ প্ৰকাশৰ উদ্দেশ্য আছিল অসমীয়া সমাজৰ বিভিন্ন বিষয়, যেনে - সামাজিক, ৰাজনৈতিক, শিক্ষা আদি বিষয়বোৰৰ এক আলোচনা আগবঢ়োৱা। 'মৌ'ৰ জন্মৰ উদ্দেশ্যই আছিল অসমৰ সমাজ জীৱনক এক নতুন ৰূপত চোৱাৰ। সমাজ সংস্কাৰকামী চিন্তা আৰু সমস্যাসমূহৰ এক যথোপযুক্ত সমাধানৰ বাবে মৌৱে চিন্তা কৰিছিল। 'মৌ'ৰ প্ৰধান বৈশিষ্ট্য আছিল নিৰ্ভীক আৰু স্পষ্টবাদিতা। কাকতখনে নিৰ্ভীকভাৱে মতামত আগবঢ়োৱাৰ প্ৰয়াস কৰা দেখা যায়।[3]

নাৰীশিক্ষাৰ প্ৰতি 'মৌ'ৰ ভূমিকা সম্পাদনা কৰক

'মৌ' আলোচনীয়ে নাৰী শিক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছিল। সেই সময়ত অসমৰ নাৰী শিক্ষা আৰু স্বাধীনতাৰ প্ৰসংগত অসমৰ বৌদ্ধিক সমাজত বিশেষ স্থিতি দেখিবলৈ পোৱা নাযায়। আনহাতে মৌৰ প্ৰকাশৰ সময়ত অসমৰ নাৰীৰ বাবে এটা মুক্ত পৰিবেশৰ সূচনা প্ৰায় হৈছিল। 'তিৰোতাৰ বন কি' নামৰ প্ৰবন্ধত নাৰীৰ কৰিবলগীয়া কাম আৰু নাৰীৰ স্বাধীনতা প্ৰসংগ আলোচনা কৰিছে। প্ৰণৱ প্ৰসাদ বৰাৰ মতে "'মৌ'ৱে নাৰী শিক্ষাৰ পোষকতা কৰিছিল সঁচা, কিন্তু সেই শিক্ষা সমাজৰ সকলো শ্ৰেণীৰ নাৰীৰ বাবে নাছিল .... উচ্চ শ্ৰেণীৰ নাৰীৰ বাবেহে আছিল।"[4]

আলোচনীখনৰ লগত জড়িত লোক সম্পাদনা কৰক

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. শৰ্মা, ড॰ সত্যেন্দ্ৰ নাথ (১৯৮০). "পাতনি". মৌ খণ্ড (১): ২. 
  2. তালুকদাৰ, নন্দ (১৯৭৫). সংবাদ পত্ৰৰ ৰ'দ কাঁচলীত অসমীয়া সাহিত্য. প্ৰকাশক গুৱাহাটী: বৰুৱা এজেন্সী. পৃষ্ঠা. ৭. 
  3. প্ৰণৱ প্ৰসাদ বৰা (জানুৱাৰী ২০১৫). "'মৌৰ আলোকত ঊণবিংশ শতিকাৰ অসমীয়া সমাজ জীৱন". দগো ৰাংছাং খণ্ড (২): ২১৯. 
  4. প্ৰণৱ প্ৰসাদ বৰা (জানুৱাৰী ২০১৫). "'মৌ'ৰ আলোকত ঊণবিংশ শতিকাৰ অসমীয়া সমাজ জীৱন". দগো ৰাংছাং খণ্ড (২): ২২১.